ETV Bharat / state

Floods affect Dima Hasao : বানৰ কৱলত ডিমা হাছাওৰ লাংটিঙৰ কেইবাখনো গাঁও

author img

By

Published : May 17, 2022, 1:26 PM IST

Floods affect Dima Hasao
বানৰ কৱলত ডিমা হাছাও

বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে ডিমা হাছাও জিলা (Flood in Dima Hasao)। জিলাখনৰ বহু অঞ্চল প্লাৱিত কৰিছে লাংটিং নৈ বাঢ়নী পানীয়ে । বান পীড়িত শ শ লোকে আশ্ৰয় লৈছে লাংটিং ৰেল ষ্টেচনত । শিবিৰত থকা সকলক খাদ্য যোগান ধৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য গোলনজয় থাওচেনে ।

ডিমা হাছাও, ১৭ মে' : ৰাজ্যত বাৰিষাৰ প্ৰথমটো বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে (Flood in Assam)। কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বহু ঠাইত বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে । ইফালে বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ডিমা হাছাও জিলাত (Flood in Dima Hasao)। জিলাখনৰ বহু লোক ইতিমধ্যে বানপানীৰ ফলত গৃহহীন হৈ পৰিছে ।

Floods affect Dima Hasao
বানৰ কৱলত ডিমা হাছাও

ভূমিস্ফলনৰ ফলত গাঁও আৰু চহৰৰ বহু লোক ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে (Deadly landslide in Dima Hasao district)। বহু লোকৰ ঘৰ এতিয়া হয় পানীৰ তলত, নহ'লে মাটিয়ে পুতি পেলাইছে । পাহাৰৰ পৰা নামি অহা পানীয়ে ঘৰ-দুৱাৰৰ লগতে খেতি পথাৰো বিনষ্ট কৰিছে। বাট-পথ, দলং আদিও নিচিহ্ন কৰিছে পানীয়ে ।

Floods affect Dima Hasao
বানপীড়িতৰ মাজত খাদ্যৰ যোগান

যোগাযোগ, বিদ্যুৎ সেৱা বিঘ্নিত হোৱাৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন । ইফালে সোমবাৰে হোৱা ভূমিস্খলনৰ ফলত নিউ হাফলং ষ্টেচন এতিয়াও মাটিৰ তলত (Landslide causes extensive damage to New Haflong station)। মুঠতে এক অভাৱনীয় পৰিৱেশে দেখা দিছে ডিমা হাছাও জিলাত ।

Floods affect Dima Hasao
বানৰ কৱলত ডিমা হাছাও

জিলাখনৰ লাংটিঙত এতিয়া দুৰ্বিসহ জীৱন যাপন কৰিবলগীয়া হৈছে সেই অঞ্চলৰ লোকসকলে । কাৰণ বানৰ কৱলত সমগ্ৰ অঞ্চলটোৰ কেইবাখনো গাঁও । যোৱা এক সপ্তাহৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত ডিমা হাছাওৰ লাংটিঙৰ বহুকেইটা অঞ্চল এতিয়া পানীৰ তলত । লাংটিং নৈৰ বাঢ়নী পানীয়ে বহু অঞ্চল প্লাৱিত কৰিছে ।

Floods affect Dima Hasao
বানৰ কৱলত ডিমা হাছাও

বানৰ কৱলত পৰা লোকসকলে এতিয়া আশ্ৰয় লৈছে লাংটিং ৰেল ষ্টেচনত (Flood victims take shelter at Langting railway station)। ঘৰ-মাটি হেৰুৱাই দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ শ শ লোক । পাহাৰীয়া জিলাখনত প্ৰকৃতিৰ এনে ৰূপ দেখি আচৰিত অসমৰ জনসাধাৰণ । দুৰ্ভগীয়া লোকসকলৰ সাহায্যৰ বাবে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ কৰা সঁহাৰি দেখিবলৈ পোৱা গৈছে ।

ইফালে উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰাও লোকসকলৰ সহায়ৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে । ৰেল ষ্টেচনত আশ্ৰয় লোৱা লোকসকলৰ খোৱাৰ ব্যৱস্থা কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য গোলনজয় থাওচেনে (Food Distribution among flood victims in Dima Hasao)। খোৱাৰ ব্যৱস্থা কৰাৰ লগতে ভুক্তভোগী লোকসকলৰ কাষত থিয় দিছে নেতাগৰাকী ।

লগতে পঢ়ক :প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত বিধ্বস্ত ডিমা হাছাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.