Dhubri Medical College: ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত MBBSৰ পাঠ্যক্ৰম আৰম্ভ

Dhubri Medical College: ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত MBBSৰ পাঠ্যক্ৰম আৰম্ভ
ৰাজ্যৰ নৱমখন চিকিৎসা মহাবিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল চিকিৎসা বিজ্ঞান শিক্ষাৰ পাঠ্যক্ৰম । ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে MBBSৰ পাঠ্যক্ৰম উদ্বোধন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta)। ইয়াৰ লগে লগে অসমত MBBS পাঠ্যক্ৰমত উপলব্ধ মুঠ আসনৰ সংখ্যা ১২০০ লৈ বৃদ্ধি পালে ।
ধুবুৰী,১৭নৱেম্বৰ:ৰাজ্যৰ নৱমখন চিকিৎসা মহাবিদ্যালয় ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল চিকিৎসা বিজ্ঞান শিক্ষাৰ পাঠ্যক্ৰম (course started in Dhubri Medical College)। এই উপলক্ষে বুধবাৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে MBBSৰ পাঠ্যক্ৰম মুকলি কৰে স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta inaugurates MBBS course)।
এই পাঠদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ প্ৰাক্ক্ষণত বুধবাৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক লৈ অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা আৰু ছাত্ৰ-ছাত্ৰীৰ শপত বাক্য পাঠ অনুষ্ঠান (Students swearing in Dhubri Medical College)।
উক্ত সভাত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু সাংসদ তথা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনীয় সমিতিৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাৰ (MP Pabitra Margherita) উপৰি দুগৰাকী বিধায়ক, অসম চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক (Director of Assam Medical College) আৰু অতিৰিক্ত সঞ্চালকৰ লগতে ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱক উপস্থিত থাকে । চিকিৎসা মহাবিদ্যালয়খনত আনুষ্ঠানিকভাৱে ২০২২-২৩ বৰ্ষৰ স্নাতক পৰ্যায়ৰ চিকিৎসা শিক্ষা পাঠ্যক্ৰম (MBBS) মুকলি কৰি মন্ত্ৰী মহন্তই কয় যে ৰাজ্যৰ এই নৱমখন চিকিৎসা মহাবিদ্যালয়ত ১০০ গৰাকী শিক্ষাৰ্থীৰে বিদ্যায়তনিক যাত্ৰাৰ শুভাৰম্ভণিয়ে ধুবুৰীবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ বাবেই নতুন আশাৰ বতৰা আনিছে । বঙাইগাঁও, মৰিগাঁও, ধেমাজি আৰু গোলাঘাটত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা আন চাৰিখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা অহা ডিচেম্বৰৰ প্ৰথম ভাগতে স্থাপন কৰা হ’ব বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত ঘোষণা কৰে ।
উল্লেখ্য় যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (President Draupadi Murmu)যোৱা ১৪ অক্টোবৰত গুৱাহাটীৰ আইআইটিত আয়োজিত এক অনুষ্ঠানৰ মঞ্চৰ পৰা ভাৰ্চুৱেলী ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (Dhubri Medical College) উদ্বোধন কৰিছিল । ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত পাঠদান মুকলি হোৱাৰ লগে লগে অসমত MBBS পাঠ্যক্ৰমত উপলব্ধ মুঠ আসনৰ সংখ্যা ১২০০ লৈ বৃদ্ধি পালে ।
লগতে পঢ়ক:Dangerous communication on the river: চিলে নদীৰ মাজেৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা
