ETV Bharat / state

বটদ্ৰৱা কাণ্ড: ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ প্ৰদান ৰাজ্য চৰকাৰৰ, আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ন্যায়ালয়ৰ - Batadraba police station attack

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:57 PM IST

Batadrava incident: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বটদ্ৰৱাত চলোৱা উচ্ছেদত ক্ষতিগ্ৰস্তসকললৈ ক্ষতিপূৰণ প্ৰদান ৰাজ্য চৰকাৰৰ ৷ কেঁচা ঘৰৰ বাবে 2.5 লাখ টকা আৰু পকী ঘৰৰ বাবে 12 লাখ টকাকৈ দিয়াৰ তথ্য আদালতত দাখিল কৰে ৰাজ্য চৰকাৰে ।

Assam govt gave compansation
বটদ্ৰৱা কাণ্ড: ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ প্ৰদান ৰাজ্য চৰকাৰৰ, আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ন্যায়ালয়ৰ (Etv bharat assam)

গুৱাহাটী, 22 মে’: ৰাজ্যজুৰি জোকাৰণি তোলা বট্টদ্ৰৱা কাণ্ডত নগাঁও আৰক্ষীয়ে বাসগৃহ উচ্ছেদ কৰা প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বাধ্য হ’ল অসম চৰকাৰ । ন্যায়ালয়ৰ নিৰ্দেশত বটদ্ৰৱাত চলোৱা উচ্ছেদত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ প্ৰদান কৰিলে ৰাজ্য চৰকাৰে ৷ বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ সন্দৰ্ভত হোৱা শুনানিত উচ্ছেদৰ বলি হোৱা পৰিয়ালক ক্ষতিপূৰণৰ ধন আদায় দিয়াৰ তথ্য অসম চৰকাৰে দাখিল কৰিলে বুলি ETV Bharat ক জনায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জোনেইদ খলিফে ৷

ক্ষতিপূৰণৰ পৰিমাণ:

ক্ষতিগ্ৰস্ত 7 টা পৰিয়ালক কাক কিমান ক্ষতিপূৰণ প্ৰদান কৰিলে সেই তথ্য আজি দাখিল কৰা হয় আদালতত । ইয়াৰে এজন ক্ষতিগ্ৰস্ত ব্যক্তিক সঠিক নথি-পত্ৰ নথকাৰ বাবে ক্ষতিপূৰণ দিব পৰা নাই চৰকাৰে । সেই অনুসৰি কেঁচা ঘৰৰ বাবে 2.5 লাখ টকা আৰু পকী ঘৰৰ বাবে 12 লাখ টকাকৈ দিয়াৰ তথ্য আদালতত দাখিল কৰে ৰাজ্য চৰকাৰে ।

আনহাতে ইতিপূৰ্বে ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই ঘটনাত দোষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও নিৰ্দেশ প্ৰদান কৰিছে । এই বিষয়ত তদন্ত কৰিছে যদিও চৰকাৰে বৰ্তমানলৈ দোষী বিষয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । ন্যায়ালয়ে শুনানিত উচ্ছেদ আৰু ৰফিকুলৰ মৃত্যৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হৈছে জানিব বিচৰাত চৰকাৰৰ আবেদন মৰ্মে আদালতে তিনি সপ্তাহৰ সময় প্ৰদান কৰে চৰকাৰক ।

উল্লেখযোগ্য যে, বটদ্ৰৱা কাণ্ডৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে 3/2022 নং আবেদনখন গ্ৰহণ কৰিছিল । সমগ্ৰ ৰাজ্য জোকাৰি যোৱা ঘটনাটোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জোনেইদ খলিফে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনখনৰ ভিত্তিত নিজাববীয়া গোচৰ গ্ৰহণ কৰিছিল ।

প্ৰকৃততে কি হৈছিল:

2022 চনৰ মে’ মাহত নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত হৈছিল ৰাজ্য কপোৱা এই ঘটনা ৷ একাংশ লোকে বটদ্ৰৱা আৰক্ষী থানাখন জ্বলাই দিয়াৰ লগতে অভিযুক্তৰ বাসগৃহত আৰক্ষীৰ দ্বাৰা বুলড’জাৰ চলাই উচ্ছেদ কৰা ঘটনা সংঘটিত হৈছিল । নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাত আৰক্ষীৰ জিম্মাতে মৃত্যু হৈছিল শালনাবড়িৰ ছফিকুল ইছলাম নামৰ ঘটনা সন্দৰ্ভত অভিযুক্ত এজন ব্যক্তিৰ ।

ছফিকুল ইছলামৰ মৃত্যুৰ পিছত একাংশ লোকে বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি অগ্নিসংযোগ কৰিছিল থানাখনত । পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীয়ে ছফিকুল ইছলামৰ লগতে আন কেইবাজনৰো ঘৰত বুলড’জাৰ চলাই কেবাটাও বাসগৃহ উচ্ছেদ কৰিছিল । সমগ্ৰ ৰাজ্য জোকাৰি যোৱা ঘটনাটোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা জোনেইদ খলিফে উল্লিখিত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল ।

আনহাতে আজি লগতে একেটা শুনানিতে একেটা প্ৰসংগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে WPC 239/24 ৰিট আবেদনৰ ভিত্তিত মৃত ছফিকুলৰ পত্নী ৰচিদা খাতুনে ক্ষতিপূৰণ দাবী কৰাৰ সমান্তৰালভাবে শপতনামা দাখিল কৰে ৰাজ্য চৰকাৰে । উল্লেখযোগ্য যে, ৰচিদা খাতুনে তেওঁৰ স্বামীৰ আৰক্ষীৰ জিম্মাত মৃত্যুক লৈ এখন এজাহাৰ দাখিল কৰিছিল আহোম গাঁও আউট পোষ্টত । কিন্তু আহোম গাঁও আউট পোষ্টৰ বিপৰীতে ধিং থানালৈ পঠিওৱা হয় ৰছিদাক । আকৌ ধিং থানাই ৰছিদাক বটদ্ৰৱা থানালৈ পঠিয়ায় । ৰহস্যজনকভাবে এই এজাহাৰৰ ভিত্তিত আজি পৰ্যন্ত ৰুজু নহ’ল গোচৰ । এই প্ৰসংগতো উত্তৰ দিবলৈ ন্যায়ালয়ে 3 সপ্তাহৰ সময় বান্ধি দিয়ে চৰকাৰক ।

লগতে পঢ়ক: Guwahati HC Verdict: বটদ্ৰবাকাণ্ড সন্দৰ্ভত আদালততত ভুল স্বীকাৰ আৰক্ষী-চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.