ETV Bharat / state

15 জুনৰ পৰা শিলচৰ নিউ হাফলঙৰ মাজত ৰে’ল চলাচলৰ সম্ভাৱনা

author img

By

Published : Jun 8, 2022, 6:29 PM IST

Landslide in Dima hasao
15 জুনৰ পৰা শিলচৰ-নিউ হাফলঙৰ মাজতে ৰে’ল চলাচলৰ সম্ভাৱনা

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ডিমা হাছাওলৈ যেন এতিয়া লাহে লাহে পূৰ্বৰ দিন ঘূৰি আহিছে ৷ কিয়নো সম্ভৱত 15 জুনৰ পৰা পূৰ্বৰ দৰে স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে শিলচৰ-নিউ হাফলঙৰ মাজৰ ৰে’ল চলাচল ৷ এই কথা সদৰি কৰে উত্তৰ-পূৱ সীমান্ত ৰে’ল কৰ্তৃপক্ষই ৷ কিয়নো প্ৰকৃতিৰ ৰোষত পৰি লামডিং-বদৰপুৰ ৰে’লপথৰ প্ৰায় 85 কিলোমিটাৰ ৰে’লপথ বিধস্ত হৈ পৰিছিল (Dima Hasao Tragedy)৷ ফলত বিগত প্ৰায় এমাহ ধৰি লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথত ৰে’ল চলাচল বন্ধ হৈ পৰিছিল ।

ডিমা হাছাও, 8 জুন : অসমবাসীৰ বাবে এক সু-খবৰ ৷ পুনৰ স্বাভাৱিক হোৱাৰ দিশে শিলচৰ নিউ হাফলঙৰ মাজৰ ৰে’ল সেৱা ৷ সম্ভৱত 15 জুনৰ পৰা পূৰ্বৰ দৰে স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে শিলচৰ-নিউ হাফলঙৰ মাজৰ ৰে’ল চলাচল (Train services start between silchar new haflong likely from June ) ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে উত্তৰ-পূৱ সীমান্ত ৰে’ল কৰ্তৃপক্ষই ৷

তথ্য অনুসৰি, ইতিমধ্যে নিউ জাতিংগা লামপুৰ ষ্টেচনৰ পৰা বদৰপুৰলৈকে এখন পৰীক্ষামূলক পণ্যবাহি ৰে’ল চলাচল কৰা হৈছে । ভূমিস্খলনত সম্পূৰ্ণ ৰূপে বিধস্ত হোৱা নিউ হাফলং ষ্টেচনৰ 1 আৰু 2 নম্বৰ ৰে’ল লাইনৰ পৰা মাটি আঁতৰোৱা হৈছে ৷ এই কথা উল্লেখ কৰে নিউ হাফলং ষ্টেচনৰ ষ্টেচন মাষ্টৰ অনিল কুমাৰে ।

তাৰোপৰি বুধ-বৃহস্পতিবাৰৰ ভিতৰত নিউ জাতিংগা লামপুৰৰ পৰা নিউহাফলং ষ্টেচনলৈ এখন পৰীক্ষামূলক ইঞ্জিন চলাচল কৰা হ’ব ৷

15 জুনৰ পৰা শিলচৰ-নিউ হাফলঙৰ মাজতে ৰে’ল চলাচলৰ সম্ভাৱনা

লগতে এই ইঞ্জিনটোৰ জৰিয়তে নিউ হাফলং ষ্টেচনৰ 2 নম্বৰ ৰে’ল লাইনত ৰখি থকা এখন পণ্যবাহি ৰে’ল গাড়ীক বদৰপুৰলৈকে লৈ যাব বুলি জানিবলৈ দিয়ে ষ্টেচন মাষ্টৰগৰাকীয়ে । তেওঁ আৰু কয়, বদৰপুৰ নিউ জাতিংগা লামপুৰলৈকে ইতিমধ্যে ৰে’লপথ সুচল হৈ উঠিছে ৷ এতিয়া নিউ জাতিংগাৰ নিউ হাফলং ষ্টেচনলৈকে পৰীক্ষামূলক ইঞ্জিন চলাৰ পিচতে এই অংশ সুচল হৈ উঠিব ।

লগতে পঢ়ক : Train service cancelled : ডিমা হাছাওত ৰে’ল যাত্ৰীৰ মাজত হাহাকাৰ

ইয়াৰ উপৰি মাইগ্ৰীনদিছাৰ পৰা মাহুৰলৈকে ইতিমধ্যে ৰে’লপথচোৱা সুচল হৈ উঠিছে বুলি জানিবলৈ দিয়ে অনিল কুমাৰে । যাৰ বাবে আগন্তুক এক সপ্তাহৰ ভিতৰত শিলচৰৰ পৰা নিউ হাফলঙলৈকে যাত্ৰীবাহী ৰে’ল চলাচল কৰাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে ষ্টেচন মাষ্টৰ অনিল কুমাৰে ।

Dima Hasao Tragedy
পূৰ্বৰ দিন ঘূৰি আহিছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ডিমা হাছাওলৈ

উত্তৰ-পূৱ সীমান্ত ৰে’লৰ ডিআৰএম জি এছ লখৰাই জানিবলৈ দিয়া মতে, এক সপ্তাহৰ ভিতৰত শিলচৰৰ পৰা নিউ হাফলঙলৈকে আংশিকভাৱে ৰে’ল গাড়ীৰ চলাচল আৰম্ভ কৰাৰ চেষ্টা চলোৱা হৈছে । জুলাইৰ প্ৰথম সপ্তাহৰ ভিতৰত শিলচৰৰ পৰা লামডিঙলৈকে সম্পূৰ্ণভাৱে ৰে’ল চলাচলৰ সম্ভাৱনা আছে । কিন্তু তেওঁ লগতে কয়, ৰে’ল চলাচলৰ বিষয়টো সম্পূৰ্ণ নিৰ্ভৰ কৰিব বতৰৰ ওপৰত ।

এই ৰে’লপথ সুচল কৰি তোলাৰ বাবে নিৰ্মাণ সংস্থা আৰু ৰে’ল কৰ্মী তথা অভিযন্তাসকলে দিনে-নিশাই যুদ্ধকালীন তৎপৰতাৰে কাম কৰিছে । কিন্তু 10 দিনৰ বৰষুণৰ ফলত লামডিং বদৰপুৰ ব্ৰডগজ ৰে’লপথৰ দাওটুহাজা ফাইডিং আৰু মাহুৰৰ মাজৰ ৰে’ল লাইনচোৱা বেছি ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে ।

তাৰোপৰি লংকাৰ পৰা শিলচৰ ভায়া চন্দ্ৰনাথপুৰৰ বিকল্প নতুন ৰে’লপথচোৱা নিৰ্মাণৰ বাবে এতিয়া জৰিপ তথা সমীক্ষাৰ কাম আৰম্ভ হ’ব বুলিও জানিবলৈ দিয়ে ডিআৰএম জি এছ লখৰাই । উল্লেখ্য যে, প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি লামডিং-বদৰপুৰ ৰে’লপথৰ প্ৰায় 85 কিলোমিটাৰ ৰে’লপথ বিধস্ত হৈ পৰে (Landslide in Dima hasao)৷ যাৰ বাবে যোৱা 26 দিনৰ পৰা লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথত ৰে’ল চলাচল বন্ধ হৈ আছে (Dima Hasao Tragedy)।

লগতে পঢ়ক : Landslide in Dima hasao : ভূমিস্খলনৰ ফলত পুৱাৰে পৰা বন্ধ হাফলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.