ETV Bharat / state

বৰপেটাত সোণৰ নাওঁসহ আটক দুজন

author img

By

Published : May 14, 2022, 2:12 PM IST

ৰাজ্যত অব্যাহত আছে অবৈধভাৱে সোণৰ বেহা (Fake Gold Business)৷ এই সন্দৰ্ভত আৰক্ষী কঠোৰ হোৱাৰ পাচতো বৰপেটাৰোডৰ বেঁকীৰপাৰ বালাভিঠাত জব্দ এখন সোণৰ নাওঁ ৷ লগতে এই সংক্ৰান্তত দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

Fake Gold Business
বৰপেটাত সোণৰ নাওঁসহ আটক দুজন

বৰপেটাৰোড, 14 মে’ : বৰপেটাত জব্দ হৈছে সোণৰ নাওঁ ৷ বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰোডৰ বেঁকীৰপাৰ বালাভিঠাৰ পৰা এখন সোণৰ নাওঁসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে (Two people arrested with gold in Barpeta)৷ আটকাধীন যুৱকদ্বয়ৰ নাম ছাদ্দাম আলী আৰু নবী হুছেইন ৷ আটকাধীন দুয়োজন যুৱকৰ ঘৰ লক্ষিমপুৰৰ নাওবৈচাত বুলি জানিব পৰা গৈছে৷

বৰপেটাৰোডৰ বেঁকীৰ পাৰ বালাভিঠাৰ ৰহম আলী নামৰ এজন লোকৰ ঘৰত বিগত এবছৰৰ ভাড়াতীয়া হিচাপে আছিল আটকাধীন দুই যুৱক । স্থানীয় লোকে বিগত এবছৰৰ পৰাই যুৱকদ্বয়ৰ চাল চলনৰ ওপৰত সন্দেহ ওপজিছিল ৷ ঘটনাৰ বিৱৰণি অনুসৰি, শুকুৰবাৰে বিয়লিৰ ভাগত আটকাধীন দুই যুৱকৰ ভাড়াতীয়া ৰুমলৈ আহিছিল আইন দুই যুৱক ৷

Fake Gold Business
বৰপেটাত সোণৰ নাওঁসহ আটক দুজন

তেনে সময়তে স্থানীয় লোকে সন্দেহবসত আটকাধীন দুই যুৱকৰ ভাড়াতীয়া ঘৰত প্ৰৱেশ কৰি সোধাপোছা কৰে ৷

কিন্তু ছাদ্দাম আলী আৰু নবী হুছেইনৰ ৰুমলৈ অহা আইন দুই যুকে চেক বুজি সেই স্থানৰ পৰা পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে দুই যুৱকক উত্তম-মধ্যম দি গতাই দিয়ে বৰপেটাৰোড আৰক্ষীক ৷ বৰপেটাৰোড আৰক্ষীৰ অভিযানত ছাদ্দাম আলী আৰু নবী হুছেইনৰ পৰা জব্দ কৰে প্ৰায় 2 কেজি ওজনৰ এখন সোণৰ নাওঁ জব্দ কৰে(Fake Gold Business) ৷

বৰপেটাত সোণৰ নাওঁসহ আটক দুজন

সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে আটকাধীন যুৱকদ্বয় ৷ বৰপেটাৰোড আৰক্ষী থানাত এই সন্দৰ্ভত আটকাধীন দুই যুৱকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : 24 ঘন্টাত জামুগুৰিহাটত আটক 7 নকল সোণৰ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.