ETV Bharat / state

Asomiya yuva manch protest: আমগুৰিত অসমীয়া যুৱ মঞ্চৰ পথ অৱৰোধ

author img

By

Published : Nov 17, 2022, 2:29 PM IST

Asomiya yuva manch protest
আমগুৰিত অসমীয়া যুৱ মঞ্চৰ পথ অৱৰোধ

আমগুৰিত উত্তাল প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ ৷ প্ৰায় আধাঘণ্টা ধৰি পথ অৱৰোধ প্ৰতিবাদকাৰীৰ (Asomiya yuva manch protest at Amguri) ৷ চাৰিলেনযুক্ত পথৰ বাবে মাটি যোগান ধৰা ডাম্পাৰৰ উপদ্ৰৱৰ বিৰুদ্ধে এই প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ ৷

আমগুৰি, ১৭ নৱেম্বৰ: শিৱসাগৰ জিলাৰ আমগুৰিত বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই(Asomiya yuva manch protest at Amguri) ৷ অসমীয়া যুৱ মঞ্চৰ আমগুৰিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি চৌদিশ উত্তাল কৰি তোলে ৷ চাৰিলেনযুক্ত পথৰ বাবে মাটি যোগান ধৰা ডাম্পাৰৰ উপদ্ৰৱৰ বিৰুদ্ধে এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয় (Road blocked by Asomiya yuva manch) ৷

আমগুৰিত অসমীয়া যুৱ মঞ্চৰ পথ অৱৰোধ

অসমীয়া যুৱ মঞ্চই প্ৰায় আধাঘণ্টা ধৰি পথ অৱৰোধ কৰাৰ ফলত আমগুৰি নগৰত ব্যাপক যান-জঁটৰ সষ্টি হয় ৷ এই সন্দৰ্ভত কিছুদিন পূৰ্বে জিলা প্ৰশাসনক স্মাৰক পত্ৰও প্ৰদান কৰিছিল সংগঠনটোৱে ৷ উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা দিনৰ ভাগতে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে মাটি কঢ়িয়াবলৈ অনুমতি প্ৰদান কৰিছিল জিলা প্ৰশাসনে ৷

দৈনিক শতাধিক ডাম্পাৰেৰে মাটি কঢ়িওৱাৰ ফলত আমগুৰি নগৰত ব্যাপক যানজঁট সৃষ্টি হোৱাৰ উপৰি বহুকেইটা গুৰুতৰ দুৰ্ঘটনা সংঘটিত হৈছিল ৷ অসমীয়া যুৱ মঞ্চই দিনৰ পৰিৱৰ্তে নিশা আঠ বজাৰ পৰা পুৱা সাত বজালৈকে ডাম্পাৰসমূহক চলাচলৰ বাবে অনুমতি প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছিল ৷

জিলা প্ৰশাসনে ৰাইজৰ স্বাৰ্থক গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে সংগঠনটোৱে ৷ যাৰ বাবে বৃহস্পতিবাৰ সংগঠনটোৰ নেতৃবৃন্দই এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ শীঘ্ৰেই জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব প্ৰদান নকৰিলে আমগুৰিবাসীৰ স্বাৰ্থত ইয়াতকৈও জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে সংগঠনটোৱে ৷

লগতে পঢ়ক: Anganwadi workers protest: অংগনৱাড়ী কেন্দ্ৰ একত্ৰীকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত লখিমপুৰতো অংগনৱাড়ী সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.