ETV Bharat / state

Guwahati Mob Lynching: গুৱাহাটীত গণ প্ৰহাৰত মৃত্যু যুৱকৰ

author img

By

Published : Nov 17, 2022, 12:36 PM IST

Updated : Nov 17, 2022, 1:47 PM IST

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ গণ প্ৰহাৰত মৃত্যু ঘটিছে এজন যুৱকৰ (Guwahati mob lynching) ৷ গুৱাহাটীৰ ওদালবাক্ৰাৰ আদাগুদামত সংঘটিত হৈছে এই ঘটনা ৷ মৃত যুৱকজন সুনীল শৰ্মা বুলি চিনাক্ত কৰা হৈছে ৷

mob lynching
mob lynching

গুৱাহাটী, ১৭ নৱেম্বৰ : কাৰ্বি আংলঙৰ ডকমকাৰ তেজলগা অতীত এতিয়াও পাহৰিব পৰা নাই মানুহে (Karbi Anglong mob lynching case) । এদল নৰপিশাচৰ হাতত অকালতে প্ৰাণ হেৰুৱাবলগা হৈছিল দুগৰাকীকৈ যুৱ প্ৰতিভা অভি-নীলে । নৰখাদক সদৃশ এদল লোকৰ জিঘাংসাৰ বলি হৈছিল গুৱাহাটীৰ অভিজিত নাথ আৰু নীলোৎপল দাসে (Abhi Neel murder case) ।

অভি-নীলৰ উক্ত হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই । তাৰ মাজতে ৰাজ্যত সংঘটিত হৈছে আন এক গণ প্ৰহাৰৰ ঘটনা (Guwahati mob lynching) । এইবাৰ খোদ গুৱাহাটী মহানগৰীতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ গুৱাহাটীত এদল উন্মাদ লোকৰ গণ প্ৰহাৰত মৃত্যু ঘটিছে এজন যুৱকৰ (one died in Guwahati mob lynching) ৷

গুৱাহাটীত গণ প্ৰহাৰত মৃত্যু যুৱকৰ

গুৱাহাটীৰ ওদালবাক্ৰাৰ আদাগুদামত সংঘটিত হৈছে এই ঘটনা ৷ গণ প্ৰহাৰত মৃত্যু হোৱা যুৱকজনক সুনীল শৰ্মা বুলি চিনাক্ত পৰা হৈছে ৷ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত যুৱকজন আদাগুদামৰ এঘৰৰ চৌহদত দেৱাল পাৰ হৈ প্ৰৱেশ কৰিছিল ৷ তাৰ পিছতে স্থানীয় প্ৰায় ৫০-৬০ জন লোকে তেওঁক ঘেৰি ধৰে আৰু উত্তম-মধ্যম দিবলৈ আৰম্ভ কৰে ৷ ফলত যুৱকজনৰ অৱস্থা সংকটতজনক হৈ পৰে ।

পিছত মুমূৰ্ষু অৱস্থাত ফটাশিল আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) ভৰ্তি কৰায় । কিন্তু জিএমচিএইচত ইতিমধ্যে গণ প্ৰহাৰত গুৰুতৰভাৱে আহত সুনীল শৰ্মা নামৰ যুৱকজনৰ পুৱা প্ৰায় ৮ বজাত মৃত্যু ঘটে ৷ আদাগুদামৰ কোনো লোকৰ ঘৰত চুৰি কৰাৰ উদ্দেশ্যৰেই সুনীল শৰ্মাই প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে ৷

উল্লেখ্য, মঙলবাৰে সন্ধিয়া একে ধৰণৰ ঘটনা সংঘটিত হয় মৰাণত (Moran mob lynching) । গণ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় মৃণাল চাংমাই নামৰ এজন যুৱক । দুৰ্বৃত্তৰ দলে নিৰ্বিচাৰে প্ৰহাৰ কৰে মৃণাল চাংমাইক । কেৱল প্ৰহাৰ কৰাই নহয়, মৃণাল চাংমাইৰ পৰা কাঢ়ি নিয়ে মোবাইল ফোন আৰু চেইনো । গুৰুতৰভাৱে আহত যুৱকজনক পিছত উদ্ধাৰ কৰি মৰাণ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় । ইতিমধ্যে এই ঘটনাৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰিছে মৰাণহাট আৰক্ষীয়ে ।

লগতে পঢ়ক :Nalbari road accident: নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 5 জন

Last Updated :Nov 17, 2022, 1:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.