ETV Bharat / entertainment

নিৰুদ্দেশ ‘‘তাৰক মেহতা কা উল্টা চশমা’’ৰ জনপ্ৰিয় অভিনেতা; অপহৰণৰ অভিযোগ পৰিয়ালৰ - Actor Allegedly Kidnapped

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 1:55 PM IST

Jennifer Mistry on Gurucharan Singh Missing : বিগত ৫ দিন ধৰি বিচাৰি পোৱা নাই ‘‘তাৰক মেহতা কা উল্টা চশমা’’ ধাৰাবাহিকৰ জনপ্ৰিয় এগৰাকী অভিনেতাক ৷ যাৰ অভিনয়ে ইতিমধ্যে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে ৷ অপহৰণৰ আশংকাত তেওঁৰ পৰিয়ালে আৰক্ষীকো দাখিল কৰিছে এজাহাৰ ৷

নিৰুদ্দেশ ‘‘তৰক মেহতা কা উলতা চশমা’’ৰ জনপ্ৰিয় অভিনেতা; অপহৰণৰ অভিযোগ পৰিয়ালৰ

চিটাৰা ডেস্ক, ২৭ এপ্ৰিল : জনপ্ৰিয় টিভি শ্ব’ ‘‘তাৰক মেহতা কা উল্টা চশমা’’ৰ পৰা আহিছে এক খবৰ ৷ নিখোজ হৈ আছে ‘‘তাৰক মেহতা কা উল্টা চশমা’’ৰ অন্যতম জনপ্ৰিয় এজন তাৰকা ৷ তাৰক মেহতা কা উল্টা চশমা বুলি ক’লে সততে মনলৈ আহে জেঠালালৰ কথা ৷

অ’ ৰ’ৱ; আমি পিছে জেঠালালৰ কথা কোৱা নাই ৷ জানিব পৰা মতে, ‘‘তাৰক মেহতা কা উল্টা চশমা’’ৰ পৰা খ্যাতি লাভ কৰা অভিনেতা গুৰুচৰণ সিং নিৰুদ্দেশ হৈ আছে ৷ এই বাতৰি শুনি আচম্ভিত হৈ পৰিছে গুৰুচৰণ সিঙৰ ৰীল লাইফৰ পত্নী জেনিফাৰ মিষ্ট্ৰি ৷

এক সাক্ষাৎকাৰত জেনিফাৰ মিষ্ট্ৰিয়ে কয়, ‘‘আশা কৰো তেওঁ য’তেই আছে, মাথোঁ নিৰাপদে থাকক ৷ তেওঁ এজন অতি ধৰ্মপৰায়ণ আৰু ভাল মানুহ’’ ।

যেতিয়া জেনিফাৰক সোধা হৈছিল যে ২০২০ চনত শ্ব’টো এৰি যোৱাৰ সময়ত তেওঁৰ সংস্পৰ্শ আছিল নেকি ? তেতিয়া অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘যোৱা জুন মাহৰ পৰা তেওঁৰ সৈতে মোৰ যোগাযোগ হোৱা নাই ৷ তেতিয়াৰ পৰা আমি ইজনে সিজনৰ লগত কথা পতা নাই ৷ তাৰ আগতে আমি যোগাযোগত আছিলো ৷ তেওঁ মোলৈ ধাৰাবাহিকখনৰ ৪ হাজাৰ খণ্ড সম্পূৰ্ণ হোৱাৰ বাবে অভিনন্দন পঠিয়াইছিল ৷’’

আৰক্ষীৰ প্ৰতিবেদনত কি লিখা আছিল ?

ইতিমধ্যে অভিনেতাগৰাকীৰ পিতৃয়ে থানাত এই নিৰুদ্দেশ সন্দৰ্ভত এক ৰিপৰ্ট দাখিল কৰিছিল । এই অভিযোগত লিখা আছিল, ‘‘মোৰ ল’ৰা গুৰুচৰণ, যাৰ বয়স ৫০ বছৰ ৷ ২২ এপ্ৰিলত পুৱা ৮.৩০ বজাত মুম্বাইলৈ ৰাওনা হৈছিল ৷ তেওঁ বিমানেৰে বিমানবন্দৰো পাইছিল গৈ ৷ কিন্তু তেওঁ মুম্বাইত উপস্থিত নহ’ল বা ঘৰলৈয়ো নাহিল ৷ আনকি তেওঁৰ ফোনো লগা নাই ৷

অভিনেতাগৰাকীৰ পিতৃয়ে দাখিল কৰা অভিযোগনামাত আৰু লিখা আছে, ‘‘তেওঁ মানসিকভাৱে সম্পূৰ্ণ সুস্থ ৷ আমি তেওঁক বিচাৰি আছো ৷ কিন্তু এতিয়াও বিচাৰি পোৱা নাই ।’’

ইয়াৰ মাজতে উল্লেখ কৰা প্ৰয়োজন যে, চাৰিদিন পূৰ্বে অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত পিতৃক জন্মদিনৰ শুভেচ্ছা জনাই এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷ য’ত তেওঁক পিতৃৰ সৈতে অতি সুখী যেন দেখা গৈছে ।

উল্লেখ্য যে, গুৰুচৰণ সিঙক শেষবাৰৰ বাবে দেখা গৈছিল জনপ্ৰিয় টিভি শ্ব’ ‘‘তাৰক মেহতা কা উল্টা চশমা’’ত । এই শ্ব’ত তেওঁ ৰোশন সিং সোধিৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে বিখ্যাত হৈ পৰিছিল ৷ তেওঁৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল জেনিফাৰ মিষ্ট্ৰীয়ে ।

পিতৃৰ অসুস্থতাৰ বাবে অভিনেতাগৰাকীয়ে অনুষ্ঠানটোৰ পৰা আঁতৰি আহিছিল । একে সময়তে শ্ব’টোৰ প্ৰযোজকে অভিনেতাগৰাকীক তেওঁৰ প্ৰাপ্য বাবদ ধন দিয়া নাই ৷ কিন্তু জেনিফাৰ এক গোচৰৰ পাচতে প্ৰযোজকে সকলোৰে ধন দিবলৈ বাধ্য হৈছিল সিঙক ।

লগতে পঢ়ক :

তাৰক মেহতা কা উল্টা চশমাই সম্পূৰ্ণ কৰিলে ৪০০০ খণ্ড

বন্ধ হ’ব নেকি তাৰক মেহতা কা উল্টা চশমা শ্ব’ ? কি ক’লে অসিত মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.