ETV Bharat / state

শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৭৮ সংখ্যক জন্মোৎসৱত এহেজাৰ শিশুৱে প্ৰদৰ্শন কৰিলে নৃত্য় - Badala Padma Aata birth anniversary

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 9:11 PM IST

Badala Padma Aata : ডিগবৈত শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৭৮ সংখ্যক জন্মোৎসৱ আৰু সমন্বয় সাংস্কৃতিক অনুষ্ঠান । উজলি উঠিছে নৱবৈষ্ণৱ ধৰ্মৰ কলা-কৃষ্টি ।

Badala Padma Aata birth anniversary
শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতি (ETV BHARAT ASSAM)

তিনিচুকীয়া, ১৯ মে’: শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতিৰ উদ্যোগত যোৱা ১৮ মে’ৰ পৰা তিনিদিনীয়াকৈ তিনিচুকীয়া জিলাৰ ডিগবৈ মুলিয়াবাৰী খেলপথাৰত আৰম্ভ হৈছে বদলা পদ্ম আতাৰ ৪৭৮ সংখ্যা জন্মোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ । সত্ৰীয়া সংস্কৃতিৰ গীত-মাত, গাম্ভীৰ্যপূৰ্ণ আলোচনাৰে মুখৰিত হৈ উঠিছে ডিগবৈ মুলিয়াবাৰী খেলপথাৰ । হৰিনামৰ সুৰ, দেৱবাদ্যৰ ধ্বনি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ পণ্ডিত, আধ্যাত্মিক গুৰু সকলৰ চিন্তন আৰু আলোচনাত উজ্বলি উঠিছে তৈল নগৰী ডিগবৈ । এক কথাত নৱবৈষ্ণৱ ধৰ্মৰ কলা-কৃষ্টি উজ্বলি উঠিছে তৈল নগৰী ডিগবৈত ।

কালি পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তপ্ৰান ৰাইজৰ সোঁত বৈছে মুলিয়াবাৰী খেলপথাৰলৈ । শনিবাৰে অস্থায়ী নামঘৰৰ গুৰু আসন শ্ৰীশ্ৰী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱ গোস্বামীয়ে প্ৰতিষ্ঠা কৰি কাৰ্যসূচী আৰম্ভ কৰে । তাৰ পাছতে কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰদৰ্শনীদ্বাৰ মুকলি কৰাৰ পাছত দিহানাম সমাৰোহ অনুষ্ঠিত হয় । দিহানামৰ সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা হাজাৰ আই মাতৃয়ে অংশগ্ৰহণ কৰে ।

আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখন উদ্বোধন কৰে সোণাৰাম বুঢ়াভকতে । সত্ৰাধিকাৰৰ জনাৰ্দন দেৱগোস্বামী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹কৰবী ডেকা হাজৰিকা, দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপক ড৹ চন্দন কুমাৰ চৌৱে, শিৱসাগৰ জিলাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে আলোচনাত অংশগ্ৰহণ কৰে । সমান্তৰালভাৱে এহাজাৰ শিশুৱে নৃত্য প্ৰদৰ্শন কৰে ৷ ধৰ্মচাৰ্য সন্মিলনত অৰ্ধশতাধিক ধৰ্ম গুৰুৱে ভাগ ল'ব বুলি জানিব দিয়ে উদ্যোক্তাসকলে । সোমবাৰলৈকে চলিব শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৭৮ সংখ্যক জন্মোৎসৱ আৰু সমন্বয় সাংস্কৃতিক অনুষ্ঠান ।

লগতে পঢ়ক:এখন বিশেষ বিয়াত ব্যস্ত হৈ পৰিল দৰঙৰ চিনাকোণাবাসী - Frog Marriage

কামাখ্যা ধামত কলকাতাৰ বিস্ফোৰক বেটছমেন ৰিংকু সিং - IPL MATCH GUWAHATI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.