গুৱাহাটী 4 ডিচেম্বৰ ‘‘মিছন বসুন্ধৰাৰ জড়িয়তে অতি কৌশলেৰে বাংলাদেশী আৰু বেদখলকাৰীসকলক ১৪ লাখ বিঘা পিজিআৰ ভিজিআৰ মাটিত সংস্থাপন দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ কৰিছে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰবজ্ৰন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজিৰকাই Upamanyu Hazarika on Mission Basundhara ৷ গুৱাহাটীত বুধবাৰে অনুষ্ঠিত এখন সংবাদমেলত প্ৰবজ্ৰন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজিৰকাই অভিযোগ কৰি কয়‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এফালে উচ্ছেদৰ নাটক ৰচি আমছু এ আই ইউ ডি এফ আজমল আৰু কংগ্ৰেছৰ হতুৱাই প্ৰতিবাদ কৰোৱাইছে ৷ আনফালে পিজিআৰ ভিজিআৰ মাটি আৱণ্টন দি এন আৰ চি অসম চুক্তিৰ ৬ নং দফা খিলঞ্জীয়াৰ সংৰক্ষণ ভূমি অধিকাৰক নস্যাৎ কৰাৰ ষড়যন্ত্ৰ কৰি আছে ৷তেওঁ লগতে কয় দেখাই শুনাই মিছন বসুন্ধৰা সম্পূর্ণ শলাগ লবলগীয়া আঁচনি ৷ কিন্তু ইয়াৰ আঁৰত থকা মূল লক্ষ্য যোৱা ৭৫ বছৰে চলি অহা খিলঞ্জীয়াৰ সুৰক্ষা অভিযানক নস্যাৎ কৰি অবৈধ বাংলাদেশীক সংস্থাপন দিয়া Mission Basundhara by Assam govt। মিছন বসুন্ধৰাৰ জৰিয়তে পিজিআৰ আৰু ভিজিআৰ ভূমিত বসতি কৰা বেদখলকাৰীক ৯০ বিদেশী ভূমি পট্টা দি পুৰষ্কৃত কৰাৰ আঁচনি কাৰ্যকৰী কৰিছে । ১১ নবেম্বৰ ২০২২ চনৰ অধিসূচনাৰ জৰিয়তে আঁচনিৰ বিস্তৃত বিৱৰণীত প্ৰয়োজনীয় নথিপত্ৰৰ কথা উল্লেখ কৰিছে । পৰিচয় প্ৰমাণৰ বাবে কেৱল মাত্ৰ আধাৰ কাৰ্ড পান কার্ড অথবা ড্ৰাইভিং লাইচেন্স বিচৰা হৈছে । আৱণ্টনৰ যোগ্যতাৰ বাবে চৰকাৰী নথি যেনে শৰণাৰ্থীৰ প্ৰমান পত্ৰ বেদখলকাৰীৰ জৰিমনা ৰছিদ তৌজি পট্টা আদি Mission Basundhara controversy।উপমন্যু হাজৰিকাই আৰু কয় যে আঁচনিৰ ভিত্তি বৰ্ষ হ ব ২০১১ চন । যি নথি ১৯৭১ চনৰ এন আৰ চিত নাম ভৰ্তিৰ কাৰণেও যথেষ্ট নাছিল ৷ এতিয়া তেনে নথি জমা কৰি ২০১১ চনলৈ অহা বিদেশীয়েও ভূমিৰ পট্টা লাভ কৰাৰ জৰিয়তে নাগৰিকত্বৰ প্ৰমাণ পত্ৰ পাব পাৰিব । যদিও অসম চুক্তিৰ দ্বাৰা নাগৰিকত্ব প্ৰদান কৰাৰ ভিত্তি বৰ্ষ ১৯৭১ হ ল ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমে ২৩ বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা লোৱাৰ বাবদ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত ক্ষতিপূৰণ হিচাপে সেই একেই অসম চুক্তিৰ ৬ নং দফা অনুসৰি খিলঞ্জীয়াক সংৰক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি লিপিবদ্ধ আছে ।২০২০ চনত ৬ নং দফা কমিটীৰ প্ৰতিবেদনত তাৰো পূৰ্বে ২০১৫ চনতে উপমন্যু হাজৰিকা আয়োগে উচ্চতম ন্যায়ালয়ত প্ৰদান কৰা প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰিছে যে খিলঞ্জীয়াৰ বাবে ভূমি চাকৰি বাণিজ্য উচ্চ শিক্ষা ইত্যাদিৰ সংৰক্ষণৰ ভিত্তি বৰ্ষ ১৯৫১ চন হ ব লাগে । উল্লেখযোগ্য যে স্বয়ং হিমন্ত বিশ্ব শৰ্মাই ডিচেম্বৰ ২০১৯ ত অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে ৬ নং দফা কমিটীৰ প্ৰতিবেদন কোনো দাৰিকমা সলনি নকৰাকৈ কাৰ্যকৰী কৰিব । এতিয়া মিছন বসুন্ধৰাই খিলঞ্জীয়াৰ সংৰক্ষণ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰে প্ৰতিশ্ৰুতি দুয়োটাকে ভিত্তিহীন আৰু গুৰুত্বহীন কৰিব ।