ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 8, 2022, 7:07 PM IST

TOP 10 AT 7PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

নতুন মন্ত্ৰী: কাইলৈ শপত ল'ব জয়ন্তমল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই

কাইলৈ ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ ৷ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব পালন কৰি অহা নলবাৰী সমষ্টিৰ দুবাৰৰ বিধায়ক জয়ন্তমল্ল বৰুৱা আৰু হাফলঙৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ অহা উচ্চ শিক্ষিতা নন্দিতা গাৰ্লোচাই কাইলৈ মন্ত্ৰীৰূপে শপত লব ৷

ৰহস্যজনকভাৱে অট্টালিকাৰ পৰা পৰি চিকিৎসকৰ মৃত্যু

চাংসাৰীত অৱস্থিত AIIMS ত অঘটন । সাত মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু হ’ল এগৰাকী চিকিৎসকৰ (Doctor dead in Changsari AIIMS) । চিকিৎসকগৰাকীৰ নাম ফল্গু প্ৰতীম দাস (Doctor Pholgu Protim Das)। ৰহস্যজনকভাৱে সাত মহলীয়া অট্টালিকাটোৰ পৰা পৰি গুৰুতৰভাৱে আহত চিকিৎসকজনক আমিনগাঁওস্থিত জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু ঘটে চিকিৎসকগৰাকীৰ ৷

15 জুনৰ পৰা শিলচৰ নিউ হাফলঙৰ মাজত ৰে’ল চলাচলৰ সম্ভাৱনা

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ডিমা হাছাওলৈ যেন এতিয়া লাহে লাহে পূৰ্বৰ দিন ঘূৰি আহিছে ৷ কিয়নো সম্ভৱত 15 জুনৰ পৰা পূৰ্বৰ দৰে স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে শিলচৰ-নিউ হাফলঙৰ মাজৰ ৰে’ল চলাচল ৷ এই কথা সদৰি কৰে উত্তৰ-পূৱ সীমান্ত ৰে’ল কৰ্তৃপক্ষই ৷ কিয়নো প্ৰকৃতিৰ ৰোষত পৰি লামডিং-বদৰপুৰ ৰে’লপথৰ প্ৰায় 85 কিলোমিটাৰ ৰে’লপথ বিধস্ত হৈ পৰিছিল (Dima Hasao Tragedy)৷ ফলত বিগত প্ৰায় এমাহ ধৰি লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথত ৰে’ল চলাচল বন্ধ হৈ পৰিছিল ।

কূটাঘাতৰ পৰিকল্পনা আলফা স্বাধীনৰ: কেন্দ্ৰৰ সতৰ্কবাণী

ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা আলফা স্বাধীনৰ সাংগঠনিক আৰু সামৰিক সক্ৰিয়তাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ । ️কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সতৰ্ক কৰি দিছে যে আলফা স্বাধীনে অসমত অসামৰিক লোক, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে ।

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চৰ তদন্ত

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চৰ তদন্ত (Inquiry against Rupjyoti Kurmi) । ২০১১-১২ ৰ পৰা ২০১৬-১৭ বৰ্ষলৈ বিধায়ক পুঁজিৰ ব্যৱহৃত হোৱা দুৰ্নীতিৰ তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে (CMs Special Vigilance Cell) ৷

মহিলাৰ নিৰাপত্তাৰ বাবে অসম আৰক্ষীৰ বিশেষ কোষ

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যেতি মহন্তই কয় যে অসম চৰকাৰৰ গৃহ বিভাগ, অসম পুলিচ আৰু সমাজ কল্যাণ বিভাগৰ নেতৃত্বত আজি দহটা বিশেষ কোষ গঠন কৰা হৈছে অসমৰ দহখন আৰক্ষী থানাত বিশেষকৈ মহিলা সকলৰ বাবে । ডিব্ৰুগড়, শিৱসাগৰ, শোণিতপুৰ, নগাঁও, কামৰূপ (গ্ৰাম্য), কাৰ্বি আংলং , কাছাৰ, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত আজি এই বিশেষ কোষ মুকলি কৰা হয় ।

মন্ত্ৰীসভাত এজন হিন্দু বাঙালী লোকক মন্ত্ৰিত্ব প্ৰদানৰ দাবী বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ

বৃহস্পতিবাৰে অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু কাৰ্বি আংলং বেংগলী সমাজৰ যৌথ উদ্যোগত আয়োজন কৰা হয় এখনি সংবাদমেল(Pressmeet of All Assam Bengali Youth Student Federation) ৷

Ganja seized at Karimganj: কৰিমগঞ্জত যাত্ৰীবাহী বাহনত উদ্ধাৰ গাঞ্জা

কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ কাঠালতলী আৰক্ষীৰ অভিযানত যাত্ৰী কঢ়িয়াই নিয়া এখন বাহনৰ পৰা উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ গাঞ্জা(Ganja seized at Karimganj) ৷ অভিযানত AS 10 AC 3730 নম্বৰৰ যাত্ৰী কঢ়িয়াই অনা চাৰিচকীয়া বাহনখনৰ পৰা উদ্ধাৰ হয় প্ৰায় 69 কেজি গাঞ্জা, যাৰ বজাৰ মূল্য প্ৰায় সাত লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

Assam cabinet expansion: ৰাজেন গোঁহাইৰ বক্তব্যই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত প্ৰভাৱ পেলোৱাৰ আশংকা

ন-পুৰণিৰ বিতৰ্কক লৈ ৰাজ্যিক বিজেপিৰ অভ্যন্তৰত সংঘাত । মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ প্ৰসংগত পুৰণিৰ ক্ষোভৰ বহিঃপ্ৰকাশ (Assam cabinet expansion) । মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত দলৰ দুই প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দত্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক একপ্ৰকাৰে সকীয়নিয়ে দিলে ৰাজেন গোঁহায়ে (Rajen Gohain statement risks impacting cabinet expansion) ।

45 বছৰ বয়সত মেট্ৰিক পাছ কৰিলে বুলবুলিয়ে

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এইবাৰ চৰ্চা লাভ কৰিছে বিশ্বনাথৰ এগৰাকী মহিলাই ৷ ৪৫ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC Result 2022) উত্তীৰ্ণ হৈ মহিলাগৰাকীয়ে দিলে এক যোগাত্মক বাৰ্তা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.