ETV Bharat / bharat

Gunjan Sinha Dancer: পুনৰ শিখৰত কণমানি গুঞ্জন

author img

By

Published : Nov 19, 2022, 1:27 PM IST

Dance Deewane 3 ৰ ফাইনেলিষ্ট গুঞ্জন পুনৰ আন এক ৰাষ্ট্ৰীয় চেনেলৰ ৰিয়েলিটি শ্ব' jhalak dikhhla jaa season 10 ৰ ফাইনেলত প্ৰৱেশ কৰিছে । এতিয়া গুঞ্জনক প্ৰয়োজন অসমবাসীৰ মৰম তথা আৰ্শীবাদৰ ।

gunjan sinha from assam in jhalak dikhhla jaa
পুনৰ শিখৰত কণমানি গুঞ্জন

চিটাৰা ডেস্ক,১৯ নৱেম্বৰ: গুঞ্জন সিনহা, যাৰ নৃত্যই সমগ্ৰ অসমবাসীৰে মন মুহিবলৈ সক্ষম হৈছিল সেই গুঞ্জন সিনহাই পুনৰ আহিছে অন্য এটা অনুৰোধ লৈ অসমবাসী ৰাইজৰ ওচৰলৈ ৷ মায়ানগৰী মুম্বাইত গুঞ্জনৰ নৃত্যৰ যাদুৱে মোহাচ্ছন্ন কৰি ৰাখিছে সকলোকে ৷ Dance Deewane 3 ৰ পিছত আকৌ চৰ্চালৈ আহিছে গুঞ্জন ৷ পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম উজলাইছে অসমৰ ৷

অসমী আইক গৌৰৱান্বিত কৰাৰ সুযোগ লৈ গুঞ্জনৰ জয় যাত্ৰা অব্যাহত আছে ৰাষ্ট্ৰীয় টেলিভিছনৰ বিভিন্ন ৰিয়েলিটী শ্ব'ত ৷ গুঞ্জনে এইবাৰ প্ৰৱেশ কৰিছে jhalak dikhhla jaa season 10 ফাইনেলত ৷ প্ৰৱেশ কৰিয়ে চমক সৃষ্টি কৰা গুঞ্জনে নিজৰ প্ৰতিভাৰ বলেৰে প্ৰৱেশ কৰিছে ফাইনেলত ৷

অভূতপূৰ্ব নৃত্যৰে মুগ্ধ কৰিছে নামী দামী তাৰকাৰ মন লগতে আপ্লুত কৰিছে বিচাৰকক ৷ ৰন্ধিৰ সিন্হা আৰু হিমাদ্ৰী সিন্হাৰ কন্যা গুঞ্জনে কালাৰ্ছ টিভিৰ jhalak dikhhla jaa season 10 ৰিয়েলিটী শ্ব'টোত ফাইনেলত প্ৰৱেশ কৰিব ৷ গুঞ্জনৰ নৃত্যশৈলীক সকলোৱে একেমুখে প্ৰশংসা কৰিছে ৷

পুনৰ শিখৰত কণমানি গুঞ্জন

Jhalak dikhhla jaa season 10 অনুষ্ঠানটোত বিচাৰককে আদি কৰি অংশগ্রহণ কৰা সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে গুঞ্জনক ৷ দুৰ্দান্ত গতিৰে আগুৱাই এতিয়া গুঞ্জনে আগবাঢ়িছে সফলতা আজুৰিবলৈ ৷ অসমৰ পৰা jhalak dikhhla jaa লৈ যোৱা গুঞ্জনেই প্ৰথম অসম সন্তান । আনহাতে এগৰাকী চেলিব্ৰেটি প্ৰতিযোগী হিচাপে গুঞ্জনক আমন্ত্ৰণ জনাইছিল ৰিয়েলিটী শ্ব'টোত ।

গুঞ্জনক এতিয়া প্ৰয়োজন অসম বাসীৰ মৰম আশীৰ্বাদৰ । গুঞ্জনে ভিডিঅ'যোগে বিচাৰিছে অসমবাসীৰ মৰম ও আৰ্শীবাদ । শনিবাৰে নিশা ৮ বজাৰ পৰা সোমবাৰে পুৱা ১০ বজালৈ গুঞ্জনক ভোট দি আগুৱাই নিব পাৰিব আপুনি । আমিও আশা কৰো গুঞ্জন আগবাঢ়ি যাওক । অসমৰ নাম উজ্বলাই তোলাৰ লগতে গৌৰৱ কঢ়িয়াই আনক অসমলৈ ।

লগতে পঢ়ক: শৰীৰৰ অংগবোৰ অপচয় কৰাৰ কোনো কাৰণ দেখা নাপাও- বিজয় দেৱেৰাকোণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.