ETV Bharat / state

Guwahati HC Verdict: বটদ্ৰবাকাণ্ড সন্দৰ্ভত আদালততত ভুল স্বীকাৰ আৰক্ষী-চৰকাৰৰ

author img

By

Published : Jan 4, 2023, 7:56 PM IST

GHC
GHC

বটদ্ৰৱাকাণ্ডক লৈ শ'লঠেকত অসম চৰকাৰ (Guwahati high court on Batadrava eviction) । অসম আৰক্ষীৰ বুলড'জাৰ অপসংস্কৃতিত ক্ষুণ্ণ গুৱাহাটী উচ্চ ন্যায়ালয় । যাৰ বাবে এতিয়া অভিযুক্তৰ ঘৰত বুলড'জাৰ চলোৱাৰ নিৰ্দেশ দিয়া বিষয়াক শাস্তি দিবলৈ সাজু হৈছে অসম চৰকাৰ ।

গুৱাহাটী, ৪ জানুৱাৰী : অসম আৰক্ষীৰ বুলড'জাৰ অপসংস্কৃতিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয় ক্ষুণ্ণ হৈ পৰাত অৱশেষত অভিযুক্তৰ ঘৰত বুলড'জাৰ চলোৱাৰ নিৰ্দেশ দিয়া বিষয়াক শাস্তি দিবলৈ সাজু হৈছে অসম চৰকাৰ (Guwahati high court on Batadrava eviction) । আনকি প্রশাসনে বুলড'জাৰেৰে ঘৰ ভাঙি দিয়া ভুক্তভোগীক এতিয়া ক্ষতিপূৰণো দিব লাগিব ৰাজ্য চৰকাৰে ।

ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিব অসম চৰকাৰে
ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিব অসম চৰকাৰে

বহু বিতর্কিত বটদ্ৰৱাকাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ৰুজু কৰা এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ যোৱা মঙলবাৰৰ শুনানিত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই দিছপুৰৰ এই সিদ্ধান্ত ন্যায়ালয়ক অৱগত কৰিছে । আনকি বটদ্ৰৱাকাণ্ডৰ অভিযুক্তৰ বাসগৃহ বুলড'জাৰেৰে ভাঙি পেলোৱাৰ (eviction on Batadrava incident accused house) বাবে নিৰ্দেশ দিয়া বিষয়াৰ বিৰুদ্ধে মুখ্য সচিবে গঠন কৰা কমিটীয়ে তদন্ত কৰি দোষী সাব্যস্ত কৰা বিষয়াৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ।

উল্লেখ্য, বিগত বৰ্ষৰ ২১ মে’ত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰা চফিকুল আলী নামৰ এজন লোকৰ থানাতে মৃত্যু হৈছিল (Batadrava police station fire case) । পেছাত মাছ ব্যৱসায়ী চফিকুল আলীৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়াল তথা স্থানীয় একাংশ লোকে বটদ্ৰৱা থানা ঘেৰাও কৰাৰ লগতে উত্তেজিত লোকে থানাখনত অগ্নিসংযোগ কৰি জ্বলাই দিছিল ।

বটদ্ৰৱা কাণ্ডত ক্ষুণ্ণ গুৱাহাটী উচ্চন্যায়ালয়
বটদ্ৰৱা কাণ্ডত ক্ষুণ্ণ গুৱাহাটী উচ্চন্যায়ালয়

এই ঘটনাৰ পাচদিনাই অর্থাৎ ২২ মে'ৰ পুৱাতে নগাঁও আৰক্ষী-প্রশাসনে থানা জ্বলোৱা কার্যত অভিযুক্ত শালনাবাৰীৰ ইমান আলী আৰু মজিবুৰ ৰহমানৰ বাসগৃহত কোনো কাৰণ নোহোৱাকৈ বুলড’জাৰ লগাই উচ্ছেদ কৰে । আশ্ৰয়ৰ শেষ সম্বল ঘৰটোকো আৰক্ষী-প্রশাসনে বুলড’জাৰেৰে ভাঙি পেলোৱাত ইমান আৰু মজিবুৰৰ কণকণ সন্তানকেইটাৰ আলাই-আথানিয়ে নধৰা হৈ পৰে । সেই সময়ত অভিযুক্তদ্বয়ৰ ঘৰ বুলড’জাৰেৰে ভাঙি পেলোৱা সমগ্ৰ কাৰ্যটোক সন্মুখৰ পৰা নেতৃত্ব দিছিল অসম আৰক্ষীৰ আইন-শৃংখলাৰ বিশেষ সঞ্চালকপ্রধান জি পি সিঙে (Assam Police special DGP GP Singh) ৷

