ETV Bharat / state

নতুন মন্ত্ৰী: কাইলৈ শপত ল'ব জয়ন্তমল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই

author img

By

Published : Jun 8, 2022, 5:39 PM IST

কাইলৈ ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ ৷ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব পালন কৰি অহা নলবাৰী সমষ্টিৰ দুবাৰৰ বিধায়ক জয়ন্তমল্ল বৰুৱা আৰু হাফলঙৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ অহা উচ্চ শিক্ষিতা নন্দিতা গাৰ্লোচাই কাইলৈ মন্ত্ৰীৰূপে শপত লব ৷

নতুন মন্ত্ৰী: কাইলৈ শপত ল'ব জয়ন্তমল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই
নতুন মন্ত্ৰী: কাইলৈ শপত ল'ব জয়ন্তমল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই

গুৱাহাটী, 8 জুন: অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নতুনকৈ দুজন বিধায়কক স্থান দিয়া হ'ল । মিত্ৰদলক বাদ দি নিজ দলৰে দুই বিধায়কক বিজেপিয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত অন্তৰ্ভুক্ত কৰিলে (Two BJP MLAs to be included in ministry) । এই দুই সৌভাগ্যবান হৈছে নন্দিতা গাৰ্লোচা আৰু জয়ন্তমল্ল বৰুৱা ।

আজি তেওঁলোকৰ নাম ঘোষণা কৰা হয় । কাইলৈ বিয়লি 3 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মন্ত্ৰী দুগৰাকীয়ে শপত গ্ৰহণ কৰিব । মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব পালন কৰি অহা নলবাৰী সমষ্টিৰ দুবাৰৰ বিধায়ক জয়ন্তমল্ল বৰুৱাৰ নামটো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত বিশেষভাৱে চৰ্চাত আছিল । সেই চৰ্চা অনুসৰি অৱশেষত তেওঁ মন্ত্ৰীসভাত স্থান পালে (Jayanta Malla Baruah will take oath as minister) । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলৰ বহুচৰ্চিত 'দাদা ব্ৰিগেড'ৰ তেওঁ আছিল অন্যতম এজন সদস্য । যাৰ বাবে তেওঁ মন্ত্ৰিত্ব পোৱাটো একপ্ৰকাৰ নিশ্চিত আছিল ।

নতুন মন্ত্ৰী: কাইলৈ শপত ল'ব জয়ন্তমল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই
নতুন মন্ত্ৰী: কাইলৈ শপত ল'ব জয়ন্তমল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই

ইফালে হাফলঙৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ অহা উচ্চ শিক্ষিতা নন্দিতা গাৰ্লোচাই বিধায়িকা হিচাপে এবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পাছতেই মন্ত্ৰিত্ব লাভ কৰিলে (Haflong MLA Nandita Garlosa to be included in ministry) । উল্লেখ্য যে এইবাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত পাহাৰৰ এজন বিধায়কে স্থান লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই ঘোষণা কৰি থৈছিল । মুখ্যমন্ত্ৰীৰ সেই ঘোষণাৰ পাছতেই নন্দিতা গাৰ্লোচাৰ নামটো চৰ্চালৈ আহিছিল ।

অৱশেষত মুখ্যমন্ত্ৰীয়ে কথা মতে পাহাৰৰ এগৰাকীক মন্ত্ৰিত্ব দিলে । উল্লেখ্য যে কাৰ্বি পাহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সকলোকে আচৰিত কৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত ঘোষণা কৰিছিল৷ তাৰ পাছতে কোনে সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান পাব তাকে লৈ আৰম্ভ হৈছিল ব্যাপক চৰ্চা । বিজেপিৰ মিত্ৰদল ইউ পি পি এল আৰু অগপই এই সম্প্ৰসাৰণত স্থান লাভ কৰিব বুলি আশা কৰিছিল । কিন্তু অৱশেষত মিত্ৰদলৰ আশা ভংগ হ'ল । আজি ঘোষিত বিজেপিৰ দুয়োগৰাকী বিধায়কে কাইলৈ বিয়লি মন্ত্ৰী হিচাপে শপত ল'ব ।

লগতে পঢ়ক: কাইলৈ ড৹ শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ: অন্তৰ্ভুক্ত হ'ব বিজেপিৰ দুই বিধায়ক

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.