Dead Body Recovered in Bongaigaon: মাণিকপুৰৰ নোৱাপাৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অচিনাকি মৃতদেহ উদ্ধাৰ

By

Published : Feb 9, 2023, 4:48 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

বঙাইগাঁও, ৯ ফেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং নোৱাপাৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৃহস্পতিবাৰে পুৱা এটা অচিনাকি মৃতদেহ উদ্ধাৰ হয়(Dead Body Recovered at Manikpur) । প্ৰাতঃভ্ৰমণ কৰা ব্যক্তিসকলৰ প্ৰথমে দৃষ্টিগোচৰ হয় মৃতদেহটো ৷ তেওঁলোকে লগে লগে মাণিকপুৰ থানাত এই বিষয়ে অৱগত কৰে ৷

ইয়াৰ পাছতেই ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী থানাৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে । বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয় ৷ স্থানীয় ৰাইজৰ ভাষ্য মৃত লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত হ’ব পাৰে । এনেকুৱা ধৰণৰ বহু ব্যক্তি এই ঘাইপথেৰে অহা যোৱা কৰি থাকে বুলি তেওঁলোকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Dead body recovered in Hojai: লংকাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ ট্ৰাক চালকৰ মৃতদেহ

হয়তো অতিমাত্ৰা ঠাণ্ডাৰ কাৰণেই মৃত্যু ঘটিছে লোকজনৰ । মানুহজনৰ গাৰ বৰণ ক’লা ৷ উচ্চতা আনুমানিক পাঁচ ফুট ছয় ইঞ্চি হ’ব । এখন ৰঙা ৰঙৰ চাদৰ সৈতে অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহ ৷ লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত চিনাক্তকৰণ কৰাৰ বাবে তিনিদিন মৰগোত ৰাখিব বুলি আৰক্ষী জানিবলৈ দিয়ে(Unidentified dead body recovered in Bongaigaon) ৷ 

লগতে পঢ়ক: Death Incident in Child Marriage Operation: কটকটীয়া নিৰাপত্তাত পত্নীৰ জানাজাত উপস্থিত ধৃত স্বামী

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.