ETV Bharat / state

কাইলৈ ড৹ শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ: অন্তৰ্ভুক্ত হ'ব বিজেপিৰ দুই বিধায়ক

author img

By

Published : Jun 8, 2022, 4:07 PM IST

কাইলৈ ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ ৷ দুজনকৈ নতুন মন্ত্ৰীয়ে শপত লব কাইলৈ ৷ দুয়োজনেই হ'ব বিজেপিৰ প্ৰতিনিধি ৷ মিত্ৰদলৰ কোনো বিধায়ক এই সম্প্ৰসাৰণত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নহ'ব ৷

কাইলৈ ড৹ শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ: অন্তৰ্ভুক্ত হ'ব বিজেপিৰ দুই বিধায়ক
কাইলৈ ড৹ শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ: অন্তৰ্ভুক্ত হ'ব বিজেপিৰ দুই বিধায়ক

গুৱাহাটী,৮ জুনঃ বৃহস্পতিবাৰে বিয়লি তিনি বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপতগ্ৰহণ কৰিব দুজনকৈ নতুন মন্ত্ৰীয়ে আৰু নতুনকৈ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'বলগীয়া এই দুয়োজন মন্ত্ৰীয়েই হ'ব বিজেপিৰ (Two BJP MLAs will be included in ministry tomorrow) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত সাংবাদিকৰে হোৱা বাৰ্তালাপত এই কথা স্পষ্ট কৰি দিছে ৷ তেওঁ লগতে আৰু কয় যে মন্ত্ৰীসভাত বৰ্তমান পাচঁখন আসন খালি হৈ আছে আৰু ইয়াৰে দুখন আসন কাইলৈ পুৰণ কৰা হ'ব ৷ এই সম্প্ৰসাৰণত মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ কোনো প্ৰতিনিধি অন্তৰ্ভুক্ত নহ'ব বুলিও ড৹ শৰ্মাই আজি ঘোষণা কৰে ৷

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত অসম চৰকাৰতো এটা নতুন বিভাগ মুকলি কৰা হ'ব (Assam government is going to open a new department) ৷ সমাজ কল্যাণ আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ পৰা একোটা অংশ কৰ্তন কৰি এই নতুন বিভাগটো গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷ উল্লেখ্য যে মন্ত্ৰীসভাৰ বহুচৰ্চিত সম্প্ৰসাৰণৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ শৰ্মা দিল্লীলৈ গৈ দলৰ শীৰ্ষ নেতৃত্বৰে বৈঠকত মিলিত হোৱাৰ কথা আছিল যদিও সেয়া স্থগিত হয় ।

কাইলৈ ড৹ শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ: অন্তৰ্ভুক্ত হ'ব বিজেপিৰ দুই বিধায়ক

দিল্লীলৈ যোৱাৰ পৰিৱৰ্তে নেতৃত্বৰে ফোনতে কথা পাতি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়টো চূড়ান্ত কৰা হৈছে বুলি জানিব পৰা গৈছে । উল্লেখ যে কাৰ্বি পাহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সকলোকে আচৰিত কৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত ঘোষণা কৰিছিল৷ সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্ত ঘোষণা কৰাৰ লগতে কৈছিল যে ৬ জুনত তেওঁ নতুন দিল্লীলৈ যাব ৷

নতুন দিল্লীত দলৰ হাইকামাণ্ডৰে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়ে সবিশেষ কথা পাতি নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’বলগীয়া সকলৰ নাম ৮ জুনত ঘোষণা কৰিব৷ ৯ জুনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব৷ ক্ষুদ্ৰ পৰিসৰত হ’বলগীয়া এই সম্প্ৰসাৰণত অন্তৰ্ভুক্ত হ’বলগীয়া মন্ত্ৰীসকলৰ নাম হাইকামাণ্ডৰে আলোচনা কৰাৰ পিছতহে ঘোষণা কৰাৰ কথা আছিল ৷ কিন্তু এতিয়া দিল্লীলৈ যোৱাৰ পৰিৱৰ্তে হাইকামাণ্ডৰে ফোনতে এই সন্দৰ্ভত কথা পাতি চূড়ান্ত কৰা হৈছে নতুন মন্ত্ৰীৰ নাম ৷

লগতে পঢ়ক: বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চৰ তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.