BPF chief meets RSS leader Indresh Kumar: বিজেপিত মিলি যাব নেকি হাগ্ৰামাৰ বিপিএফ !

author img

By

Published : Nov 17, 2022, 1:46 PM IST

BTR chief meets RSS leader Indresh Kumar

আৰএছএছ-বিজেপিৰ নেতাৰ চৰণত ধৰি শৰণ বিচৰা হাগ্ৰামাৰ ফটোক লৈ ৰাজ্যজুৰি খলকনি(BPF leader Hagrama Mohilary) ৷ সলনি হ’ব নেকি বড়োভূমিৰ ৰাজনীতি ! পুনৰ বিটিএডিৰ শাসনৰ নেতৃত্বলৈ আহিব নেকি হাগ্ৰামা ? ইয়াকে লৈ সকলোৰে মাজত চলিছে সৰৱ চৰ্চা ৷

গুৱাহাটী, ১৭ নৱেম্বৰ: পুনৰ বিটিচিৰ ক্ষমতালৈ আহিবলৈ একপ্ৰকাৰৰ নেৰানেপেৰা চেষ্টাত ব্ৰতী হৈ আছে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ৷ এই উদ্দেশ্যৰেই বিগত প্ৰায় এমাহ ধৰি হাগ্ৰামাই বাহৰ পাতি আছে দিল্লীত ৷ বিজেপি জ্যেষ্ঠ নেতাৰ পৰা নাগপুৰৰ আৰএছএছৰ নেতালৈ কোনোফালেই চেষ্টা বাদ দিয়া নাই একালৰ বিটিএডিৰ প্ৰতাপী নেতা হাগ্ৰামা মহিলাৰীয়ে ৷

পাৱে পৰি হৰি...

আৰএছএছৰ মুখ্য কাৰ্যালয় নাগপুৰত হাগ্ৰামাই আৰএছএছ নেতাৰ চৰণ চুই সেৱা লোৱা এখন ফটোৱে বুধবাৰৰ পৰা খলকনি তুলিছে বড়োভূমিৰ লগতে সমগ্ৰ ৰাজ্যৰ ৰাজনীতিত ৷ শেহতীয়াভাৱে নাগপুৰত আৰএছএছ নেতা ইন্দ্ৰেশ কুমাৰক সাক্ষাৎ কৰি সেৱা লোৱা বিষয়টোৱে পুনৰ প্ৰাসংগিক কৰি তুলিছে হাগ্ৰামাক(BPF chief meets RSS leader Indresh Kumar) ৷ সকলোৰে মাজত চৰ্চা হৈছে সলনি হ’ব নেকি বড়োভূমিৰ ৰাজনীতি ৷ পুনৰ বিটিএডিৰ শাসনৰ নেতৃত্বলৈ আহিব নেকি হাগ্ৰামা ?

BTR chief meets RSS leader Indresh Kumar
বিজেপিত মিলি যাব নেকি হাগ্ৰামাৰ বিপিএফ !

প্ৰমোদ বড়োৰ ঠাইত পুনৰ বিটিএডিৰ শাসনৰ বাঘজৰীলৈ হাগ্ৰামা আহিব নেকি? কিয়নো বড়োভূমিৰ যোৱাটো নিৰ্বাচনত হাগ্ৰামাৰ দল বিপিএফ পৰাজিত হোৱাৰ পিছত বিজেপিৰে মিত্ৰতা কৰিবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা চলাই আহিছে হাগ্ৰামা মহিলাৰীয়ে ৷ শেহতীয়াভাৱে যোৱা এটা মাহ ধৰি বিজেপি আৰু আৰএছএছৰ কেইবাজনো শীৰ্ষ নেতাক দিল্লীত সাক্ষাৎ কৰিছে হাগ্ৰামাই ৷

