ETV Bharat / state

বুলড’জাৰ চলাই অসম চৰকাৰে ভৰিলে ৩০ লাখ টকা, সেই বিতৰ্কিত কাণ্ডৰ এক অৱলোকন - Batadrava Police Station fire case

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 4:43 PM IST

Updated : May 23, 2024, 5:08 PM IST

Batadrava Police Station fire: আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যু, থানা জ্বলোৱাৰ অভিযোগত অভিযুক্তৰ বাসগৃহত আৰক্ষীৰ বুলড'জাৰ । পুনৰ চৰ্চালৈ আহিছে ৰাজ্য কপোৱা বটদ্ৰৱাকাণ্ড । কিন্তু কিয় ?

Batadrava Police Station fire
বটদ্ৰৱা কাণ্ড: উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ (ETV Bharat)

নগাঁও,২৩ মে': পুনৰ চৰ্চালৈ ২০২২ চনৰ ৰাজ্য কপোৱা বটদ্ৰৱা কাণ্ড । কাৰণ বটদ্ৰৱা থানা জ্বলোৱাৰ অভিযোগত একাংশ অভিযুক্তৰ বাসগৃহত বুলড'জাৰ চলোৱা টীম লীনা দলেৰ বাবে ক্ষতিপূৰণৰ সন্মুখীন হ'ল অসম চৰকাৰ ! কিন্তু চৰকাৰে দিয়া ক্ষতিপূৰণে কিমান সকাহ দিব ভুক্তভোগী পৰিয়ালক ? আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা মৎস্য ব্যৱসায়ী ছফিকুল ইছলামৰ সন্তানৰ শিক্ষাৰ দায়িত্ব কোনে ল'ব ? প্ৰকৃততে বটদ্ৰৱাত হৈছিল কি, যাৰ বাবে চৰকাৰে ভৰিবলগীয়া হ'ল ৩০ লাখ টকাৰ জৰিমনা । ছফিকুল ইছলাম নামৰ এগৰাকী মৎস্য ব্যৱসায়ীৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই সংঘটিত হৈছিল সমগ্ৰ ঘটনাটো ।

বটদ্ৰৱা কাণ্ড: উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ (ETV Bharat)

কেনেকৈ মৃত্যু হৈছিল ছফিকুলৰ-

ঘটনা ২০২২ চনৰ ২১ মে'ৰ । অৰ্থাৎ আজিৰ পৰা ২ বছৰ পূৰ্বে সেই সময়ৰ বটদ্ৰৱা আৰক্ষীয়ে আটক কৰিছিল বটদ্ৰৱাৰ ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন মৎস্য ব্যৱসায়ীক । ২০ মে'ৰ নিশা ছফিকুল ইছলামৰ পৰিয়ালক আৰক্ষীয়ে অৱগত কৰিছিল তেওঁ আটক কৰাৰ কথা । পিছদিনা অৰ্থাৎ ২১ মে'ৰ দিনা পৰিয়ালৰ লোকক সেই সময়ৰ বটদ্ৰৱা আৰক্ষীয়ে ছফিকুলক মোকলাই দিয়াৰ নামত এটা হাঁহ আৰু নগদ ধন বিচৰাৰ অভিযোগ উত্থাপন হৈছিল । কিন্তু কিছু সময় পাছতেই হঠাৎ আৰক্ষীৰ জিম্মাত থকা ছফিকুল ইছলামৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে । তাৰ পাছতেই বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত হৈছিল লংকাকাণ্ড ।

কেনেকৈ জ্বলিছিল আৰক্ষী থানা -

আৰক্ষীৰ জিম্মাত ছালনাবড়িৰ ছফিকুল ইছলামৰ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতেই বটদ্ৰৱা আৰক্ষী থানাত ছফিকুলৰ মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল পৰিয়ালৰ লোকে । মুহূৰ্তৰ ভিতৰতে আৰক্ষী থানাত সমবেত হৈছিল শ শ লোক । আৰক্ষীৰ বিৰুদ্ধে ছফিকুলৰ পৰিয়ালৰ লগতে স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে পৰিৱেশ হঠাৎ উত্তেজনাপূৰ্ণ হৈছিল ।

প্ৰথমে আৰক্ষী থানাত আৰম্ভ হৈছিল উত্তেজিত লোকৰ আক্ৰমণ । কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছিল আৰক্ষী । এটা সময়ত উত্তেজিত লোকে আৰক্ষী থানাত অগ্নিসংযোগ কৰিছিল । পেট্ৰ'ল ঢালি অগ্নিসংযোগ কৰাত কিছু সময়ৰ ভিতৰতে জ্বলি ছাৰখাৰ হৈছিল আৰক্ষী থানাৰ সকলো সামগ্ৰী । আনকি আৰক্ষীৰ অস্ত্ৰ ভাণ্ডাৰো জ্বলি ছাৰখাৰ হৈছিল ।

