ETV Bharat / entertainment

তাৰক মেহতা কা উল্টা চশমাই সম্পূৰ্ণ কৰিলে ৪০০০ খণ্ড

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 1:10 PM IST

Taarak Mehta Ka Ooltah Chashmah completed 4000 episodes
তাৰক মেহতা কা উল্টা চশমা’ ৰ ৪০০০ হাজাৰ খণ্ড সম্পূৰ্ণ হৈছে

Taarak Mehta Ka Ooltah Chashmah: ‘তাৰক মেহতা কা উল্টা চশমা’ ৰ ৪০০০ হাজাৰ খণ্ড সম্পূৰ্ণ হৈছে । শ্ব’টোৰ সমগ্ৰ দলটোৱে একেলগে উদযাপন কৰিছে এই মুহূৰ্তটো । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াৰ ফটো আৰু ভিডিঅ’ ।

চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী: টেলিভিজনৰ জনপ্ৰিয় শ্ব’সমূহৰ ভিতৰত অন্যতম হৈছে অচিত মোদীৰ ‘তাৰক মেহতা কা উল্টা চশমা’ শ্ব’ ৷ এই শ্ব’টোৱে বহু বছৰৰ পৰা ঘৰে ঘৰে হাঁহিৰ খোৰাক দি আহিছে । ২০০৮ চনৰ পৰা আৰম্ভ হোৱা এই শ্ব’টোৱে এতিয়াও মনোৰঞ্জন দি আহিছে অনুৰাগীক ৷ এতিয়া শ্ব’টোৰ ৪০০০ টা খণ্ড সম্পূৰ্ণ হৈছে ।

শ্ব’টোৰ নিৰ্মাতাই ইয়াক ‘Happysodes’ নামেৰে নামাকৰণ কৰিছে । শ্ব’টোৰ ৪০০০টা খণ্ড সম্পূৰ্ণ হোৱাৰ লগে লগে তাৰক মেহতাৰ সমগ্ৰ দলটোৱে একেলগে উদযাপন কৰিছে এই মুহূৰ্তটো । এই উদযাপনৰ ফটো আৰু ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

মুনমুন দত্তই শ্বেয়াৰ কৰিছে ফটো

শ্ব’টোত ববিতা জীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী মুনমুন দত্তই উদযাপনৰ বহু ফটো শ্বেয়াৰ কৰিছে । ফটোসমূহত মুনমুনক ফুল ছপা কৰা কো-অৰ্ড চেট পৰিধান কৰা দেখা গৈছে । ফটোসমূহ শ্বেয়াৰ কৰিছে কেপচনত তেওঁ লিখিছে- ৪০০০ খণ্ড । ইয়াতকৈ বেছি কৃতজ্ঞ হ’ব নোৱাৰিলে । ডাঙৰ ডাঙৰ সপোন থকা কণমানি ছোৱালী । ১৬ বছৰীয়া কাষ্টৰ বাবেই আজি মই ইয়াত উপস্থিত হৈছো । গৌৰৱেৰে থিয় হৈছো । আজি মই যিখিনি অৰ্জন কৰিছো সেয়া মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে ।’’

ইয়াৰ উপৰিও মুনমুনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । এই ভিডিঅ’টোত সমগ্ৰ দলটোৱে একেলগে উদযাপন কৰা দেখা গৈছে। সকলোৱে নৃত্য কৰা দেখা গৈছে । এই বিশেষ ক্ষণত সকলোৱে পূজা অৰ্চনাও কৰা দেখা যায় । ইফালে পূজাৰ পিচত মুনমুনে সকলো সহ-অভিনেতাৰ সৈতে পোজ দিয়ে । জেঠালাল অৰ্থাৎ দিলীপ যোশীও এই উদযাপনৰ অংশ আছিল ।

ইয়াৰ উপৰিও অভিনেত্ৰী পলক সিধৱানীয়ে বহুতো ফটো শ্বেয়াৰ কৰিছে । শ্ব’টোত চনুৰ চৰিত্ৰত অভিনয় কৰিছে পলকে । ফটোসমূহ শ্বেয়াৰ কৰি পলকে লিখিছে, ‘‘অতিশয় কৃতজ্ঞ । তাৰক মেহতা কা উল্টা চশমাৰ সমগ্ৰ দললৈ অভিনন্দন । ইমান মৰমৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ ।’’ ফটোসমূহত পলকক ক’লা ৰঙৰ ডাংগাৰী পৰিধান কৰা দেখা গৈছে । দিলীপ যোশী, অচিদ মোদী, মন্দৰ চন্দৱাদকাৰ, সুনয়না, শ্যাম পাঠককে ধৰি সহ অভিনেতাৰ সৈতে পোজ দিছিল পলকে ।

উল্লেখ্য যে, তাৰক মেহতা কা উল্টা চশমা ২০০৮ চনৰ পৰা আৰম্ভ হৈছিল । ১৬ বছৰ ধৰি চলি থকা এই অনুষ্ঠানটো আজিও অনুৰাগীয়ে ইয়াক অতি ভাল পায় । টি আৰ পি ৰেটিঙতো এই শ্ব’টো শীৰ্ষত থাকে ।

লগতে পঢ়ক: মুক্তিৰ ৯ মাহৰ পিচত অ’টিটিত মুক্তি পাব দ্য কেৰালা ষ্ট’ৰী, কেতিয়া ক’ত চাব পাৰিব জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.