ETV Bharat / state

45 বছৰ বয়সত মেট্ৰিক পাছ কৰিলে বুলবুলিয়ে

author img

By

Published : Jun 8, 2022, 12:32 PM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এইবাৰ চৰ্চা লাভ কৰিছে বিশ্বনাথৰ এগৰাকী মহিলাই ৷ ৪৫ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC Result 2022) উত্তীৰ্ণ হৈ মহিলাগৰাকীয়ে দিলে এক যোগাত্মক বাৰ্তা ৷

45 years old lady from Biswanath pass hslc exam
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰ্চা লাভ কৰিছে বিশ্বনাথৰ এগৰাকী মহিলাই

বিশ্বনাথ ৭ জুন : শিক্ষা গ্ৰহণৰ কোনো বয়স নাই, নাই কোনো সীমা । মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত বয়স কেতিয়াও হেঙাৰ হ'ব নোৱাৰে । এই কথাকে যেন প্ৰতিপন্ন কৰিলে বিশ্বনাথৰ এগৰাকী ৪৫ বছৰ বয়সৰ মহিলাই । মহিলাগৰাকী বিশ্বনাথ ঘাটৰ গড়ভিতৰৰ বুলবুলি খাতুন ৷

৪৫ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত(45 years old lady from Biswanath pass hslc exam) উত্তীৰ্ণ হৈ সমাজলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়াবলৈ সক্ষম হ’ল বিশ্বনাথৰ বুলবুলি খাতুন । সুদীৰ্ঘ ২২ বছৰৰ পিছত মহিলাগৰাকীয়ে নিজৰ শিক্ষা জীৱনৰ প্ৰতি আগ্ৰহী হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ বিশ্বনাথৰ ফখৰুদ্দিন আলি আহমেদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষাগ্ৰহণ কৰি মঙলবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ এতিয়া উচ্চ শিক্ষাৰ বাবে আগ্ৰহী এইগৰাকী মহিলা ।

45 বছৰ বয়সত মেট্ৰিক পাছ কৰিলে বুলবুলিয়ে

অৱশ্যে পেছাত বিশ্বনাথ ঘাটৰ ২ নং ভোলাকটা অংগনবাদী কেন্দ্ৰত কৰ্মী হিচাপে নিয়োজিত বুলবুলি খাতুন । নিজৰ সন্তানক উচ্চ শিক্ষিত কৰাৰ বাবে মাতৃ হিচাপে নিজৰ দায়িত্ব পালনৰ উপৰি নিজৰ শিক্ষা জীৱন আগুৱাই নিয়াৰ বাবে আজিৰ সমাজত এক যোগাত্মক বাৰ্তা কঢ়িয়াবলৈ সক্ষম হৈছে এই গৰাকী মহিলা ।

আনহাতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গহপুৰ মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি সমগ্ৰ মহকুমাটোলৈ গৌৰৱ কঢ়িয়াই আনিছে বৰঙাবাৰীৰ যাদৱ গোস্বামী জাতীয় বিদ্যালয়ৰ মেধাৱী ছাত্র তীব্ৰ জিৎ কলিতাই । তিনিটা বিষয়ত ১০০ নম্বৰকৈ লাভ কৰা তীব্ৰ জিৎ কলিতাই ৯৬.৫% নম্বৰ লাভ কৰি নিজৰ কৃতিত্বৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ।

কালি ঘোষিত ফলাফলত তেওঁ অসমীয়াত ৯৩, ইংৰাজীত ৯১, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৫, সমাজ বিজ্ঞানত ১০০ আৰু ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰি মেধাৰ পৰিচয় দাঙি ধৰিছে । তীব্ৰ জিৎ কলিতা গহপুৰ মহকুমাৰ অন্তৰ্গত বালিজান নিবাসী তথা যোগেন্দ্ৰ কলিতা সোঁৱৰণী শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ অমৰেন্দ্ৰ কলিতা আৰু শিক্ষয়িত্ৰী দেবাৰাণী কলিতাৰ সন্তান ।

গহপুৰৰ এখন উচ্চ শিক্ষাৰ শৈক্ষিক প্ৰতিষ্ঠানত বিজ্ঞান শাখাত নামভৰ্তি কৰি আগন্তুক শৈক্ষিক যাত্ৰা আগুৱাই নিব তীব্ৰ জিৎ কলিতাই । তেওঁৰ এই সাফল্যৰ বাবে গহপুৰৰ বৌদ্ধিক সমাজে তেওঁক আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছে ।

লগতে পঢ়ক : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ শীৰ্ষত ধেমাজি জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.