লগতে মিছন বসুন্ধৰা আঁচনিৰ গুৰু দায়িত্ব দিয়া অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া নজৰুল ইছলামকলৈ চৰকাৰী সূত্ৰ আচৰিত হৈছে বুলি তেওঁ কয় ৷ কিয়নো ইছলাম ডাঙৰীয়াতকৈ ৰাজহৰ ক্ষেত্ৰত অধিক অভিজ্ঞতা থকা বহুতো প্ৰসিদ্ধ বিশেষজ্ঞ থকা সত্বেও কেৱল মাত্ৰ নজৰুল ইছলামক এই দায়িত্ব কিয় দিলে সেইটোও ৰহস্যৰ অধীন বুলি উল্লেখ কৰে হাজৰিকাই । মুঠতে এই আঁচনি ৰূপায়ন কৰি বাংলাদেশীক উপকৃত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি চতুৰতাৰে কৌশল ৰচিছে বুলি উপমন্যু হাজৰিকাই পুনৰ দোহাৰে ৷লগতে পঢ়ক Mission Basundhara 20 মিছন বসুন্ধৰা২0ত ব্যাপক বিসংগতিৰ অভিযোগ জনজাতীয় সংগঠনৰ২০১৮ চনত এই একে চৰকাৰে গঠন কৰা ব্ৰহ্ম কমিটীৰ প্ৰতিবেদনত অসমত মুঠ ৭২৮ লাখ পিজিআৰ আৰু ৬৩৮ লাখ ভিজিআৰ ভূমি আছে বুলি উল্লেখ কৰা হৈছিল । ইয়াৰ লগতে ব্ৰহ্ম কমিটীয়ে এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দিছিল যে অসম যিহেতু কৃষি প্ৰধান ৰাজ্য ৬৫ জনসংখ্যাই কৃষি কেন্দ্ৰিক আৰু কৃষকৰ ভূমি পৰিয়াল চলোৱাৰ কাৰণে যঠেষ্ট নহয় সেইকাৰণে কৃষকসকলৰ গাঁৱৰ লগত সংলগ্ন পিজিআৰ ভিজিআৰ ভূমিত পশুপালন কৰি অতিৰিক্ত আয়ৰ ব্যৱস্থা কৰিব পাৰে । ব্ৰহ্ম কমিটীয়ে স্পষ্টভাৱে পিজিআৰভিজিআৰ ভূমি অসংৰক্ষণ কৰাটো বিৰোধিতা কৰিছে তাৰ বিপৰীতে নতুন পিজিআৰ ভিজিআৰ ভূমি সৃষ্টি কৰাৰ প্ৰস্তাৱহে দিছিল ।উপমন্যু হাজৰিকাই কয় ‘‘এইখন হিমন্তৰ চৰকাৰে এফালে বাংলাদেশী অধ্যুষিত অঞ্চলত ঢোলডগৰ কোবাই নাম মাত্ৰ উচ্ছেদ অভিযান চলাইছে আনফালে আমছু আজমল বাহিনীৰ দ্বাৰা প্ৰতিবাদ কৰাই বুজন পৰিমাণে চৰকাৰী ধনৰ অপব্যয় কৰি বিদেশী বেদখলকাৰীক পুনৰ সংস্থাপন দি খিলঞ্জীয়া ৰাইজক প্ৰবঞ্চনা কৰি আহিছে । অসম ভূমি বেদখলকাৰী আইন ২০১০ ৰ অধীনত বেদখলকাৰী অপৰাধীক ৫ বছৰ কাৰাবাসৰ পৰিৱৰ্তে পুৰষ্কৃত কৰি আইনখন ভংগ কৰিলে চৰকাৰে ।ইয়াৰ উদাহৰণ দি হাজৰিকাই কয় ‘‘গৰুখুটি উচ্ছেদ অভিযানক উদাহৰণ হিচাপে ল ব পাৰি ৷ য ত উচ্ছেদৰ নাটক ৰচি ৮৪১ পৰিয়ালক চৰকাৰী ধন অপব্যয় কৰি দলগাঁৱত প্ৰত্যেক বেদখলকাৰীকে বিঘাই বিঘাই মাটি বাসগৃহ দমকল বিজুলী অৰুণোদয় আদি আঁচনি পশুধন আদি দি সুৰক্ষিত কৰিছে । আনফালে ঢোলডগৰ কোবাই যি গৰুখুটি প্ৰকল্পৰ সফলতা জহাই ফুৰে সেই প্ৰকল্পৰ দ্বাৰা স্থানীয় খিলঞ্জীয়া গোৱাল সকলৰ চৰণীয়া ভূমিহে অধিগ্ৰহণ কৰিলে য ত নেকি এতিয়াও ৭০ হেজাৰৰো অধিক ভূমি বেদখলমুক্ত নহল ।তেওঁ আৰু কয় ‘‘স্থানীয় গোৱাল সকলক গৰুখুটি প্ৰকল্প কৰি চৰণীয়া পথাৰৰ পৰা বঞ্চিত কৰিলে । এতিয়া সেই ভূমিতেই গৰুম হ চৰাবলৈ গৰুখুটি প্ৰকল্পক প্ৰতি বিঘাত প্ৰতিমাহে ১৬০০ টকাকৈ দিবলৈ গোৱাল সকলক বাধ্য কৰিলে । ‘‘হিমন্ত বিশ্ব শৰ্মা এজন অসমৰ চিৰসেউজ ক্ষমতাকেন্দ্ৰিক চতুৰ ৰাজনীতিবিদ । ২০১৪ চনত কংগ্ৰেছত থাকোঁতে নৰেন্দ্ৰ মোদী আৰু হিন্দুক গালি দিয়াৰ পৰা বিজেপিলৈ আহি এজন উগ্ৰ হিন্দুত্ববাদীলৈ পৰিৱৰ্তন হোৱাৰ নাটক ৰচিলে যদিও প্ৰকৃতাৰ্থত গভীৰ বাংলাদেশী প্ৰেমী হৈয়েই থাকিল বুলি মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰে উপমন্যু হাজৰিকাই ৷লগতে পঢ়ক Mission Basundhara 2 ভূমিৰ অধিকাৰ বিচাৰি আবেদন কৰিবলৈ গৈ থমকি ৰৈছে বহু খিলঞ্জীয়া