ETV Bharat / city

কূটাঘাতৰ পৰিকল্পনা আলফা স্বাধীনৰ: কেন্দ্ৰৰ সতৰ্কবাণী

author img

By

Published : Jun 8, 2022, 3:04 PM IST

ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা আলফা স্বাধীনৰ সাংগঠনিক আৰু সামৰিক সক্ৰিয়তাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ । ️কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সতৰ্ক কৰি দিছে যে আলফা স্বাধীনে অসমত অসামৰিক লোক, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে ।

কূটাঘাতৰ পৰিকল্পনা আলফা স্বাধীনৰ: কেন্দ্ৰৰ সতৰ্কবাণী
কূটাঘাতৰ পৰিকল্পনা আলফা স্বাধীনৰ: কেন্দ্ৰৰ সতৰ্কবাণী

গুৱাহাটী, 8 জুন: কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আলফা (স্বাধীন) সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে । ️ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা আলফা (স্বা)ৰ সাংগঠনিক আৰু সামৰিক সক্ৰিয়তাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ । ️কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সতৰ্ক কৰি দিছে যে আলফা (স্বা)ই অসমত অসামৰিক লোক, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে (Home ministry alert ULFA I may attack civilian) । ️

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰিছে এই তথ্য । ️কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লাভ কৰা তথ্য অনুসৰি আলফা (স্বা)ই অসমত অসামৰিক লোক, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণৰ ব্লু-প্ৰিন্ট ৰচনা কৰিছে । যুদ্ধ বিৰতিৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শিথিলতাৰ সুযোগ লৈ আলফা (স্বা)ই পুনৰ কূটাঘাতৰ পৰিকল্পনা কৰিছে ।

বিগত কেইটামান মাহত অসমৰ বহু যুৱক-যুৱতী আলফা (স্বা)ত যোগদান কৰাক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ । ️ইয়াৰ পাছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সতৰ্ক কৰি দিয়াৰ লগতে এন আই এক এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে (Home department ordered to NIA to enquiry) । লক্ষণীয় বিষয় যে অসম চৰকাৰে বিশেষকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফা (স্বা)ৰে শান্তি আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ সময়তে শ-শ যুৱক-যুৱতী আলফামুখী হৈছে । শান্তি আলোচনাৰ বিপৰীতে আলফা (স্বা)ই ভেঁটি শক্তিশালী কৰাত বিশেষ গুৰুত্ব দিছে । যাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ । বিষয়টোক কেন্দ্ৰই সহজভাৱে লোৱা নাই ।

লগতে পঢ়ক: মন্ত্ৰীসভা সম্প্ৰসাৰণ : যি বাব দিয়ে তাতেই সন্তুষ্ট হ’ব যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.