ETV Bharat / bharat

Road accident: ঔৰঙ্গাবাদ-আহমেদনগৰ ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Nov 19, 2022, 2:12 PM IST

Updated : Nov 19, 2022, 2:19 PM IST

ঔৰঙ্গাবাদ-আহমেদনগৰ ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা(Accident on Aurangabad Ahmednagar highway) । ঘাইপথৰ ডিভাইডাৰত খুন্দা মৰাৰ পাছত বিপৰীত দিশৰ পৰা আহি থকা আন এখন তীব্ৰবেগী বাহনে খুন্দা মাৰে । ঘটনাস্থলীতে মৃত্যু হয় ৪ জনকৈ লোকৰ(4 killed in accident) । গুৰুতৰভাৱে আহত পাঁচজন লোক ।

Accident on Aurangabad Ahmednagar highway
ঔৰঙ্গাবাদ-আহমেদনগৰ ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক,১৯ নৱেম্বৰ: ঔৰঙ্গাবাদ-আহমেদনগৰ ঘাইপথৰ কাইগাঁওৰ সমীপত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা(Accident on Aurangabad Ahmednagar highway) । এখন দ্ৰুতবেগী গাড়ীয়ে ডিভাইডাৰত খুন্দা মৰাৰ ফলত চাৰিজনকৈ লোকৰ মৃত্যু হয়(4 killed in accident) । গুৰুতৰভাৱে আহত হয় পাঁচজন লোক । শুকুৰবাৰে নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনাতো ।

আৰক্ষী সূত্ৰই জনোৱা মতে, দ্ৰুতবেগী গাড়ীখনে ডিভাইডাৰক খুন্দা মৰাৰ পিছত ৰাজপথৰ বিপৰীত দিশৰ পৰা অহা আন এখন বাহনে খুন্দা মাৰিছিল । পথৰ মাজৰ ডিভাইডাৰ পাৰ হোৱাৰ পিছত মাৰুতী চুইফ্ট গাড়ীখনে ঘাইপথৰ বিপৰীত দিশৰ পৰা অহা এখন ৱেগনাৰক খুন্দা মাৰিছিল । যাৰ ফলত ৱাগনাৰ বাহনখনে পথৰ কাষৰ ডিভাইডাৰত খুন্দা মাৰে । দ্ৰুতবেগী বাহনখনত যাত্ৰা কৰা যাত্ৰীসকল আহমেদনগৰৰ পৰা ঔৰঙ্গাবাদলৈ গৈ আছিল ।

আৰক্ষীয়ে জনোৱা অনুসৰি মৃত লোকসকল ৰাওচাহেব মটে, সুধীৰ পাটিল, আৰ ৱালুজ, চিআইডিচিঅ' মহানগৰৰ বাসিন্দা ৰতন বেদৱাল বুলি চিনাক্ত কৰা হৈছে । আনহাতে আহতসকল অমৰাৱতীৰ বাসিন্দা শশীকলা কোৰাট, সিদ্ধান্ত জাংগেল, ছায়া হেমন্ত জাংগেল, আৰু শকুন্তলা জাংগেল বুলি চিনাক্ত কৰা হৈছে আৰু আৰু এজন আহত ব্যক্তিৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই । আহতসকলক এম্বুলেন্সেৰে ঔৰঙ্গাবাদৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় । মৃত লোকসকলক গংগাপুৰৰ জিলা চিকিৎসালয়ৰ শৱগৃহলৈ স্থানান্তৰিত কৰা হয় ।

লগতে পঢ়ক: Delhi police arrested driver: পাকিস্তানক তথ্য যোগান ধৰি গ্ৰেপ্তাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ গাড়ীচালক

Last Updated : Nov 19, 2022, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.