Tribute to Jamini kumar Narzary: যামিনী কুমাৰ নাৰ্জাৰীৰ স্মৃতিসৌধৰ আধাৰশিলা স্থাপন

author img

By

Published : Nov 19, 2022, 8:27 AM IST

Jamini kumar Narzary tribute ceremony in Jonai

শিক্ষক, বিশিষ্ট সমাজকৰ্মী যামিনী কুমাৰ নাৰ্জাৰীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতিচাৰণ সভা(Tribute to Jamini Kumar Narzary) ৷ স্মৃতিসৌধৰ আধাৰশিলা স্থাপন,স্মৃতিগ্ৰন্থ উন্মোচন ৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ অংশগ্ৰহণ(BTR Chief Pramod Boro) ৷

জোনাই,19 নৱেম্বৰ: কোকৰাঝাৰৰ বনৰগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বিশিষ্ট সমাজকৰ্মী যামিনী কুমাৰ নাৰ্জাৰীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে এখন স্মৃতিচাৰণ সভা বনৰগাঁৱৰ খাগ্ৰাবাৰী গাঁৱৰ নিজা বাসগৃহত শুক্ৰবাৰে অনুষ্ঠিত কৰা হয় । অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুৰথ নাৰ্জাৰীয়ে প্ৰয়াত যামিনী কুমাৰ নাৰ্জাৰীৰ জীৱন পৰিক্ৰমা আৰু কৰ্মৰাজিৰ ওপৰত সাৰুৱা বক্তব্য দাঙি ধৰে ।

যামিনী কুমাৰ নাৰ্জাৰীৰ স্মৃতিসৌধৰ আধাৰশিলা স্থাপন

স্মৃতিচাৰণ সভাত ইউবিপিঅ'ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় যে, এগৰাকী সফল ব্যক্তিৰ অন্তৰালত এজন পুৰোধা ব্যক্তিৰ সান্নিধ্য থাকে ৷ একালৰ এবছু আৰু বিএলটিৰ শীৰ্ষ নেতা, দুখনকৈ ৰাষ্ট্ৰীয় চুক্তি বিটিচি আৰু তৃতীয় বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰী মিহিনিশ্বৰ বসুমতাৰীয়ে কলেজীয়া শিক্ষা গ্ৰহণৰ আৰম্ভণিৰে পৰাই শিক্ষক, বিশিষ্ট সমাজকৰ্মী, উদাৰ মানসিকতাৰ গৰাকী যামিনী কুমাৰ নাৰ্জাৰীৰ সান্নিধ্য লাভ কৰিছিল বুলি উল্লেখ কৰে । পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে মিহিনিশ্বৰ বসুমতাৰীৰ উচ্চ শিক্ষা গ্ৰহণত বাধাৰ সৃষ্টি হৈছিল‌ বুলিও ভাষণত কয় ।

তেনে পৰিস্থিতিত পুৰোধা ব্যক্তি যামিনী কুমাৰ নাৰ্জাৰীকে পিতৃত্ব গ্ৰহণ কৰি ভৱিষ্যত জীৱন গঢ় দিবলৈ চেষ্টা চলাইছিল বুলি উল্লেখ কৰে বসুমতাৰীয়ে । আদ্ৰশ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি পুৱা ৮-৩০ বজাত সমূহীয়া প্ৰাৰ্থনা কৰাৰ পাছতে প্ৰয়াত যামিনী কুমাৰ নাৰ্জাৰীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় এবছুৰ উপ সভাপতি খোৰৌমদাও ওৱাৰীয়ে । ইয়াৰ পাছতে প্ৰয়াত নাৰ্জাৰীৰ স্মৃতিত নিৰ্মাণ হবলগীয়া স্মৃতিসৌধৰ আধাৰশিলা স্থাপন কৰে বনৰগাঁও হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কাতিৰাম নাৰ্জাৰীয়ে ।

দিনৰ ১১ বজাত 'থুলুংগাণি ফুংখা যামিনী কুমাৰ নাৰ্জাৰী' স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে বনৰগাঁও হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ঈশ্বৰ চন্দ্ৰ ব্ৰহ্মই । উল্লেখযোগ্য যে ১৯৪৫ চনত খাগ্ৰাবাৰী গাঁৱত জন্ম গ্ৰহণ কৰা যামিনী নাৰ্জাৰীয়ে খাগ্ৰাবাৰীতে প্ৰাথমিক শিক্ষা আৰু ১৯৫২ চনত চিমাৰগাঁও এমই স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল । বিচুমাৰী এম ই স্কুলত দুবছৰ শিক্ষকতা কৰাৰ পাছত ১৯৬৩ চনত বনৰগাঁও এম ই স্কুলৰ সহকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰে প্ৰয়াত নাৰ্জাৰীয়ে ।

সুদীৰ্ঘ বছৰ শিক্ষকতা পাছত ২০০৩ চনত একেখন বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে । শিক্ষকতা জীৱনৰ লগতে যামিনী নাৰ্জাৰীয়ে বনৰগাঁও হাইস্কুল প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ লগতে বড়ো সাহিত্য সভাৰ বনৰগাঁও আঞ্চলিক সমিতিৰ দুবাৰ সাধাৰণ সম্পাদক, চাপকটা জামফৈ উন্নয়ন সমিতিৰ সভাপতি, বনৰগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি পদত অধিষ্ঠিত হৈছিল । উল্লেখ্য যে, তেওঁ ১৯৭৪ চনত হোৱা বড়ো ভাষা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰোতে পুলিচৰ অত্যাচাৰৰ মুখামুখি হোৱাৰ লগতে কাৰাবাস খাটিব লগা হৈছিল ৷

স্মৃতিচাৰণ সভাখনত অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো(BTC Chief Pramod Boro), জ্যেষ্ঠ পুত্ৰ তথা বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী,বিকেডব্লিউএচিৰ অধ্যক্ষ গাম্বাৰু মুছাহাৰী, উপাধ্যক্ষ সৃজৌন বসুমতাৰী,ডেপুটি ছীফ্ ৰোমিয় নাৰ্জাৰী, ইউবিপিঅ'ৰ সাধাৰণ সম্পাদক পিতাম্বৰ ব্ৰহ্ম,উপদেষ্টা বিপিন গয়াৰী, শুক্ৰেশ্বৰ গয়াৰী,সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু সোণোৱাল, বিকেডব্লিউএচিৰ কেবাজনো পাৰিষদ , এমএচিৰ ইএ মলেন্দ্ৰ নাৰ্জাৰী, জিএম ৰাতিৰাম বসুমতাৰী, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোণোৱাল,

বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ ধেমাজি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ধৰ্মেন্দ্ৰ দাস,আটাছুৰ ধেমাজি জিলা সমিতিৰ প্ৰাক্তন সভাপতি ডম্বৰু কোঁৱৰ, বিকেডব্লিউএচিৰ কেবাগৰাকী ইএম, বড়ো সাহিত্য সভা, বড়ো হাৰিমু আফাডৰ নেতা উপস্থিত থাকে । সভাখনৰ আঁত ধৰে বিকেডব্লিউএচিৰ পাৰিষদ অনিল বসুমতাৰীয়ে ৷

লগতে পঢ়ক: Zubeen Garg Birthday: যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত গছ পুলি ৰোপন কৰিলে গৰিমা শইকীয়া গাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.