BTR chief meets RSS leader Indresh Kumar
চৰণতে ধৰিছো...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একালৰ ঘনিষ্ঠ হাগ্ৰামা মহিলাৰীয়ে দিল্লীৰ পৰা মাজতে পালেগৈ নাগপুৰ ৷ তাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হাগ্ৰামাই জ্যেষ্ঠ তথা প্ৰভাৱশালী আৰএছএছ নেতা ইন্দ্ৰেশ কুমাৰক সেৱা কৰিছিল ৷ এই ফটোখনেই বুধবাৰৰ পৰা ৰাজ্যৰ ৰাজনীতিত বিশেষভাৱে চৰ্চিত হৈছে ৷ ইয়াৰ উপৰিও দিল্লীতো পৱন কুমাৰ আদি আন আৰএছএছ নেতাকো সাক্ষাৎ কৰে হাগ্ৰামাই ৷

ইফালে দিল্লীত বাহৰ পাতি নেতাজনে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষকো সাক্ষাৎ কৰিছে ৷ বি এল সন্তোষক হাগ্ৰামাই বিজেপিৰে বিপিএফৰ মিত্ৰতাৰ প্ৰস্তাৱো আগবঢ়াইছে বুলি বিশেষ সূত্ৰত প্ৰকাশ ৷ আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাতৰ অপেক্ষাও দিল্লীত বিপিএফ নেতাজনে বাহৰ পাতি থকাৰ অন্যতম কাৰণ ৷

BTR chief meets RSS leader Indresh Kumar
বিজেপিত মিলি যাব নেকি হাগ্ৰামাৰ বিপিএফ !

যদিহে হাগ্ৰামাক প্ৰমোদ বড়োৰ স্থলাভিষিক্ত কৰে তেন্তে মহিলাৰীয়ে বিজেপিত নিজৰ দলসহ মিলি যোৱাৰ বাবেও হাগ্ৰামা প্ৰস্তুত ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক লোকসভা নিৰ্বাচন ইউপিপিএলৰ সৈতে একেলগে খেলাৰ কথা ঘোষণা কৰিছে ৷ লগতে কোকৰাঝাৰৰ আসনখন ইউপিপিএলক এৰি দিয়াৰ কথাও ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ৷

এতিয়া হাগ্ৰামাই আপ্ৰাণ চেষ্টা চলাইছে, যাতে কোকৰাঝাৰ লোকসভা আসনখনত প্ৰমোদ বড়োক দিল্লীলৈ পঠিয়াব পাৰে ৷ বিপিএফক বিজেপিত বিলীন কৰি হ’লেও নিজে বড়োভূমিৰ শাসনৰ ক্ষমতাত নিজে অধিষ্ঠিত হ’বলৈ প্ৰস্তুত হাগ্ৰামা মহিলাৰী ৷ হাগ্ৰামা মহিলাৰী আৰু আৰ এছ এছ নেতাৰ ফটোখনে বড়োভূমিৰ লগতে বিপিএফৰ ভিতৰতো সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

হাগ্ৰামাৰ অতি ঘনিষ্ঠ, বিটিচিৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমান কাজলগাঁও সমষ্টিৰ MCLA পানীৰাম ব্ৰহ্মৰ তাৎপৰ্যপূৰ্ণ মন্তব্য l তেওঁৰ দাবী “কেতিয়াও বিজেপিত যোগ নকৰে হাগ্ৰামা মহিলাৰীয়ে l হাগ্ৰামা মহিলাৰী হৈছে আন্দোলন কৰি অহা জাতীয়তাবাদী ভাবধাৰাৰ নেতা l তেওঁ আৰএছএছৰ পৰা আশীৰ্বাদহে লৈছে ৷ বিজেপিৰ সৈতে পূৰ্ণাংগ মিত্ৰতাৰ এয়া এক প্ৰক্ৰিয়াহে হ’ব পাৰে l”

লগতে পঢ়ক: Assam-Mizoram discussion on Border issue: সীমা বিবাদক লৈ আজি গুৱাহাটীত অসম-মিজোৰামৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.