বুলড'জাৰেৰে কাৰ নিৰ্দেশত কোনে লৈছিল প্ৰতিশোধ :

২১ মে'ত একাংশ উত্তেজিত লোকে জ্বলাই দিয়া আৰক্ষী থানা ৰক্ষণাবেক্ষণ দিব নোৱাৰা সেই সময়ৰ বটদ্ৰৱা তথা নগাঁও আৰক্ষীয়ে প্ৰতিশোধ ল'বলৈয়ে গ্ৰহণ কৰিছিল বুলড'জাৰ নীতি ! আৰক্ষী থানাত অগ্নিসংযোগ কৰাৰ খবৰ লাভ কৰিয়েই বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈছিল সেই সময়ৰ নগাঁও আৰক্ষী অধীক্ষক লীনা দলে । আৰক্ষী থানাত অগ্নিসংযোগ কৰাৰ অভিযোগত নিশাই অভিযুক্তৰ বাসগৃহত বুলড'জাৰ চলাই অমানৱীয়ভাৱে সম্পূৰ্ণৰূপে উচ্ছেদ কৰিছিল অভিযুক্তৰ বাসগৃহ । আনকি অভিযুক্তৰ সন্তানৰ কিতাপ, গুৰুত্বপূৰ্ণ নথি পত্ৰও বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছিল টীম লীনা দলেৰ বিৰুদ্ধে ।

আৰক্ষী থানা জ্বলোৱাৰ পাছত আৰক্ষী থানাত উপস্থিত হৈ সেই সময়ৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আৰক্ষী থানা জ্বলোৱা ঘটনাত বাংলাদেশী উগ্ৰপন্থী জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছিল । সমগ্ৰ ছালনাবড়ি গাঁৱত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছিল । অভিযুক্তসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পৰ্বও আৰম্ভ কৰিছিল । কোনোৱে যদি পলায়ন কৰিছিল, আন কোনোবা আকৌ আৰক্ষীৰ জালত পৰিছিল । অভিযুক্তৰ সন্তানে হাহাকাৰ পৰিৱেশৰ সন্মুখীন হৈছিল । সেই সময়ত আৰক্ষীৰ ভয়ত গৃহহীন সন্তানক কোনেও দিব বিচৰা নাছিল আশ্ৰয় । সেই সময়ৰ অবৰ্ণনীয় যন্ত্ৰণাৰ কথা উল্লেখ কৰি আজিও উচুপি উঠে ছফিকুলৰ আত্মীয় ।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চৰকাৰে ভৰিলে ক্ষতিপূৰণ :

আৰক্ষী থানা জ্বলোৱাৰ অভিযোগত অভিযুক্তৰ বাসগৃহত বুলড'জাৰ চলাই উচ্ছেদ কৰা কাৰ্যৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জোনাইদ খলিফে আদালতত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল । অধিবক্তা জোনাইদ খলিফৰ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অৱশেষত উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বাধ্য হ'ল অসম চৰকাৰ ।

প্ৰতিটো পকীঘৰৰ বিপৰীতে ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ বিপৰীতে কেঁচা ঘৰৰ বাবদ আঢ়ৈ লাখ টকাৰ ক্ষতিপূৰণ দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে । উচ্ছেদ কৰা আটাইকেইটা পৰিয়ালক মুঠ ৩০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে আগন্তুক ৩ সপ্তাহৰ ভিতৰত অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতিবেদনো উচ্চ ন্যায়ালয়ত দাখিল কৰিব বুলিও জনায় অধিবক্তা জোনাইদ খলিফে ।

ইপিনে বিগত দুটা বছৰে উপার্জনবিহীন হৈ পৰা ছফিকুল ইছলামৰ পৰিয়ালৰ লগতে আত্মীয়ই চৰকাৰৰ পৰা লাভ কৰা ধন পৰ্যাপ্ত নহয় বুলি দাবী কৰিছে । আনহাতে বাসগৃহ উচ্ছেদৰ সময়ত আৰক্ষীয়ে সমগ্ৰ নথি ধ্বংস কৰাত কিছু নথিৰ অভাৱত এই পৰ্যন্ত চৰকাৰে দিয়া ধন লাভ নকৰাৰো অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকসকলে । পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হোৱা চৰকাৰে অভিযুক্ত টীম লীনা দলেৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ! উল্লেখ্য যে, পৰৱৰ্তী সময়ত বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱাৰ অভিযোগত আশ্বিকুল ইছলাম নামৰ আন এজন অভিযুক্তৰো মৃত্যু হৈছিল আৰক্ষীৰ জিম্মাত ।

লগতে পঢ়ক :বটদ্ৰৱা কাণ্ড: ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ প্ৰদান ৰাজ্য চৰকাৰৰ, আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ন্যায়ালয়ৰ - Batadraba Police Station Attack
Last Updated : May 23, 2024, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.