ETV Bharat / state

Wild elephant terror: বন্যহস্তীক লৈ আতংকিত বঢ়মপুৰৰ বালিজুৰিবাসী

author img

By

Published : Nov 17, 2022, 1:54 PM IST

নগাঁৱৰ বঢ়মপুৰৰ বালিজুৰিত বন্যহস্তীৰ আতংক (Wild elephant scare at Balijuri)। গধূলি হ'লেই শ শ হাতী প্ৰৱেশ কৰে ধাননি পথাৰত । স্থানীয় লোকে ফটকা ফুটাই, জুই জ্বলাইও হাতী খেদাত ব্যৰ্থ হৈছে । বন বিভাগৰ ভূমিকাত অসন্তুষ্ট অঞ্চলটোৰ ৰাইজ ।

Wild elephant terror
বন্যহস্তীক লৈ আতংকিত বঢ়মপুৰৰ বালিজুৰিবাসী

চামগুৰি,১৭ নৱেম্বৰ : নগাঁও জিলাৰ বঢ়মপুৰৰ বালিজুৰিত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Wild elephant menace in Nagaon)। বিয়লি হ'লেই বালিজুৰিৰ ডাক্টৰ বাগানৰ সমীপৰ হস্তীদণ্ডীৰে ভৈয়ামৰ পথাৰলৈ নামি আহে শ শ বন্যহস্তী । যাৰ বাবে আঘোণৰ পথাৰৰ সোণগুটি চপাবলৈ আশাৰে বাট চাই থকা কৃষকসকল এতিয়া শংকিত হৈ পৰিছে । কিয়নো গধূলিতে বালিজুৰিৰ বিশাল ধননি পথাৰলৈ নামি যোৱাৰ চেষ্টা চলায় বন্যহস্তীৰ জাকে ।

বিপদসংকুলভাৱে আতংকিত কৃষক তথা স্থানীয় ৰাইজে আতচবাজী ফুটাই বা জুই জ্বলাই ধাননি পথাৰত হাতীৰ জাকক প্ৰৱেশত বাধা প্ৰদান কৰা দেখা গৈছে । বন্যহস্তীৰ আতংকত নিশা উজাগৰে কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । কিন্তু এই ক্ষেত্ৰত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ হৈছে স্থানীয় ৰাইজ ।

ইয়াৰ বিপৰীতে কেইজনমান মাত্ৰ বনকৰ্মীয়ে কেইঘণ্টামানৰ বাবে আহি বৃহৎ সংখ্যক হাতী খেদিবলৈ চেষ্টা চলাইছে । যাৰ বাবে বন বিভাগৰ ওপৰত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । উপায়হীন একাংশ স্থানীয় কৃষক ৰাইজে চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অঞ্চলটোৰ বাবে সৰহ সংখ্যক বনকৰ্মী মোতায়েন কৰিবলৈ কাতৰ আহ্বান জনাইছে ।

উল্লেখ্য যে ৰাজ্যৰ বহু স্থানত খেতিয়কে বৰ্তমান ধান চপাইছে । কোনো কোনো স্থানত ধানবোৰ পকি উঠিছে যদিও কাটিবলৈ এতিয়াও বাকী আছে । এনে সময়তে প্ৰতিবছৰে পাহাৰৰ পৰা বনৰীয়া হাতীয়ে জনাঞ্চললৈ আহে । খাদ্যৰ সন্ধানত অহা হাতীয়ে প্ৰায়ে ধান খোৱাৰ লগতে খেতি পথাৰবোৰ নষ্ট কৰে (Wild elephant terror)।

নগাঁও জিলাৰ বঢ়মপুৰ, চামগুৰিকে ধৰি বিভিন অঞ্চলত প্ৰতি বছৰে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱা দেখা যায় । খেতিয়কে অতি কষ্টৰে কৰা শস্য খাই তহিলং কৰে বনৰীয়া হাতীয়ে (Wild elephants destroyed crop fields)। বঢ়মপুৰৰ বালিজুৰিতো হস্তীদণ্ডীৰে ভৈয়ামৰ পথাৰলৈ এইবাৰো নামি আহিছে শ শ সৰু-বৰ হাতী । যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে বালিজুৰিবাসী । বন বিভাগে কৃষক ৰাইজৰ সহায়ৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক :Fire at Rangia: ৰঙিয়াৰ ম’হখলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.