ETV Bharat / state

Assam cabinet expansion: ৰাজেন গোঁহাইৰ বক্তব্যই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত প্ৰভাৱ পেলোৱাৰ আশংকা

author img

By

Published : Jun 8, 2022, 3:51 PM IST

ন-পুৰণিৰ বিতৰ্কক লৈ ৰাজ্যিক বিজেপিৰ অভ্যন্তৰত সংঘাত । মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ প্ৰসংগত পুৰণিৰ ক্ষোভৰ বহিঃপ্ৰকাশ (Assam cabinet expansion) । মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত দলৰ দুই প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দত্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক একপ্ৰকাৰে সকীয়নিয়ে দিলে ৰাজেন গোঁহায়ে (Rajen Gohain statement risks impacting cabinet expansion) । কাইলৈ বিয়লি স্পষ্ট হ'ব কোনে পাব মন্ত্ৰীসভাত স্থান ৷

Assam cabinet expansion
ৰাজেন গোঁহাইৰ বক্তব্যই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত প্ৰভাৱ পেলোৱাৰ আশংকা

গুৱাহাটী, 8 জুন : অসম বিজেপিত নতুনকৈ বিজেপি হোৱা সকলে পুৰণিক গ্ৰাস কৰাৰ অভিযোগ নতুন নহয় যদিও শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ অভ্যন্তৰত সৃষ্টি হোৱা ন-পুৰণিৰ সংঘাত যেন ক্ৰমাৎ তুংগত উঠিছে । বিশেষকৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ প্ৰসংগ (Expansion of Assam cabinet) অহাৰ লগে লগে পুৰণিৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে ।

শেহতীয়াকৈ দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে কৰা মন্তব্যই ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে বাজপেয়ী ভৱনত । মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত দলৰ দুই প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দত্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যেন একপ্ৰকাৰে সকীয়নিয়ে দিলে গোহাঁয়ে (Rajen Gohain's statement risks impacting cabinet expansion) ।

আনকি ক্ষমতা পোৱাৰ বাবে অহংকাৰী নহ’বলৈও বৰ্তমানৰ দলৰ নেতৃত্বক নীতিশিক্ষা দিলে দলৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ।

দল আৰু চৰকাৰত পুৰণি নেতা-কৰ্মীক যথাযোগ্য সন্মান আৰু মৰ্যাদা নিদিয়া বুলি ৰাজেন গোহাঁয়ে দীৰ্ঘদিন ধৰি ৰাজহুৱাভাৱে অভিযোগ উত্থাপন কৰি আহিছে । শেহতীয়াকৈ পুনৰ অনুৰূপ অভিযোগ উত্থাপন কৰি দলৰ পুৰণি কৰ্মীক গুৰুত্ব দিবলৈ তেওঁ একপ্ৰকাৰ দাবী জনাই বৰ্তমানৰ নেতৃত্বক । বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

লগতে পঢ়ক : কূটাঘাতৰ পৰিকল্পনা আলফা স্বাধীনৰ: কেন্দ্ৰৰ সতৰ্কবাণী

পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাহিৰৰ পৰা দললৈ আনি মুখ্যমন্ত্ৰী পতা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, বিজেপিৰ অভ্যন্তৰত ন-বিজেপি আৰু পুৰণি বিজেপিৰ মাজত দীৰ্ঘদিন ধৰি উমি উমি জ্বলি থকা ক্ষোভ আৰু অসন্তুষ্টিৰ বহিঃপ্ৰকাশ যেন ৰাজেন গোহাঁইৰ ভাষ্যৰ মাজেদি ঘটিল ৷

ৰাজেন গোহাঁইৰ কঠোৰ সকীয়নিৰ প্ৰভাৱ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে । ইতিমধ্যে শংকিত হৈ পৰিছে মন্ত্ৰিত্বপ্ৰত্যাশী একাংশ ন-বিজেপি বিধায়ক ৷ ৰাজেন গোহাঁয়ে নিজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটোৱাৰ পাছত কিন্তু এই পৰ্যন্ত অন্য কোনো পুৰণি বিজেপি নেতাই অৱশ্যে মুখ খুলি এই সন্দৰ্ভত একো কথা কোৱা নাই ৷

কিন্তু দলটোৰ বহু পুৰণি তথা ক্ষোভিত নেতা-কৰ্মীয়ে ৰাজেন গোহাঁইক সন্মুখত ৰাখি ন-বিজেপিৰ আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ দিবলৈ সাঁজু হোৱা বুলি দলৰ এক সূত্ৰত প্ৰকাশ । অৱশ্যে বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে ৰাজেন গোহাঁইৰ অভিযোগ আৰু অসন্তুষ্টিক সমৰ্থন জনাই সংবাদ মাধ্যমৰ আগত কয় যে, ৰাজেন গোহাঁইৰ মন্তব্য একেবাৰে অমূলক নহয় ।

পূৰ্বৰ সকলে কৰা কষ্টৰ বিনিময়ত বিজেপি শাসনলৈ আহিছে বুলি তেওঁ মন্তব্য কৰে । ৰাজেন গোঁহাইৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাৰ পাচতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ দিশটোত প্ৰভাৱ পৰা বুলি জানিব পৰা গৈছে । অৱশ্যে সকলো কাইলৈ বিয়লি স্পষ্ট হ'ব । কাৰণ কাইলৈ বিয়লি কোনে মন্ত্ৰীসভাত নতুনকৈ স্থান পাব সেয়া নিশ্চিত হ'ব ।

লগতে পঢ়ক : মন্ত্ৰীসভা সম্প্ৰসাৰণ : যি বাব দিয়ে তাতেই সন্তুষ্ট হ’ব যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.