ETV Bharat / state

লখিমপুৰত ড্ৰাগছ জব্দ, মহিলাসহ আটক ৭ গৰাকী

author img

By

Published : May 14, 2022, 6:00 PM IST

লখিমপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । বান্দৰদেৱাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ (Drugs seized in Lakhimpur)। ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ৭ গৰাকী লোকক আটক । আটকাধীন লোকসকলৰ ভিতৰত ২ গৰাকী মহিলাও আছে ।

Lakhimpur
লখিমপুৰত ড্ৰাগছ জব্দ

লখিমপুৰ,১৪ মে' : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Assam police raid against drugs)। অসম আৰক্ষীয়ে প্ৰতিখন জিলাতে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । তেনে অভিযানৰ মাজতে লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ (Police seized drugs in Lakhimpur)। বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে অভিযান চলায় বান্দৰদেৱাৰ পৰা জব্দ কৰে এই ড্ৰাগছখিনি ।

যোৱা নিশা তৰাজুলিত গুৱাহাটীৰ পৰা মাজুলী অভিমুখে গৈ থকা AS-01-MC-7633 নম্বৰৰ বাছখনত আৰক্ষীয়ে তালাচী চলায় ড্ৰাগছখিনি জব্দ কৰে । লগতে দুজন লোককো আৰক্ষীয়ে আটক কৰে (Drugs smuggler arrested in Lakhimpur)। আটকাধীন লোক কেইজন বান্দৰদেৱাৰ হেমা নেৱাৰ আৰু জিৱাউল আলি বুলি জানিব পৰা গৈছে ।

লখিমপুৰত ড্ৰাগছ জব্দ

আৰক্ষী সূত্ৰই জনোৱা মতে নগাঁৱৰ পৰা বান্দৰদেৱাৰ দুই নং পাৰ্ৱতীপুৰত বিক্ৰী কৰিবলৈ লৈ গৈছিল ড্ৰাগছখিনি । কিন্তু বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ নেতৃত্বত অভিযানকাৰী দলটোৱে তেওঁলোকক আটক কৰাৰ লগতে ড্ৰাগছখিনি জব্দ কৰে ।

ইফালে আৰক্ষীয়ে উক্ত ঘটনা সংক্ৰান্তত আন এক ড্ৰাগছ বিৰোধী অভিযানত মহিলাসহ মুঠ সাতগৰাকী লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ জালত পৰা বাকী লোকসকল হৈছে ক্ৰমে ইবুল আলি, ৰিতুল ভূঞা, ৰাহুল নেৱাৰ, বাবু খান আৰু মায়া শৰ্মাক নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ লখিমপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে এই অভিযানত ৭ টা চাবোনৰ বাকচত মুঠ ৮০.৮৪ গ্ৰাম সন্দেহজনক ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই অভিযান লখিমপুৰ আৰক্ষীৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে সফল আৰু বৃহৎ অভিযান হিচাপে চিহ্নিত হৈছে ।

ইফালে শেহতীয়াকৈ দেখা গৈছে যে অসম-অৰুণাচল সীমান্তত ড্ৰাগছৰ সৰবৰাহ যথেষ্ট বৃদ্ধি পাইছে । বিশেষকৈ বান্দৰদেৱা অঞ্চল ড্ৰাগছ সৰবৰাহকাৰীৰ ঘাটি হিচাপে চিহ্নিত হৈছে । আৰক্ষীয়ে বহু সময়ত উক্ত অঞ্চলত অভিযান চলাই আছিল যদিও ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰাত আৰক্ষী বিফল হৈছে ।

লগতে পঢ়ক :বৰপেটাত সোণৰ নাওঁসহ আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.