ETV Bharat / state

Death Incident in Child Marriage Operation: কটকটীয়া নিৰাপত্তাত পত্নীৰ জানাজাত উপস্থিত ধৃত স্বামী

author img

By

Published : Feb 9, 2023, 12:35 PM IST

Updated : Feb 9, 2023, 1:17 PM IST

বাল্য বিবাহক কেন্দ্ৰ কৰি বুধবাৰে মৃত্যু হৈছিল আমেজ উদ্দীনৰ পত্নীৰ আছমা খাতুনৰ (death incident over child marriage operation) । আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত পত্নীৰ জানাজাত উপস্থিত স্বামী । এক শোকাকূল পৰিবেশত জানাজা সম্পন্ন । সাংবাদিকক ভিডিও লোৱাত বাধা আৰক্ষীৰ ।

goalpara
goalpara

গোৱালপাৰাত বাল্য বিবাহত অভিযুক্তৰ পত্নীৰ জানাজা সম্পন্ন

গোৱালপাৰা, ৯ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে বাল্য বিবাহ-বিৰোধী অভিযান (Anti child marriage drive of Assam Police) । কিন্তু উক্ত অভিযানকালতেই বাল্য বিবাহত অভিযুক্তৰ কেইবাটাও মৃত্যুৰ ঘটনাও সংঘটিত হৈছে (death incident over child marriage operation) । যাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তাৰ মাজতে গোৱালপাৰাত সংঘটিত হয় আন এক অকাল মৃত্যুৰ ঘটনা ।

বাল্য বিবাহক কেন্দ্ৰ কৰি মঙলবাৰে নিশা মৃত্যু হয় বাল্য বিবাহত অভিযুক্ত পিতৃ আমেজ উদ্দীনৰ পত্নী আছমা খাতুনৰ (death case in goalpara over child marriage drive) । নিহত আছমা খাতুনৰ জানাজা সম্পন্ন হয় বুধবাৰে নিশা । ইফালে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত পত্নীৰ জানাজাত উপস্থিত থাকে ধৃত স্বামী আমেজ উদ্দীন । স্বামীৰ উপস্থিতিত এক শোকাকুল পৰিবেশৰ মাজত জানাজা সম্পন্ন হয় পত্নী আছমা খাতুনৰ (Assam govt action against child marriage) ।

উল্লেখ্য যে বাল্য বিবাহক কেন্দ্ৰ কৰি মঙলবাৰে গোৱালপাৰা জিলাৰ বাউচাটাৰীত প্ৰাণ গৈছিল এগৰাকী মাতৃৰ । পুত্ৰৰ বাল্য বিবাহৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল পিতৃ আমেজ উদ্দিন । তাৰ পিছতে স্বামীৰ শোকত কৰুণ মৃত্যক সাৱটি লয় আমেজ উদ্দিনৰ পত্নী আছমা খাতুনে । তাৰ পিছত বুধবাৰে নিশা আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত জানাজা নামাজ সম্পন্ন হয় গ্ৰেপ্তাৰ হোৱা আমেজ উদ্দিনৰ পত্নী আছমা খাতুনৰ । আমেজ উদ্দীনে হাতত হেণ্ডকাফ লগাই আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অন্তিমবাৰৰ বাবে দৰ্শন কৰে পত্নীক ।

উল্লেখ্য যে বাল্য বিবাহক কেন্দ্ৰ কৰি গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ বাউচাটাৰীত মঙলবাৰে নিশা প্ৰাণ গৈছিল এগৰাকী ৫৫ বছৰীয়া মাতৃৰ । বাল্য বিবাহত অভিযুক্ত স্বামী আখিৰুল ইছলামক আৰক্ষীৰ অভিযানত ঘৰত নাপাই তেওঁৰ পিতৃ আমেজ উদ্দীনক তিনি দিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । ইফালে আমেজ উদ্দীনৰ গ্ৰেপ্তাৰৰ পিছত শোকত ভাগি পৰে পত্নী আছমা খাতুন । তেওঁৰ জামিনৰ বাবে চেষ্টা কৰে যদিও ব্যৰ্থ হয় পৰিয়ালৰ লোক ।

ফলত বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আমেজ উদ্দীনৰ শোকত ভাগি পৰি অকাল মৃত্যুক সাৱটি লয় পত্নী আছমা খাতুনে । আনহাতে, বুধবাৰে নিশা পৰিয়ালৰ লোকৰ অনুৰোধমৰ্মে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে পত্নীৰ জানাজা নামাজত অংশগ্ৰহণ কৰিবলৈ দিয়ে গ্ৰেপ্তাৰ হোৱা আমেজ উদ্দীনক । জানাজা সম্পন্ন হোৱাৰ পিছতে পুনৰ গোৱালপাৰা জিলা প্ৰশাসনে লৈ যায় আমেজ উদ্দীনক । প্ৰণিধানযোগ্য যে গ্ৰেপ্তাৰ হোৱা আমেজ উদ্দীনৰ ভিডিঅ' লোৱাতো বাধা আৰোপ কৰে জিলা প্ৰশাসনে ।

লগতে পঢ়ক :Dumpers and tractors seized in Behali : বন মাফিয়াৰ বিৰুদ্ধে বন বিভাগৰ অভিযান, জব্দ ডাম্পাৰ আৰু টেক্টৰ

Last Updated : Feb 9, 2023, 1:17 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.