ETV Bharat / state

Assam youth trapped in Kolkata: কৰ্মসংস্থাপনৰ বাবে গৈ কলকাতাত আৱদ্ধ অসমৰ 40 জনীয়া যুৱকৰ দল

author img

By

Published : Nov 17, 2022, 2:23 PM IST

এইবাৰ কলকতাৰ এটা প্ৰতিষ্ঠানত কাম দিয়াৰ প্ৰলোভনেৰে অসমৰ পৰা লৈ যোৱা 40 জনীয়া যুৱকৰ দল এটা চহৰখনত আৱদ্ধ হৈ থকাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে (4o Assam youth trapped in Kolkata)৷

4o Assam youth trapped in Kolkata
কৰ্মসংস্থাপনৰ বাবে গৈ কলকাতাত আৱদ্ধ অসমৰ 40 জনীয়া যুৱকৰ দল

মৰাণ, 17 নৱেম্বৰ: ক্ৰমাৎ বৃদ্ধি হৈছে বহিঃৰাজ্যত অসমীয়া যুৱক-যুৱতীৰ হত্যা তথা নিৰ্যাতনৰ ঘটনা (Killing and molestation of Assamese youth) ৷ এইবাৰ কলকতাৰ এটা প্ৰতিষ্ঠানত কাম দিয়াৰ প্ৰলোভনেৰে অসমৰ পৰা লৈ যোৱা 40 জনীয়া যুৱকৰ দল এটা চহৰখনত আৱদ্ধ হৈ থকাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে (4o Assam youth trapped in Kolkata)৷

জানিব পৰামতে যোৱা 9 তাৰিখে লৈ যোৱা এই 40 জনীয়া দলটোত ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত বেজপথাৰৰ ৯ জন, কাছমাৰীৰ ৬ জনৰ লগতে চৰাইদেউ, তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ যুৱক আছে ৷ এটা এজেন্সিৰ জৰিয়তে স্থানীয় যুৱক এজনৰ তত্বাৱধানত মৰাণৰ যুৱককেইজনক কলকতাত কাম দিয়াৰ প্ৰলোভনেৰে লৈ যোৱা হৈছিল বুলি যুৱককেইজনৰ আত্মীয়ই জানিবলৈ দিয়ে ৷

কৰ্মসংস্থাপনৰ বাবে গৈ কলকাতাত আৱদ্ধ অসমৰ 40 জনীয়া যুৱকৰ দল

কিন্তু তালৈ যোৱা পিছতে যুৱককেইজনক কাম দিয়াৰ দুৰৰে কথা যুৱককেইজৰ পৰা ওলোটাই ধন দাবী কৰিছিল প্ৰতিষ্ঠানটোৰ লোকে ৷ দাবী কৰা ধন পৰিশোধ কৰিলেহে যুৱককেইজনক কাম দিম বুলি জনায় প্ৰতিষ্ঠানটোৰ লোকে ৷ উল্লেখ্য যে প্ৰতিজন যুৱকৰ বিপৰীতে 12,000 টকাকৈ দিলেহে যুৱককেইজনক কৰ্মসংস্থাপন দিয়া হ’ব বুলি জনোৱাৰ পিছতে যুৱককেইজনে বিবুদ্ধিত পৰে ৷

অৱশেষত উপায়বিহীন হৈ যুৱককেইজনে ঘৰৰ লোকক ফোনযোগে সকলোবোৰ কথা অৱগত কৰে ৷ এই কথা শুনাৰ পিছতে অতিকৈ দৰিদ্ৰ পৰিয়ালৰ যুৱক সকলক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক ৷

ভয়-ভাবুকি আৰু নিৰ্যাতনৰ সন্মুখীন হোৱা যুৱকৰ দলটোক কলকাতাৰ পৰা ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ পৰিয়ালৰ লোকে অসম চৰকাৰৰ প্ৰতি আহ্বান জনায় ৷

লগতে পঢ়ক: BPF chief meets RSS leader Indresh Kumar: বিজেপিত মিলি যাব নেকি হাগ্ৰামাৰ বিপিএফ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.