ETV Bharat / entertainment

মুক্তিৰ ৯ মাহৰ পিচত অ’টিটিত মুক্তি পাব দ্য কেৰালা ষ্ট’ৰী, কেতিয়া ক’ত চাব পাৰিব জানি লওক

author img

By ANI

Published : Feb 7, 2024, 10:04 AM IST

Updated : Feb 7, 2024, 12:09 PM IST

The Kerala Story OTT Release: অদা শৰ্মাৰ ছবি দ্য কেৰালা ষ্ট’ৰী বক্স অফিচত হিট বুলি প্ৰমাণিত হৈছিল । এতিয়া মুক্তিৰ ৯ মাহ পাচত এই ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তি পাবলৈ সাজু হৈছে ।

Adah Sharma starrer 'The Kerala Story' to stream on OTT from this date
অ’টিটত মুক্তি পাব দ্য কেৰালা ষ্ট’ৰী

চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী : ‘The Kerala Story’ ৰ কথা মনত আছে নে ? হয়, অদা শৰ্মা অভিনীত বিতৰ্কিত ছবি ‘The Kerala Story’ ৰ কথাকে কৈছো ৷ এই ছবিখন মুক্তিৰ পিচতে সোমাই পৰিছিল বিতৰ্কৰ আৱৰ্তত । দেশজুৰি ইয়াক লৈ প্ৰতিবাদ হৈছিল ৷ কিন্তু বিতৰ্কৰ মাজতো অদা শৰ্মাৰ ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল আৰু বক্স অফিচত দ্য কেৰালা ষ্ট’ৰী হিট বুলি প্ৰমাণিত হৈছিল ।

ইফালে বক্স অফিচত অভিলেখ গঢ়াৰ পিচত অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ছবিখনৰ অ’টিটি মুক্তিৰ বাবে । ‘দ্য কেৰালা ষ্ট’ৰী’ মুক্তি পোৱাৰ ৯ মাহতকৈ অধিক সময় হ’ল, যদিও এতিয়ালৈকে ছবিখন অ’টিটিত মুক্তি পোৱা নাই । কিন্তু এতিয়া অন্ত পৰিব অনুৰাগীৰ অপেক্ষাৰ ৷ এতিয়া অৱশেষত ৯ মাহৰ অপেক্ষাৰ অন্তত OTT ত মুক্তি পাবলৈ ওলাইছে ‘The Kerala Story’ । ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি অদাই শ্বেয়াৰ কৰিছে এই তথ্য ।

ছ’চিয়েল মিডিয়াত অদাই ছবিখনৰ অ’টিটিত মুক্তিৰ প্ৰ’ম’ শ্বেয়াৰ কৰিছে । পোষ্টটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘‘অৱশেষত....আচৰিত...আটাইতকৈ প্ৰত্যাশিত ছবিখন অতি সোনকালে আহি আছে ZEE5 ত । ১৬ ফেব্ৰুৱাৰীত ZEE5 ত প্ৰিমিয়াৰ হ’ব দ্য কেৰালা ষ্ট’ৰী ।’’

অনুৰাগীৰ প্ৰতিক্ৰিয়া

অদাৰ পোষ্টটো দেখি অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে । অদাৰ পোষ্টটোত এজন অনুৰাগীয়ে লিখিছে - এই ছবিখন কেনেকৈ পালে অদা...মানে আপোনাৰ ওচৰলৈ কেনেকৈ আহিল । আনহাতে এজনে লিখিছে- The Kerala Story 5 বাৰ চাইছো । এজনে লিখিছে- আগ্ৰহেৰে অপেক্ষা কৰি আছিল এই দিনটোলৈ ।

দ্য কেৰেলা ষ্ট’ৰীৰ কথা ক’বলৈ গ’লে এই ছবিখনত অদাৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছিল যোগীতা বিহানী, ছোনিয়া বালানী, সিদ্ধি ইদাহী আৰু দেৱদৰ্শনীক । এই ছবিখন পৰিচালনা কৰিছিল সুদীপ্ত সেন আৰু বিপুল অমৃতলাল শ্বাহে ।

লগতে পঢ়ক: The Kerala Story: দ্য কেৰালা ষ্ট’ৰীৰ সফলতাক লৈ কি ক’লে নাছিৰুদ্দিন শ্বাহে ?

Last Updated :Feb 7, 2024, 12:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.