ETV Bharat / entertainment

বন্ধ হ’ব নেকি তাৰক মেহতা কা উল্টা চশমা শ্ব’ ? কি ক’লে অসিত মোদীয়ে

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 3:22 PM IST

Will TMKOC Go Off Air After 15 Years? Know The TRUTH
তাৰক মেহতা কা উল্টা চশমা’

TMKOC Off Air: ‘তাৰক মেহতা কা উল্টা চশমা’ বৰ্তমান চৰ্চাত ৷ ছ’চিয়েল মিডিয়াত শ্ব’টোৰ বিৰুদ্ধে আৰম্ভ হৈছে বয়কট ট্ৰেণ্ড ৷ যাৰ বাবে শ্ব’টো বন্ধ হ’ব বুলি খবৰ ওলাইছে ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, ৫ ডিচেম্বৰ : টিভিৰ আটাইতকৈ জনপ্ৰিয় শ্ব’ ‘তাৰক মেহতা কা উল্টা চশমা’ বৰ্তমান চৰ্চাত । বহু বছৰ ধৰি এই শ্ব’টোৱে দৰ্শকক মনোৰঞ্জন দি আহিছে । কিন্তু এই শ্ব’টো শেহতীয়াকৈ সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত । দৰাচলতে শ্ব’টোৰ মুখ্য চৰিত্ৰত অভিনয় কৰা দয়াবেন বহু বছৰ পূৰ্বে শ্ব’টোৰ পৰা বিৰতি লৈছিল ৷ যাৰ বাবে অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেত্ৰীগৰাকীক শ্ব’টোত পুনৰ চাবলৈ আগ্ৰহৰে অপেক্ষা কৰি আছে ৷ কিন্তু অপেক্ষা কৰি কৰি যেন এতিয়া ভাগৰি পৰিছে অনুৰাগী ৷ সেয়েহে, দৰ্শকে এই শ্ব’টো বয়কট কৰাৰ সিদ্ধান্ত লৈছে ।

শেহতীয়াকৈ খবৰ আহিছিল যে, এনেবোৰ কাৰণতে ‘তাৰক মেহতা কা উল্টা চশমা’ শ্ব’টো বন্ধ হৈ পৰিব । অৰ্থাৎ নিৰ্মাতাই শ্ব’টো বন্ধ কৰি দিব বুলি খবৰ পোৱা গৈছিল । কিন্তু এই সকলোবোৰৰ মাজতেই পোহৰলৈ আহিছে অসিত মোদীৰ প্ৰতিক্ৰিয়া । এটা সাক্ষাৎকাৰত শ্ব’টো বন্ধ হোৱাৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে অসিত মোদীয়ে ।

সাক্ষাৎকাৰত অসিত মোদীয়ে কয় যে শ্ব’টো অফ এয়াৰ নহয় আৰু এয়া কেৱল উৰাবাতৰিহে মাথো । ইয়াৰ লগতে দয়াবেনৰ উভতি অহাৰ সন্দৰ্ভত তেওঁ কয় যে দয়াবেনৰ চৰিত্ৰৰ সন্ধান চলি আছে । কাৰোবাক পোৱাৰ লগে লগে তেওঁলোকে এই চৰিত্ৰটো ঘূৰাই আনিব ।

দয়াবেনৰ উভতি অহা সন্দৰ্ভত কি ক’লে অসিত মোদীয়ে ?

অসিত মোদীয়ে ক’লে- মই ইয়াত মোৰ দৰ্শকক মনোৰঞ্জন দিবলৈ আহিছো, তেওঁলোকক মিছা কথা ক’বলৈ অহা নাই । কিছুমান সমস্যাৰ বাবে আমি দয়াবেনৰ চৰিত্ৰটো ঘূৰাই আনিব পৰা নাই । ইয়াৰ অৰ্থ এইটো নহয় যে আমি দয়াবেনৰ চৰিত্ৰটোক শ্ব’টোত ঘূৰাই আনিব নোৱাৰো । এতিয়া দিশা বাকানীয়ে দয়াবেনৰ চৰিত্ৰত অভিনয় কৰিব নে, তেওঁৰ ঠাই আন কোনোবাই ল’ব, সেয়া সময়েহে ক’ব । কিন্তু প্ৰতিশ্ৰুতি দিছো যে দয়াবেনৰ চৰিত্ৰটো নিশ্চয়কৈ শ্ব’টোত ঘূৰি আহিব ।

উল্লেখ্য যে, যোৱা কেইবছৰমানৰ পৰা দয়াবেনক শ্ব’টোত দেখা পোৱা নাই । কিন্তু শেহতীয়াকৈ দয়াবেন শ্ব’লৈ ঘূৰি আহিব বুলি খবৰ ওলাইছিল । কিন্তু পুনৰ দয়াবেন শ্ব’টোলৈ ঘূৰি নাহিল, যাৰ বাবে ক্ষুব্ধ হৈ পৰে দৰ্শক আৰু শ্ব’টোৰ সন্দৰ্ভত বৰ্জনৰ ট্ৰেণ্ড আৰম্ভ কৰে । এই শ্ব’টোৰ আৰম্ভণিৰে পৰাই দয়াবেনৰ চৰিত্ৰত অভিনয় কৰি আছিল অভিনেত্ৰী দিশা বাকানীয়ে ।

লগতে পঢ়ক: চিআইডিৰ ফ্ৰেডেৰিকছ খ্যাত দীনেশ ফাডনিছৰ দেহাৱসান, ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.