ETV Bharat / state

শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ 478 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন - Badala Padma Aata

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 7:46 AM IST

Birth anniversary of Sri Sri Badala Padma Ata : শ শ ভক্তৰ সমাগমেৰে বৈকুণ্ঠপুৰীলৈ পৰিণত হ’ল তৈলনগৰী ডিগবৈ ৷ ডিগবৈৰ মুলিয়াবাৰী খেলপথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ 478 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু সাংস্কৃতিক সমাৰোহ ৷

478th birth anniversary of Sri Sri Badla Padma Ata
শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ 478 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ (Etv Bharat Assam)

শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ 478 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ (Etv Bharat Assam)

তিনিচুকীয়া, 21 মে’: সত্ৰ নগৰীলৈ পৰিণত হ’ল তৈলনগৰী ডিগবৈৰ মুলিয়াবাৰী খেলপথাৰ ৷ তিনিচুকীয়া জিলাৰ তৈল নগৰী ডিগবৈৰ মুলিয়াবাৰী খেলপথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ 478 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু সাংস্কৃতিক সমাৰোহ ৷ সোমবাৰে এই সমাৰোহৰ অন্তিমটো দিনত উপস্থিত হয় এই সমাৰোহৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছিল এই আবিৰ্ভাৱ মহোৎসৱ আৰু সাংস্কৃতিক সমাৰোহ ৷

এই সাংস্কৃতিক সমাৰোহৰ সভাপতি হিচাপে উপস্থিত হৈ অস্থায়ী কীৰ্তন ঘৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সেৱা কৰাৰ লগতে ধৰ্মীয় প্ৰাণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি গুৰুজনাৰ স্মৃতিক প্ৰণিপাত জনায় । তেওঁ কয় যে সাংস্কৃতিক বাতাবৰণ বৰ্তাই ৰাখি আমি অসমখনক সমন্বয়ৰ সেতুৰে বান্ধিব লাগে ৷

লগতে অন্তিমটো দিনত বিভিন্ন জাতি-জনগোষ্ঠী সমন্বিত শোভাযাত্ৰা মুকলি কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । তেওঁৰ লগত সহযোগ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৷ এই শোভাযাত্ৰাত হাজাৰ হাজাৰ ধৰ্মীয়প্ৰাণ ৰাইজৰ লগতে ভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পীসকলে অংশগ্ৰহণ কৰে ৷

এই শোভাযাত্ৰাত উপস্থিত থাকি অধ্যক্ষগৰাকীয়ে নিজকে বহু সুখী বুলি সাংবাদিকৰ সন্মুখত মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয়, ‘‘তৈলনগৰী অসমৰ এক পৰিচয় ৷ অসম প্ৰাকৃতিক তেলৰ বাবে জনাজাত ৷ এই অনুষ্ঠানত প্ৰত্যেক জাতি-জনগোষ্ঠীয়ে নিজৰ কলা-সংস্কৃতি দেখুৱাবলৈ পাৰিছে ৷ মই সকলোকে লগ পাই নথৈ আনন্দিত হৈছে ৷ এয়া আধ্যাত্মিক আৰু সাংস্কৃতিক এক অনুষ্ঠান ৷’’

লগতে পঢ়ক: শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৭৮ সংখ্যক জন্মোৎসৱত এহেজাৰ শিশুৱে প্ৰদৰ্শন কৰিলে নৃত্য় - Badala Padma Aata Birth Anniversary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.