ETV Bharat / state

মন্ত্ৰীসভাত এজন হিন্দু বাঙালী লোকক মন্ত্ৰিত্ব প্ৰদানৰ দাবী বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ

author img

By

Published : Jun 8, 2022, 6:38 PM IST

বৃহস্পতিবাৰে অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু কাৰ্বি আংলং বেংগলী সমাজৰ যৌথ উদ্যোগত আয়োজন কৰা হয় এখনি সংবাদমেল(Pressmeet of All Assam Bengali Youth Student Federation) ৷

Pressmeet of All Assam Bengali Youth Student Fedaration
সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সংবাদমেল

হোজাই, 8 জুন : বুধবাৰে গৰকাপ্তানী বিভাগৰ আৱর্ত ভৱনত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু কাৰ্বি আংলং বেংগলী সমাজৰ (Karbi Anglong Bangali Samaj)যৌথ উদ্যোগত আয়োজন কৰা হয় এখনি সংবাদমেলৰ(Pressmeet of All Assam Bengali Youth Student Federation) ৷ এই সংবাদমেলত উপস্থিত থাকে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ কেন্দ্ৰীয় সভাপতি দীপক দে'ৰ লগতে কেইবাগৰাকীও দলীয় কৰ্মী ৷

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সংবাদমেল

ইফালে, এই সংবাদমেলৰ জৰিয়তে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ কেন্দ্ৰীয় সভাপতি দীপক দে'ই কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত হাওৰাঘাট সমষ্টিৰ পৰা এজন হিন্দু বাংগালী লোকক বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিলৈ ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে ৯ জুন অৰ্থাৎ কাইলৈ সম্প্ৰসাৰণ হ'বলগীয়া অসম মন্ত্ৰীসভাত এজন হিন্দু বাঙালী লোকক মন্ত্ৰিত্বৰ দায়িত্ব প্ৰদান কৰিবলৈ সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীক দাবী জনায় সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ।

লগতে পঢ়ক : কাইলৈ ড৹ শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ: অন্তৰ্ভুক্ত হ'ব বিজেপিৰ দুই বিধায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.