Dead body recovered in Hojai: লংকাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ ট্ৰাক চালকৰ মৃতদেহ

By

Published : Jan 28, 2023, 10:15 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

হোজাই, 28 জানুৱাৰী: লংকাৰ ইছলামবস্তিত শনিবাৰে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এজন ট্ৰাক চালকৰ মৃতদেহ । নিশা ট্ৰাকখনৰ মেৰামতিৰ কাম কৰাবলৈ AS-09-AC-5996 নম্বৰৰ ট্ৰাকখন লৈ চালকজন প্ৰৱেশ কৰিছিল বিধানচন্দ্ৰ বডি গেৰেজ নামৰ এটা গেৰেজত । সেই সময়ত ট্ৰাক চালকজনৰ লগত আছিল হেণ্ডিমেন । কিন্তু ট্ৰাকখনৰ মেৰামতিৰ কাম পলম হোৱাত হেণ্ডিমেনৰ লগত নিশাটো গাড়ীখনৰ ভিতৰতে কটাই চালকজনে ৷ 

পুৱা বহু দেৰিলৈকে ট্ৰাকৰ কেবিনৰ দুৱাৰ নোখোলাত স্থানীয় ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হয় ৷ তেওঁলোকে সন্দেহবশতঃ ট্ৰাকৰ কেবিনৰ দুৱাৰ ভাঙি প্ৰত্যক্ষ কৰে ট্ৰাক চালকজনৰ মৃতদেহ(Truck driver killed in Hojai)। ইফালে বৰ্তমানলৈ সন্ধানহীন হৈ আছে ট্ৰাকখনৰ হেণ্ডিমেন । ট্ৰাকখনৰ হেণ্ডিমেনে টকাৰ লোভত চালকক লুটপাট কৰি হত্যা কৰি তাত তেনেদৰে পেলাই থৈ পলায়ন কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে(Driver killed handyman missing in Hojai) ।

লগতে পঢ়ক: Fraud Online Shopping: One Plus ৰ পৰিৱৰ্তে গ্ৰাহকে লাভ কৰিলে অন্য কোম্পানীৰ মোবাইল আৰু চাবোন

ট্ৰাক চালকৰ দেহত বহু ঠাইত আঘাতৰ চিন স্পষ্ট হোৱাৰ লগতে ৰক্তাক্ত অৱস্থাত পোৱা গৈছিল চালকজনক ।  যাৰ বাবে হেণ্ডিমেনেই তেওঁক হত্যা কৰি তেনেদৰে পেলাই পলায়ন কৰাৰ সন্দেহ কৰিছে স্থানীয় লোক(Truck driver dead body recovered in hojai) ৷ ইফালে ঘটনা সন্দৰ্ভত স্থানীয় লোকে লংকা আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷

এজন চালকৰ লগত এনে ঘটনা সংঘটিত হোৱাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । সম্প্ৰতি লংকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ তেওঁলোকে সমান্তৰালভাৱে হেণ্ডিমেনজনক বিচাৰিও তদন্ত আৰম্ভ কৰিছে । বৰ্তমানলৈ কোনো লোকক আটক কৰা নাই আৰক্ষীয়ে । আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷

লগতে পঢ়ক: Husband suicide after his wife left him: ইনষ্টাগ্ৰামেই কাল হ'ল যোৰহাটৰ এটা পৰিয়ালৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.