ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 17, 2022, 3:08 PM IST

top-10-at-3pm
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

BPF chief meets RSS leader Indresh Kumar: বিজেপিত মিলি যাব নেকি হাগ্ৰামাৰ বিপিএফ !

আৰএছএছ-বিজেপিৰ নেতাৰ চৰণত ধৰি শৰণ বিচৰা হাগ্ৰামাৰ ফটোক লৈ ৰাজ্যজুৰি খলকনি(BPF leader Hagrama Mohilary) ৷ সলনি হ’ব নেকি বড়োভূমিৰ ৰাজনীতি ! পুনৰ বিটিএডিৰ শাসনৰ নেতৃত্বলৈ আহিব নেকি হাগ্ৰামা ? ইয়াকে লৈ সকলোৰে মাজত চলিছে সৰৱ চৰ্চা ৷

Zubeen Garg Birthday : জুবিনৰ সৈতে কটোৱা সময়বোৰ স্মৰণ কৰিলে দুই বন্ধুৱে

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ বাবে সাজু অনুৰাগীসকল (Zubeen Garg Birthday)। কিন্তু বাল্যকালত বা কলেজত পঢ়ি থকা সময়চোৱাত কেনে আছিল জুবিন গাৰ্গ ? শিল্পীগৰাকীৰ দুই বন্ধুৱে ইটিভি ভাৰতৰ আগত ক'লে পুৰণি বহু কথা ।

AAPLA Militants surrendered: আপলাৰ স্বয়ম্ভু উপ-সেনাধ্যক্ষসহ ৯ দুধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ

আদিবাসী পিপʼলছ লিবাৰেশ্যন আৰ্মী চমুকৈ আপলাৰ স্বয়ম্ভু উপ-সেনাধ্যক্ষ, এৰিয়া কমাণ্ডাৰ সহ ৯ দুধৰ্ষ উগ্ৰপন্থী কেডাৰৰ অস্ত্ৰসহ আত্মসমৰ্পণ (AAPLA Militants surrendered at khotkhoti) ৷

Road Accident in Lakhimpur: ট্ৰাকৰ খুন্দাত নিহত বাইক আৰোহী

লখিমপুৰ জিলাৰ তৰাজুলীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road Accident in Lakhimpur) । এই দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হয় (One dead in Road accident)। জানিব পৰা মতে তেজপুৰৰ পৰা লখিমপুৰ অভিমুখে আহি থকা AS 07BC 4585 নম্বৰৰ এখন ট্ৰাকৰ খুন্দাত AS 07 R 8256 নম্বৰৰ মটৰচাইকেলৰ আৰোহীজন থিতাতে নিহত হয় ।

Asomiya yuva manch protest: আমগুৰিত অসমীয়া যুৱ মঞ্চৰ পথ অৱৰোধ

আমগুৰিত উত্তাল প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ ৷ প্ৰায় আধাঘণ্টা ধৰি পথ অৱৰোধ প্ৰতিবাদকাৰীৰ (Asomiya yuva manch protest at Amguri) ৷ চাৰিলেনযুক্ত পথৰ বাবে মাটি যোগান ধৰা ডাম্পাৰৰ উপদ্ৰৱৰ বিৰুদ্ধে এই প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ ৷

Wild elephant terror: বন্যহস্তীক লৈ আতংকিত বঢ়মপুৰৰ বালিজুৰিবাসী

নগাঁৱৰ বঢ়মপুৰৰ বালিজুৰিত বন্যহস্তীৰ আতংক (Wild elephant scare at Balijuri)। গধূলি হ'লেই শ শ হাতী প্ৰৱেশ কৰে ধাননি পথাৰত । স্থানীয় লোকে ফটকা ফুটাই, জুই জ্বলাইও হাতী খেদাত ব্যৰ্থ হৈছে । বন বিভাগৰ ভূমিকাত অসন্তুষ্ট অঞ্চলটোৰ ৰাইজ ।

Assam youth trapped in Kolkata: কৰ্মসংস্থাপনৰ বাবে গৈ কলকাতাত আৱদ্ধ অসমৰ 40 জনীয়া যুৱকৰ দল

এইবাৰ কলকতাৰ এটা প্ৰতিষ্ঠানত কাম দিয়াৰ প্ৰলোভনেৰে অসমৰ পৰা লৈ যোৱা 40 জনীয়া যুৱকৰ দল এটা চহৰখনত আৱদ্ধ হৈ থকাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে (4o Assam youth trapped in Kolkata)৷

Walong War: ১৯৬২ চনৰ ৱালং যুদ্ধৰ বীৰ জোৱানক স্মৰণ

১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত ৱালং যুদ্ধত ভাৰতীয় সেনাই চীনা সৈন্যৰ বিৰুদ্ধে বীৰত্ব প্ৰদৰ্শন কৰিছিল (China India War of 1962)। ভাৰতীয় সেনাবাহিনীয়ে ২৭ দিনলৈ ভাৰতৰ ভূমিলৈ আগবাঢ়ি অহা পিএলএ জোৱানসকলক প্ৰতিৰোধ কৰি ৰাখিছিল ।

Guwahati Mob Lynching: গুৱাহাটীত গণ প্ৰহাৰত মৃত্যু যুৱকৰ

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ গণ প্ৰহাৰত মৃত্যু ঘটিছে এজন যুৱকৰ (Guwahati mob lynching) ৷ গুৱাহাটীৰ ওদালবাক্ৰাৰ আদাগুদামত সংঘটিত হৈছে এই ঘটনা ৷ মৃত যুৱকজন সুনীল শৰ্মা বুলি চিনাক্ত কৰা হৈছে ৷

Dhubri Medical College: ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত MBBSৰ পাঠ্যক্ৰম আৰম্ভ

ৰাজ্যৰ নৱমখন চিকিৎসা মহাবিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল চিকিৎসা বিজ্ঞান শিক্ষাৰ পাঠ্যক্ৰম । ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে MBBSৰ পাঠ্যক্ৰম উদ্বোধন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta)। ইয়াৰ লগে লগে অসমত MBBS পাঠ্যক্ৰমত উপলব্ধ মুঠ আসনৰ সংখ্যা ১২০০ লৈ বৃদ্ধি পালে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.