Flood in Majuli : বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা, SDRFৰ নাৱেৰেই গৰ্ভৱতী মহিলাক হাস্পতাললৈ প্ৰেৰণ

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 5:29 PM IST

thumbnail

মাজুলী, 28 আগষ্ট : বিগত কেবাদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । যাৰ ফলশ্ৰুতিত কালি অৰ্থাৎ দেওবাৰৰ পৰা বন্ধ হৈ আছে মাজুলী নিমাতী সংযোগী ফেৰী সেৱা । ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাসৰ বিপৰীতে আজি পুনৰ মাজুলীত লুইতৰ পানী বৃদ্ধি পাইছে ৷ ফলত ফেৰী ৰখোৱা ৰেম্পসমূহ সম্পূৰ্ণৰূপে পানীত ডুব গৈছে ৷

আনকি আভ্যন্তৰীণ জল পৰিবহন বিভাগেও সকলো নাৱৰ চলাচল অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি ৰাখিছে ৷ মাজুলীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাত সাধাৰণ ৰাইজৰ লগতে ৰোগীসকলেও বহু অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ জানিব পৰা মতে, সোমবাৰে মাজুলীৰ পৰা যোৰহাটলৈ এগৰাকী গৰ্ভৱতী ৰোগীক প্ৰেৰণ কৰা হৈছিল ।

কিন্তু ফেৰী ৰখোৱা ৰেম্পসমূহ সম্পূৰ্ণ ৰূপে ডুব যোৱাৰ ফলত 108 সেৱাৰ নাও নিৰ্দিষ্ট স্থানত ৰখোৱাতো অসুবিধাৰ সন্মুখীন হ’ব লগা হয় ৷ ফলত SDRF বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতৰ মাজেৰেই তেওঁলোকৰ নাৱেৰেই নি গৰ্ভৱতী মহিলাগৰাকীক 108 এম্বুলেন্সত উঠাবলৈ বাধ্য হয় ।

লগতে পঢ়ক : Flood in Majuli : ভদিয়া বানৰ কবলত মাজুলীৰ নৈ পৰিয়া অঞ্চল; বানৰ বাবে বন্ধ বিদ্যালয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.