Train service cancelled : ডিমা হাছাওত ৰেল যাত্ৰীৰ মাজত হাহাকাৰ

author img

By

Published : May 16, 2022, 8:01 AM IST

Train service cancelled

ৰেলসেৱা বাতিলৰ পৰিপ্ৰেক্ষিতত ডিমা হাছাওত ৰেল যাত্ৰীৰ মাজত হাহাকাৰ (Train passengers stranded at New Haflong station)৷ যাত্ৰীক উদ্ধাৰৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰিছে জিলা উপায়ুক্তই ৷ অনিৰ্দিষ্ট কালৰ বাবে পাহাৰীয়া জিলাখনলৈ ৰেলৰ চলাচল বন্ধ ঘোষণা কৰা হৈছে (Train service cancelled indefinitely due to landslide)৷

ডিমা হাছাও, 16 মে’: ডিমা হাছাও জিলাৰ নিউ হাফলং ষ্টেচনত আৱদ্ধ হৈ থকা ৰেলযাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ৰেল যাতায়াত বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰায় 24 ঘণ্টাৰো অধিক সময় ধৰি গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৰ যাত্ৰী সকল নিউ হাফলং ষ্টেচনতে আৱদ্ধ হৈ আছে (Train passengers stranded at New Haflong station)। ইফালে শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখনো ৰেলযাত্ৰীসহ ডিটেকচৰা ষ্টেচনত আৱদ্ধ হৈ আছে (Silchar Guwahati express stranded in Dima Hassao)।

নিউ হাফলং ষ্টেচনত আৱদ্ধ হৈ থকা ৰেলযাত্ৰীসকলে জানিবলৈ দিয়া মতে, যোৱা 24 ঘণ্টাৰো অধিক সময় ধৰি ষ্টেচনত আৱদ্ধ হৈ থকাৰ পিচতো ৰেল বিভাগৰ পৰা তেওঁলোকে কোন ধৰণৰ সহযোগিতা পোৱা নাই । শনিবাৰে নিশা অসম ৰাইফলছে তেওঁলোকক খোৱাৰ বাবে খিচিৰি যোগান ধৰে ৷ বিধায়িকা নন্দিতা গাৰ্লোচাই ৰেলযাত্ৰী সকলৰ বাবে খোৱা পানীৰ যোগান ধৰে ৷ অৱশ্যে দেওবাৰে পুৱা ৰেল বিভাগৰ তৰফৰ পৰা বিস্কুট আৰু পানী যোগান দিয়া হয় ।

আনহাতে, দেওবাৰে দিনৰ ভাগত ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদে ডিটেকচৰা ষ্টেচন আৰু নিউ হাফলং ষ্টেচনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

ডিমা হাছাওত ৰেল যাত্ৰীৰ মাজত হাহাকাৰ

জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে, নিউ হাফলংত আৱদ্ধ হৈ পৰা ৰেলযাত্ৰী সকলক মাইবাঙলৈকে লৈ যোৱাৰ বাবে বাছৰ ব্যৱস্থা কৰা হৈছে ৷ মাইবাঙৰ পৰা এই ৰেলযাত্ৰী সকলক লামডিঙলৈ লৈ যোৱা হ’ব । ইয়াৰোপৰি অসম ৰাইফলছৰ পৰাও বাছৰ ব্যৱস্থা কৰা হয় ৰেলযাত্ৰী সকলক মাইবাঙলৈ লৈ যোৱাৰ বাবে ।

জিলা উপায়ুক্ত নাজৰিন আহমেদে আৰু কয় যে, ইতিমধ্যে ডিটেকচৰা ষ্টেচনত আৱদ্ধ হৈ থকা শিলচৰ-গুৱাহাটী ৰেলগাড়ীখনৰ যাত্ৰী সকলক শিলচৰৰ পৰা এখন ৰেলগাড়ী আহি শিলচৰ লৈ যায় ৷ কিন্তু এতিয়াও শতাধিক মহিলা যাত্ৰী আৱদ্ধ হৈ থকাত তেওঁলোকক ডিটেকচৰা ষ্টেচনৰ পৰা উদ্ধাৰৰ বাবে হেলিকপ্টাৰ ব্যৱস্থা কৰাৰ চেষ্টা চলোৱা হৈছে ।

তেওঁ কয়, ইতিমধ্যে ৰেল বিভাগৰ সৈতে তেওঁৰ কথা হৈছে আৰু দুই তিনি দিনৰ ভিতৰত পাহাৰ লাইনত ৰেলসেৱা স্বাভাৱিক কৰি তোলাৰ চেষ্টা অব্যাহত ৰখা হৈছে ৷ কিন্তু বৰষুণ অব্যাহত থকাত কাম কৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হৈছে বুলি জিলা উপায়ুক্ত নাজৰিন আহমেদে জানিবলৈ দিয়ে । ইপিনে নতুনকৈ লামডিং শিলচৰ ব্ৰডগজ ৰেলপথত ভূমিস্খলন হৈছে ৷

এইবাৰ পাহাৰ লাইনৰ দাওটোহাজা আৰু ফাইডিং ষ্টেচনৰ মাজতে 77/3-4 কিলোমিটাৰ অংশত প্ৰায় 100 মিটাৰ এলেকা জুৰি ৰেল লাইনৰ তলৰ পৰা মাটি খহি পৰে, যাৰ বাবে এই এলেকাত ৰেল লাইন এতিয়া ওলমি ৰৈছে (Terrible landslide in Dima Hassao)৷

উল্লেখ্য যে, বিগত কেইবাদিনো হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত পাহাৰীয়া জিলাখনৰ ৰেলযাত্ৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷ ডিমা হাছাও জিলালৈ ৰেলৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বাতিল কৰা হৈছে ৷ কেইবাটাও স্থানত ৰেলপথৰ ব্যাপক ক্ষতি সাধন হৈছে যদিও বৰ্তমানলৈকে ৰেলপথ সমূহৰ মেৰামতি সম্পূৰ্ণ কৰি তুলিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: ভূমিস্খলনৰ ফলত ডিমা হাছাওত অনিৰ্দিষ্ট কাললৈ ৰেলৰ চলাচল বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.