ETV Bharat / state

Sensational incident in AMCH: জীৱিত শিশুক ঘোষণা কৰিলে মৃত !

author img

By

Published : Nov 19, 2022, 1:27 PM IST

মৃত ঘোষণা কৰা দেৱশিশু জীৱিত থকাৰ অভিযোগ ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো ৷

Living newborn baby declared dead in Assam medical College
Sensational incident in AMC: অসম চিকিৎসা মহাবিদ্যালয়ে জীৱিত নৱজাতকক ঘোষণা কৰিলে মৃত !

ডিব্ৰুগড়,19 নৱেম্বৰ: ডিব্ৰুগড়ৰ বৈৰাগীমঠত চাঞ্চল্যকৰ ঘটনা (Sensational incident in Dibrugarh)। মৃত ঘোষণা কৰা দেৱশিশু জীৱিত থকাৰ অভিযোগ পৰিয়াল তথা আত্মীয়-স্বজনৰ । এই অভিযোগ উত্থাপিত হৈছে হীৰক জয়ন্তী অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে(Assam medical College) ৷

এটা ডেৰমহীয়া দেৱশিশুক অসম চিকিৎসা মহাবিদ্যালয়ত মৃত ঘোষণা কৰাৰ পাছত পুনৰ জীৱিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে(Living newborn baby declared dead in Assam medical College) । ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ জালান চাহ বাগিচা পকা লাইনৰ লক্ষণ মূড়াৰ ডেৰ মহীয়া পুত্ৰটিৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হোৱাত অসম চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে ভৰ্তি কৰোৱা হৈছিল ।

অৱশ্যে শুকুৰবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাতে শিশুটি মৃত বুলি চিকিৎসকে ঘোষণা কৰে ৷ পৰৱৰ্তী সময়ত মৃত শিশুটিক পৰিয়ালৰ লোকে নিজ গৃহলৈ লৈ আনে আৰু যথা নীতি নিয়ম অনুসাৰে সৎকাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে । পৰিয়াল, আত্মীয় আৰু স্থানীয় লোকে শিশুটিৰ নিজ গৃহত নীতি নিয়ম সম্পন্ন কৰাৰ পাছত শ্মশানত সমাধিস্থ কৰাৰ বাবে প্ৰস্তুতি চলাওঁতেই শিশুটি জীৱিত থকা যেন অনুভৱ কৰে ।

Sensational incident in AMC: অসম চিকিৎসা মহাবিদ্যালয়ে জীৱিত নৱজাতকক ঘোষণা কৰিলে মৃত !

শিশুটিয়ে চকু মেলা, চকু টিপিওৱাৰ লগতে অন্যান্য আনুষংগিক কাৰ্যকলাপ কৰিবলৈ লোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে ৷ শিশুটিয়ে অংগ সঞ্চালন কৰা প্ৰত্যক্ষ কৰিয়েই ততাতৈয়াকৈ শিশুটোক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰিয়ালৰ লোকে ভৰ্তি কৰে যদিও নিশা পুনৰ দেৱশিশুটিয়ে মৃত্যুক আকোঁৱালি লয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।

উক্ত ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । এই পৰ্যন্ত ৰোগী পক্ষ নে চিকিৎসালয় কৰ্তৃপক্ষ দায়ী সেয়া ক'ব পৰা হোৱা নাই যদিও ঘটনাটোয়ে সম্প্ৰতি জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । উক্ত ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে স্থানীয় লোকে ।

লগতে পঢ়ক: Tribute to Jamini kumar Narzary: যামিনী কুমাৰ নাৰ্জাৰীৰ স্মৃতিসৌধৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.