ETV Bharat / state

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চৰ তদন্ত

author img

By

Published : Jun 8, 2022, 3:39 PM IST

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চৰ তদন্ত (Inquiry against Rupjyoti Kurmi) । ২০১১-১২ ৰ পৰা ২০১৬-১৭ বৰ্ষলৈ বিধায়ক পুঁজিৰ ব্যৱহৃত হোৱা দুৰ্নীতিৰ তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে (CMs Special Vigilance Cell) ৷

Inquiry against Rupjyoti Kurmi
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চ

যোৰহাট, 8 জুন: মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চৰ তদন্ত । তিনিজনীয়া দলে চলাইছে অভিযান । ২০১১-১২ ৰ পৰা ২০১৬-১৭ বৰ্ষলৈ বিধায়ক পুঁজিৰ ধন ব্যৱহাৰত হোৱা দুৰ্নীতিৰ তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে (CMs Special Vigilance Cell) ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চ

কংগ্ৰেছৰ পৰা দল বাগৰি বিজেপি দলত যোগদান কৰি উপ-নিৰ্বাচনৰ জৰিয়তে পুনৰ মৰিয়নী বিধান সভা সমষ্টিত বিধায়ক হ’ল ৰুপজ্যোতি কুৰ্মী । কিন্তু বৰ্তমানৰ বিজেপি বিধায়কজনৰ বিৰুদ্ধে আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান । উল্লেখযোগ্য যে, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিধায়ক পুঁজিৰ ধন ব্যৱহাৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Corruption allegation against Rupjyoti Kurmi) ।

শাসকীয় দলৰ বিধায়কগৰাকীৰ বিৰুদ্ধে এইদৰে চিএম ভিজিলেঞ্চৰ দলে অভিযান আৰম্ভ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সচেতন মহলত (Inquiry against Rupjyoti Kurmi)।

লগতে পঢ়ক: মন্ত্ৰীসভা সম্প্ৰসাৰণ : যি বাব দিয়ে তাতেই সন্তুষ্ট হ’ব যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.