Flood at Chabua : চাবুৱাত ভদীয়া বানৰ তাণ্ডৱ, ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল নৱ নিৰ্মিত মথাউৰি

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 10:35 PM IST

thumbnail

ডিব্ৰুগড়, 28 আগষ্ট : বিগত কেইবাদিনো ধৰি ৰাজ্যত নেৰেনেপেৰা বৰষুণ হোৱা পাছতেই ভয়াবহভাৱে বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ পানী । ডিব্ৰুগড়ত বিপদসীমা অতিক্ৰম কৰিলে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানীয়ে। দেওবাৰে আবেলিৰ পৰা ডিব্ৰুগড়ত বিপদসীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ পানীয়ে । ব্ৰহ্মপুত্ৰৰ উপকন্ঠ অঞ্চলত ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে । ইয়াৰ মাজতে চাবুৱাৰ ৰংমলা ৰাইদাঙত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিগিলে নৱনিৰ্মিত মথাউৰি ৷ ফলত জলমগ্ন হৈছে সমগ্ৰ অঞ্চলটো । 

বানৰ বাবে এতিয়া হাহাকাৰ পৰিবেশ চাবুৱাত । ইফালে চাবুৱাৰ ৰক্ষাকৱচ হিচাপে পৰিচিত মথাউৰিক সুৰক্ষা দিয়াত ব্যৰ্থ হ'ল প্ৰশাসন । এতিয়া জিঅ' বেগৰ‌ মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । ঠিকাদাৰ আৰু অভিযন্তাৰ ওপৰত ক্ষোভ উজাৰিলে ভুক্তভোগী ৰাইজে ৷ কিয়নো নিম্ন মানদণ্ডৰ মথাউৰিৰ কাম কৰা বাবে সহজে মথাউৰি ভাঙি যোৱাৰ অভিযোগ ৰাইজৰ ৷

লগতে পঢ়ক:One person goes missing in Brahmaputra: বিপদসীমা অতিক্ৰম কৰা মহাবাহু ব্ৰহ্মপুত্ৰত সন্ধানহীন এজন ব্যক্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.