আনকি জি পি সিঙে সংবাদ মাধ্যমৰ আগত অভিযুক্তৰ বাসগৃহৰ ভূমিৰ নথি-পত্ৰ ভুৱা আৰু বাসগৃহত বেআইনী কার্যকলাপ চলাৰ বাবেই জিলা প্রশাসনক অভিযোগ দি বুলড’জাৰেৰে ঘৰ উচ্ছেদ কৰাৰ সিদ্ধান্ত লোৱা বুলিও দাবী কৰিছিল । অসম আৰক্ষীয়ে আইনবিৰুদ্ধভাৱে নিজ ইচ্ছাত অভিযুক্তৰ বাসগৃহত বুলড'জাৰ চলোৱাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাবাবীয়াকৈ ৩/2022 নম্বৰত এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰে (Guwahati High Court slammed Batadrava eviction) ।

ইতিপূৰ্বে বটদ্ৰৱাকাণ্ডৰ উক্ত গোচৰটোৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিচাৰপীঠে বুলড'জাৰেৰে ঘৰভঙা কাৰ্য আৰক্ষীৰ অভিযান নে গেং ৱাৰ বুলিও প্রশ্ন কৰি ককৰ্থনা কৰিছিল ৷ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই আৰক্ষীৰ কাৰ্যক ধিক্কাৰ দি বলিউডৰ পৰিচালক ৰোহিত শেট্টীৰ হিন্দী চিনেমাতহে বুলড’জাৰেৰে আৰক্ষীয়ে ঘৰ ভাঙি দিয়া দৃশ্য সম্ভৱ বুলিও অসম আৰক্ষী তথা গৃহ বিভাগক কটাক্ষ কৰিছিল । আৰক্ষীৰ তদন্তৰ নামত নীতিবহির্ভূতভাৱে অভিযুক্ত তথা নাগৰিকৰ ঘৰত বুলড'জাৰ চলোৱাৰ কোনো নিয়ম ফৌজদাৰী আইনত নাই বুলি স্পষ্ট কৰি দি ন্যায়ালয়ে কি আইনৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ ঘৰ বুলড'জাৰেৰে ভাঙি পেলোৱাৰ অধিকাৰ পালে বুলিও প্রশ্ন কৰিছিল ।

আনকি অভিযুক্তৰ ঘৰ বুলড’জাৰেৰে ভাঙি পেলোৱা কাৰ্য সন্দৰ্ভত গৃহ বিভাগক স্থিতি স্পষ্ট কৰাৰ বাবে পূৰ্বৰ শুনানিত নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে । ন্যায়ালয়ৰ এই কঠোৰ স্থিতিৰ পাছতেই মঙলবাৰে বটদ্ৰৱা কাণ্ডৰ গোচৰটোৰ শুনানিত ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তাই ১৫ দিনৰ ভিতৰত মুখ্য সচিবে গঠন কৰা কমিটীয়ে বিষয়টোৰ তদন্ত কৰি যদিহে কোনো বিষয়াক দোষী পায়, তেনে বিষয়াৰ বিৰুদ্ধে প্রয়োজনীয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে । ন্যায়ালয়ে চৰকাৰৰ এই স্থিতিত আশ্বস্ত হোৱাৰ লগতে চৰকাৰী বিষয়াৰ ভুল নিৰ্দেশৰ বাবে ভুক্তভোগী হোৱাসকলক ক্ষতিপূৰণ দিয়াৰো আশা ব্যক্ত কৰে ।

লগতে পঢ়ক :Mission Basundhara: বাংলাদেশীক সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীৰ: উপমন্যু হাজৰিকাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.