ETV Bharat / state

Durga Puja 2023: অসমীয়া চাদৰ-মেখেলাৰে সজালে দেৱী প্ৰতিমা

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 2:20 PM IST

Durga Puja celebration in Guwahati
অসমীয়া চাদৰ-মেখেলাৰে সজালে দেৱী প্ৰতিমা

আজি মহাঅষ্টমী । দেৱী বন্দনাৰে মুখৰিত হৈছে চৌপাশ ৷ দেৱী মাৰ আশীষ পূজা ল’বলৈ মণ্ডপে মণ্ডপে ভিৰ কৰিছে ভক্তই । দিছপুৰৰ প্ৰতিমাৰ দেহত জিলিকিল অসমীয়া চাদৰ-মেখেলা ।

অসমীয়া চাদৰ-মেখেলাৰে সজালে দেৱী প্ৰতিমা

গুৱাহাটী,২২ অক্টোবৰ: অসমীয়াৰ হেঁপাহৰ চাদৰ-মেখেলা গাত মেৰিয়াই এইবাৰ ভক্তক আশীৰ্বাদ দিবলৈ গুৱাহাটীলৈ আহিছে দেৱী দুৰ্গা ৷ চৌপাশে এতিয়া শাৰদীয় দুৰ্গা পূজাৰ উখলমাখল পৰিবেশ ৷ মহানগৰীত ভিন্ন আৰ্হিৰ পূজা মণ্ডপে দিছে চমক । পূজা মণ্ডপত চালে চকুৰোৱাকৈ স্থাপন কৰা হৈছে দেৱীৰ প্ৰতিমা । মা দুৰ্গাৰ লগত মৰ্ত্ত্যত পূজাৰ ভাগ ল'বলৈ আহিছে লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশো ৷

অসমৰ সকলো স্থানৰ লগতে মহানগৰীৰ সকলো ঠাইতে আটকধুনীয়াকৈ সজোৱা হৈছে পূজাৰ মণ্ডপ ৷ আজি মহাঅষ্টমী পূজা মণ্ডপত মঙ্গল আৰতিৰ লগতে ঢাকৰ শব্দ আৰু দুৰ্গামাৰ শ্লোক-স্ত্ৰোতঃত মুখৰিত হৈছে চৌপাশ ৷ বিজয়া দশমীৰ দেৱী বিসৰ্জনৰ দিনালৈকে থাকিব এই উচাহ ৷ দেৱী মাৰ আশীষ লবলৈ ভিৰ কৰিছেহি ভিন্ন জনে ।

ইয়াৰ মাজতে এইবাৰ দিছপুৰ চুপাৰমাৰ্কেটৰ পূজাভাগৰ দেৱী প্ৰতিমাৰ গাত দেখা গ'ল অসমীয়াৰ প্ৰাণৰ আপোন অসমীয়া পাটৰ কাপোৰৰে প্ৰস্তুত কৰা দেৱীমাৰ গাৰ বস্ত্ৰ৷ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ দীপামণি গগৈয়ে এইবাৰ দিছপুৰ চুপাৰ মাৰ্কেটৰ দুৰ্গাপূজাৰ প্ৰতিমা আগবঢ়োৱাৰ লগতে নিজাববীয়াকৈ প্ৰস্তুত কৰি উলিওৱা অসমীয়া পাটৰ সাজৰে দুৰ্গা মাৰ লগতে সৰস্বতী আৰু লক্ষ্মীদেৱীৰ প্ৰতিমা সজাই তুলিছে ৷

ডিজাইনাৰ গৰাকীয়ে দুৰ্গা মাৰ প্ৰতিমাৰ গাত ৰঙা ৰঙৰ পাটৰ মেখেলা-চাদৰ পিন্ধোৱাৰ লগতে লক্ষ্মী মাৰ প্ৰতিমাত হালধীয়া ৰঙৰ পাটৰ কাপোৰ আৰু সৰস্বতী মাৰ প্ৰতিমাৰ গাত পিন্ধাইছে শুধ বগা ৰঙৰ পাটৰ সাজ ৷ সেইদৰে প্ৰতিমাৰ গাৰ কাপোৰৰ লগত মিলাই পিন্ধাইছে আ-অলংকাৰো৷এইদৰে দেৱীমাৰ প্ৰতিমাৰ গাৰ বস্ত্ৰ হিচাপে থকা অসমীয়া জাতীয় সাজযোৰে বিশেষভাৱে অসমীয়া ভক্তপ্ৰাণ ৰাইজক এইবেলি অন্য এক সুকীয়া আনন্দ প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷ মহাষ্টমীৰ দিনা অগনন ভক্তৰ ভিৰ দেখা গৈছে দিছপুৰৰ পূজা মণ্ডপস্থলীত ।

লগতে পঢ়ক: Durga Puja 2023: তিনিচুকীয়াৰ ঐতিহাসিক দাহালবাবাৰ মন্দিৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.