Ganja seized at Karimganj: কৰিমগঞ্জত যাত্ৰীবাহী বাহনত উদ্ধাৰ গাঞ্জা

By

Published : Jun 8, 2022, 4:14 PM IST

thumbnail

অসম আৰক্ষীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পিছতো অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়(Assam Police against drugs and ganja) ৷ নিতৌ কৌশল সলনি কৰি ড্ৰাগছ তথা গাঞ্জা ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে এই চোৰাং কাৰবাৰ ৷ আৰক্ষীয়েও প্ৰতিদিনেই জব্দ কৰি আহিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । এইবাৰ কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ কাঠালতলী আৰক্ষীৰ অভিযানত যাত্ৰী কঢ়িয়াই নিয়া এখন বাহনৰ পৰা উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ গাঞ্জা(Ganja seized at Karimganj) ৷ অভিযানত AS 10 AC 3730 নম্বৰৰ যাত্ৰী কঢ়িয়াই অনা চাৰিচকীয়া বাহনখনৰ পৰা উদ্ধাৰ হয় প্ৰায় 69 কেজি গাঞ্জা, যাৰ বজাৰ মূল্য প্ৰায় সাত লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ জব্দকৃত গাঞ্জাখিনিৰ লগতে এগৰাকী মহিলাসহ তিনিজন যুৱক ক্ৰমে নিশা কুমাৰী ,অনুৰাগ কুমাৰ, গলু কুমাৰ, ৰাজ কুমাৰক আটক কৰা হয়(Four arrested with Ganja) ৷ গাঞ্জাখিনি ত্ৰিপুৰাৰ পৰা গুৱাহাটী আৰু তাৰ পিছতে বিহাৰলৈ লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.