ETV Bharat / state

ভূমিস্খলনৰ ফলত ডিমা হাছাওত অনিৰ্দিষ্ট কাললৈ ৰেলৰ চলাচল বন্ধ

author img

By

Published : May 14, 2022, 7:40 PM IST

Lumding Silchar train service cancelled
ভূমিস্খলনৰ ফলত ডিমা হাছাওত অনিৰ্দিষ্টকাললৈ ৰেলৰ চলাচল বন্ধ

প্ৰতি মূহুৰ্ত্বত ভয়াবহ দিশে গতি কৰিছে ডিমা হাছাওৰ পৰিস্থিতি । ভয়াবহ ভূমিস্খলনে প্ৰাণ লৈছে বহুজনৰ(Terrible landslide has killed many people) । ভয়ংকৰ ভূমিস্খলনৰ ফলতেই অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হ'ল শিলচৰ লামডিং বডগ্ৰজ ৰেলপথ (Lumding Silchar train service cancelled indefinitely due to landslide ) ।

ডিমা হাছাও,১৪ মে': ডিমা হাছাও জিলাত ভয়ংকৰ ভূমিস্খলনৰ ফলত শিলচৰ-লামডিঙৰ মাজত ৰেলসেৱা অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰা হৈছে (Lumding Silchar train service cancelled indefinitely due to landslide)। পাহাৰীয়া জিলাখনৰ বিভিন্ন অংশত ভূমিস্খলনৰ ফলতে বন্ধ হৈ পৰে এই ৰে'ল সেৱা ।

ইপিনে অনিৰ্দিষ্ট কালৰ বাবে জিলাখনৰ মাজেৰে ৰেলৰ চলাচল বন্ধ হৈ পৰাৰ বাবে নিউ হাফলং ষ্টেচনত আবদ্ধ হৈ পৰিছে গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে'লখন । ফলত খাদ্যৰ অভাৱত প্ৰায় ২ হাজাৰ ৰে'ল যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । নিউ হাফলং ষ্টেচনৰ পৰা হাফলং চহৰলৈ এই পথচোৱা ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰাত যাত্ৰী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

ভূমিস্খলনৰ ফলত ডিমা হাছাওত অনিৰ্দিষ্টকাললৈ ৰেলৰ চলাচল বন্ধ

ইফালে ভূমিস্খলনৰ ফলত লাংটিং ষ্টেচন আৰু মাইবং ষ্টেচনত আবদ্ধ হৈ পৰিছে চিয়ালদাহ আগৰতলা এক্সপ্ৰেছখনো । আনহাতে লামডিং আৰু গুৱাহাটী-বদৰপুৰৰ মাজত চলাচল কৰা ভিষ্টাড্ৰোম ৰে'লখন গুৱাহাটীলৈ লৈ যোৱা হয় ।

কিন্তু নিউ হাফলং ষ্টেচনৰ আগৰ আৰু পিছৰ ৰে'লপথচোৱাত ভূমিস্খলন হোৱাৰ ফলত ৰে'লপথ বন্ধ হৈ পৰাৰ বাবে গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে'লগাড়ীখন নিউ হাফলং ষ্টেচনত আবদ্ধ পৰে । ইপিনে জিলাখনৰ লগত ৰাজ্যৰ অন্যান্য অংশৰ যোগাযোগ প্ৰায় বিছিন্ন হৈ পৰিছে (Dima Hasao connection with other parts of state has almost been cut off) ।

লগতে পঢ়ক: লখিমপুৰত ড্ৰাগছ জব্দ, মহিলাসহ আটক ৭ গৰাকী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.