ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 19, 2022, 2:57 PM IST

top-10-at-3pm
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

sukesh chandrashekhar new letter: সুকেশৰ ইখনৰ পাছত সিখন চিঠিয়ে জোকাৰিছে ‘আপ’ৰ বৰঘৰ

প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে পুনৰ এখন পত্ৰৰ জৰিয়তে আপ দলৰ বিৰুদ্বে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ (sukesh chandrashekhar new letter)। অভিযোগযোগে কোৱা হৈছে যে সত্যেন্দ্ৰ জৈনে ২০১৭ চনত প্ৰৱঞ্চকটোৰ পৰা ২ কোটি ডলাৰ (বিটকইনৰ অংশ) টকালৈ ৰূপান্তৰিত কৰিবলৈ সহায় বিচাৰিছিল । আপৰ বিৰুদ্ধে আন এখন পত্ৰ প্ৰকাশ কৰি প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে কাৰাবন্দী দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনক লৈ চাঞ্চল্যকৰ দাবী উত্থাপন কৰে।

Union Minister Sarbananda Sonowal:দুদিনীয়া কাৰ্যসূচীৰে বৰাকত সৰ্বানন্দ সোণোৱাল

আজি দুপৰীয়া শিলচৰত উপস্থিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Minister Sarbananda Sonowal) । বদৰপুৰত থকা সময়ত তেওঁ জাহাজঘাট পৰিদৰ্শন কৰিব ।

Lachit Borphukan Handang : আউনিআটী সত্ৰত আজিও আছে লাচিতৰ হেংদাং

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ (Birth anniversary of Lachit Borphukan) প্ৰাকক্ষণত চৰ্চাত মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰ । সত্ৰখনত আজিও সংৰক্ষিত হৈ আছে লাচিত বৰফুকনে শৰাইঘাটৰ ৰণত ব্যৱহাৰ কৰা হেংদাং । আহোম স্বৰ্গদেউসকলে দিয়া বিভিন্ন সামগ্ৰীও ৰখা হৈছে সত্ৰৰ যাদুঘৰত ।

Arunachal Donyi Polo Airport : অৰুণাচলত নতুন বিমানবন্দৰ মুকলি

অৰুণাচলত প্ৰদেশত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi in Arunachal Pradesh)। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰথম গ্ৰীণ ফিল্ড ড'নি প'ল' বিমানবন্দৰ মুকলি কৰে । কামেং হাইড্ৰ' প্ৰজেক্টৰো শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Raha Love story: মৃত প্ৰেমিকা প্ৰাৰ্থনাৰ শিৰত সেন্দুৰ বুলালে বিতোপনে

প্ৰেমৰ বাবে যদি কবিতা ৰচনা হৈছে, প্ৰেমৰ বাবে আকৌ বহু গীত ৰচনা হৈছে । তাজমহলকে ধৰি বহু স্মৃতিৰ সাক্ষী প্ৰেম । বহু প্ৰেম চিৰযুগমীয়া হৈ ৰৈছে । ইয়াৰ মাজতে নগাঁও জিলাৰ ৰহাৰ এক প্ৰেম কাহিনীয়ে বুকু কঁপাই তুলিছে বহুতকে (Nagaon love story makes everyone emotional)। অন্তিম শয়নত শুই থকা প্ৰেমিকাক সেন্দুৰ পিন্ধাই হুকহুকাই কান্দিছে প্ৰেমিকে । হোমৰ জুইক সাক্ষী কৰি বিয়াখন পতাৰ দুয়োৰে বহুত হাবিয়াস আছিল যদিও সেই আশা পূৰণ নহ'ল চাপৰমুখৰ কচুৱাৰ প্ৰাৰ্থনা বৰা আৰু প্ৰেমিক বিতোপন তামুলীৰ (Prarthana Bitupan love story)। দীৰ্ঘদিনে জটিল ৰোগত ভূগি থকা প্ৰাৰ্থনাই ইতিমধ্যে বিদায় মাগিছে ।

Fraudster arrested in Nalbari: কেইবাখনো বিলাসী বাহনসহ আটক প্ৰৱঞ্চক

নলবাৰীত আৰক্ষীৰ জালত প্ৰৱঞ্চক(Fraudster arrested in Nalbari) । প্ৰৱঞ্চকটোৰ নাম ইন্দ্ৰজিৎ দাস । কেইবাখনো বিলাসী বাহন জব্দ ।

Road accident at Digboi: ডিগবৈত পথ দুৰ্ঘটনাত নিহত 2

ডিগবৈত পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয় (Road accident at Dogboi)। স্থানীয় ৰাইজে উল্লেখ কৰা মতে, এখন ৰখাই থোৱা ট্ৰাকত পাছফালৰ পৰা প্ৰচণ্ড জোৰে AS 06 M 5275 নম্বৰৰ ছুইফট গাড়ীয়ে খুন্দিওৱাত দুৰ্ঘটনাটো সংঘটিত হয় (Two person death at road accident in Digboi)। ছুইফট গাড়ীখনৰ তিনিজন লোকৰ ভিতৰত যদুমনি শেনচুৱা আৰু দেৱৰাজ ৰ মৃত্যু হয় । পিছত আহত এজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আটাইকেইজনৰ ঘৰ ডিগবৈত। ট্ৰাকখন বেয়া হোৱাত নিশাৰ পৰা পথৰ মাজতে আছিল বুলি স্থানীয় ৰাইজে কয় ।

Road accident: ঔৰঙ্গাবাদ-আহমেদনগৰ ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

ঔৰঙ্গাবাদ-আহমেদনগৰ ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা(Accident on Aurangabad Ahmednagar highway) । ঘাইপথৰ ডিভাইডাৰত খুন্দা মৰাৰ পাছত বিপৰীত দিশৰ পৰা আহি থকা আন এখন তীব্ৰবেগী বাহনে খুন্দা মাৰে । ঘটনাস্থলীতে মৃত্যু হয় ৪ জনকৈ লোকৰ(4 killed in accident) । গুৰুতৰভাৱে আহত পাঁচজন লোক ।

Gunjan Sinha Dancer: পুনৰ শিখৰত কণমানি গুঞ্জন

Dance Deewane 3 ৰ ফাইনেলিষ্ট গুঞ্জন পুনৰ আন এক ৰাষ্ট্ৰীয় চেনেলৰ ৰিয়েলিটি শ্ব' jhalak dikhhla jaa season 10 ৰ ফাইনেলত প্ৰৱেশ কৰিছে । এতিয়া গুঞ্জনক প্ৰয়োজন অসমবাসীৰ মৰম তথা আৰ্শীবাদৰ ।

Sensational incident in AMCH: জীৱিত শিশুক ঘোষণা কৰিলে মৃত !

মৃত ঘোষণা কৰা দেৱশিশু জীৱিত থকাৰ অভিযোগ ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.