এখন বিশেষ বিয়াত ব্যস্ত হৈ পৰিল দৰঙৰ চিনাকোণাবাসী - Frog Marriage
Frog Marriage in Darrang: পৰম্পৰা নে অন্ধবিশ্বাস ! এখন গাঁৱত প্ৰতি বছৰে পাতি অহা হয় এখন বিশেষ বিয়া । লোকবিশ্বাস অনুসৰি এই বিয়াখনৰ জৰিয়তে গাওঁখনত নহয় বসন্ত ৰোগকে ধৰি আন কোনো অপায়-অমংগল । তদুপৰি এই বিয়াখনত শৰাই আগবঢ়ালে নিঃসন্তান দম্পত্তিয়ে সন্তান লাভ কৰাৰ বিশ্বাসো চলি আহিছে । পিছে কাক কোনে বিয়া পাতি নিয়ে এই বিবাহ অনুষ্ঠানত ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Published : May 19, 2024 at 8:51 AM IST
মঙলদৈ, ১৯ মে' : এখন শতিকা জুৰি চলি অহা পৰম্পৰাগত বিয়া । লোকবিশ্বাস মতে এই বিয়াখনৰ জৰিয়তে দূৰ হয় মানুহৰ অপায়-অমংগল । এই বিয়াখনে কৃষকক পৰিত্ৰাণ দিয়ে খৰাং বতৰৰ পৰা । মাতি আনে বৰষুণ । হয়, আমি ক'বলৈ ওলাইছো অবিভক্ত দৰং জিলাৰ নিজ চিনাকোণাৰ গাঁওবাসীয়ে পাতি অহা এখনপৰম্পৰাগত ভেকুলীৰ বিয়া ।
প্ৰতিবছৰৰ দৰে এইবাৰো জেঠ মাহত গাঁওবাসীয়ে ব্যাপক উৎসাহৰে তথা ধুমধামৰে আয়োজন কৰিছে বিয়াখনৰ । প্ৰধানতঃ প্ৰতি বছৰে বাৰিষাৰ আগমুহূৰ্তত যাতে খেতিয়কৰ খেতিৰ সময়ত কৃষকসকলৰ বুকুৰ আপোন পথাৰখন বৰষুণে জীপাল কৰি তোলে, সেই কামনাৰে স্থানীয় ৰাইজে পৰম্পৰাগতভাৱে সম্পাদন কৰি আহিছে ভেকুলীৰ বিয়াখন ।
গাঁওবাসীৰ মতে প্ৰায় শতিকাজুৰি এই বিয়াখন পাতি অহা হৈছে গাঁওখনত । গাঁওখনৰ এক পৰম্পৰাগত উৎসৱলৈ পৰিণত হৈছে ভেকুলী বিয়াখন । আটকধুনীয়া কৈ মণ্ডপ সাজি, পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে সম্পাদন কৰি অহা এই ভেকুলীৰ বিয়াখনত অৱশ্যেই আন কিছু লোকবিশ্বাসো সংপৃক্ত হৈ আহিছে বুলি সকলোৰে মুখে মুখে চৰ্চিত হৈ আহিছে ।
তেওঁলোকৰ বিশ্বাস এই ভেকুলীৰ বিয়াখন অনুষ্ঠিত কৰিলে, গাঁওখনত নহয় বসন্ত ৰোগকে ধৰি কোনো অপায়-অমংগল । তদুপৰি এই ভেকুলীৰ বিয়াখনত শৰাই আগবঢ়ালে নিঃসন্তান দম্পত্তিয়ে সন্তান লাভ কৰাৰ বিশ্বাসো বহু পুৰণি । কেইবাটাও লোকবিশ্বাসক সৰোগত কৰি শতিকাজুৰি অনুষ্ঠিত হৈ অহা এই ভেকুলী বিয়াখন পৰৱৰ্তী দিনবোৰতো গাঁওবাসীয়ে অনুষ্ঠিত কৰি যাব বুলি উল্লেখ কৰে ।
ককা-আজুককাৰ দিনৰে পৰা পাতি অহা পৰম্পৰা আৰু জনবিশ্বাস ৰক্ষা কৰি শুকুৰবাৰে অনুষ্ঠিত কৰা ভেকুলীৰ বিয়াত পৰম্পৰাগত নৃত্য-গীতেৰে আনন্দ স্ফুৰ্তিত মগন হোৱা দেখা গ’ল গাঁওবাসীক ।

