Delhi police arrested driver: পাকিস্তানক তথ্য যোগান ধৰি গ্ৰেপ্তাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ গাড়ীচালক

author img

By

Published : Nov 19, 2022, 9:31 AM IST

Police arrested driver on charges of espionage

পাকিস্তানক গোপনীয় আৰু সংবেদনশীল তথ্য প্ৰদান কৰাৰ অভিযোগত শুকুৰবাৰে দিল্লী আৰক্ষীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত কৰ্মৰত এজন গাড়ীচালকক গ্ৰেপ্তাৰ কৰে(Driver working in MEA arrested) । পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI য়ে চালকজনক হানিট্ৰেপ কৰিছিল(Pakistan spy agency ISI) ।

নেশ্যনেল ডেস্ক,১৯ নৱেম্বৰ: পাকিস্তানৰ চোৰাংচোৱাৰে ভৰি পৰিছে নেকি দেশ ? সুৰক্ষিত নহয় নেকি দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়(Ministry of External Affairs) ? কিয়নো শুকুৰবাৰে দিল্লী আৰক্ষীয়ে পাকিস্তানক গোপনীয় আৰু সংবেদনশীল তথ্য প্ৰদান কৰাৰ অভিযোগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত কৰ্মৰত এজন চালকক গ্ৰেপ্তাৰ কৰে(Police arrested driver on charges of espionage) । সংবাদ সংস্থা ANI য়ে প্ৰকাশ কৰা তথ্য অনুসৰি আৰক্ষীয়ে নিৰাপত্তা সংস্থাসমূহৰ সহায়ত জৱাহৰলাল নেহৰু ভৱনৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত কৰ্মৰত এজন চালকক গ্ৰেপ্তাৰ কৰে(Delhi Police with the help of security agencies) ।

  • Delhi Police with the help of security agencies arrested a driver working in Ministry of External Affairs (MEA) for passing confidential and sensitive information to Pakistan. The driver was honey-trapped by Pakistan ISI: Sources pic.twitter.com/VuVAwltppO

    — ANI (@ANI) November 18, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

বিশেষ সুত্ৰে জানিব পৰা মতে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIয়ে চালকজনক হানিট্ৰেপ কৰিছিল(ISI honey trapped driver working in MEA) । গ্ৰেপ্তাৰ হোৱা চালকজনে দীৰ্ঘদিনে পাকিস্তানৰ এগৰাকী মহিলা চোৰাংচোৱালৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্যসমুহ যোগান ধৰিছিল(Pakistan spy agency ISI) । অভিযুক্ত চালকজনে পুনম শৰ্মা নামৰ এগৰাকী মহিলাৰ সৈতে যোগাযোগ ৰাখিছিল(Pakistan spy agency ISI) । মহিলাগৰাকীয়ে চালকজনক কলকাতাত বাস কৰা বুলি চিনাকী দিছিল(Delhi police arrested driver) ।

এক সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত মহিলাগৰাকী পাকিস্তানৰ ISI এজেন্ট । মহিলাগৰাকীয়ে ধনৰ বিনিময়ত পাকিস্তানক ভাৰতৰ গোপন তথ্য যোগান ধৰিছিল । চালকজনেও ধনৰ বিনিময়ত পাকিস্তানৰ PI হিচাপে কাম কৰি থকা পুনম শৰ্মা ওৰফে পূজা শৰ্মাক তথ্যসমূহ যোগান ধৰিছিল । সমগ্ৰ ঘটনাটোক হানিট্ৰেপিং বুলি প্ৰকাশ কৰিছে আৰক্ষী সুত্ৰই । দিল্লী আৰক্ষীৰ মতে, পাকিস্তানী চোৰাংচোৱাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চালকক ফান্দত পেলাবলৈ এটা ভুৱা পৰিচয়লিপি ব্যৱহাৰ কৰিছিল ।

উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহৰ আৰম্ভণিতে ৰাজস্থান আৰক্ষীয়ে পাকিস্তানৰ বিৰুদ্ধে চোৰাংচোৱাৰ অভিযোগত দিল্লীৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছিল । গ্ৰেপ্তাৰ কৰা লোকজনক ভগচান্দ বুলি চিনাক্ত কৰা হৈছিল । ভাগচান্দে ২০১৬ চনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল ।

লগতে পঢ়ক: Soldiers died in JK: কাশ্মীৰত হিমস্খলনত তিনি সেনা জোৱানৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.