One person goes missing in Brahmaputra: বিপদসীমা অতিক্ৰম কৰা মহাবাহু ব্ৰহ্মপুত্ৰত সন্ধানহীন এজন ব্যক্তি

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:20 PM IST

thumbnail

ডিব্ৰুগড়, 28 আগষ্ট : ডিব্ৰুগড়ত বিপদসীমা অতিক্ৰম কৰিলে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানীয়ে । দেওবাৰে আবেলিৰ পৰা ডিব্ৰুগড়ত বিপদ সীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ পানীয়ে । জিলাখনত বৰ্তমানে ১০৫.৭২ মিটাৰ ওপৰত আছে ব্ৰহ্মপুত্ৰৰ পানী ।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ পাচতেই ডিব্ৰুগড়ৰ নগাঘূলীৰ কছাৰী লাইনৰ ব্ৰহ্মপুত্ৰ নদীত অঘটন । বিশাল ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানী বৃদ্ধি হোৱাৰ সময়তে সোমবাৰে আবেলি অঞ্চলটোৰ বীৰছা মূড়া নামৰ এজন ব্যক্তিক নদীত খৰি আনিবলৈ যাওঁতেই নদীৰ কোবাল সোঁতে উটুৱাই লৈ যায় । ঘটনা সংঘটিত হোৱাৰ পাচতে ব্যক্তিজনক উদ্ধাৰৰ বাবে ঘটনাস্থলীত NDRFৰ বাহিনী উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে লোকজনৰ কোনো শুংসুত্ৰ লাভ কৰা নাই । সন্ধানহীন ব্যক্তিজনৰ বয়স 55 বছৰৰ ওচৰা-ওচৰি হ’ব বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : Flood in Majuli : বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা, SDRFৰ নাৱেৰেই গৰ্ভৱতী মহিলাক হাস্পতাললৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.