ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 7, 2022, 7:01 PM IST

TOP 10 AT 7PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ছাত্রৰ আধিপত্য

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১,৮৮,৫৭০ জন ছাত্ৰ আৰু ২,১৭,০১২ গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল । ছাত্ৰীৰ তুলনাত এইবাৰ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ অধিক। এইবাৰ ৫৮.৮০ শতাংশ ছাত্ৰ উত্তীৰ্ণ হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৪.৪৯ শতাংশ । ৪,২৯৯ জন ছাত্ৰই ডিষ্টিংছন পোৱাৰ বিপৰীতে ৪,০৭৪ গৰাকী ছাত্ৰীয়ে লাভ কৰিছে ডিষ্টিংছন । শীৰ্ষৰ ১০ টা স্থান লাভ কৰিলে ৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ।

মেট্ৰিক পৰীক্ষাৰ ফলাফলঃ তিনি বছৰ পাছত হ্ৰাস পালে উত্তীৰ্ণৰ হাৰ

উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ । ক'ভিডৰ পাছত এইবাৰ পাঠ্যক্ৰম কিছু হ্ৰাস কৰি পৰীক্ষা অনুষ্ঠিত কৰা হয় যদিও উত্তীৰ্ণৰ হাৰ হ্ৰাস পায় । বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৯৩.১০ শত‍াংশ । ২০২০ চনত ৬৪.৮০ শত‍াংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২০১৯ চনত উত্তীৰ্ণ হৈছিল ৬০.২৩ শতাংশ । এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫.৪৬ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত আছে ধেমা

নচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰসহ লাভ কৰিলে প্ৰথম বিভাগ

পুত্ৰৰ সাফল্যত গৰ্বিত পিতৃ অখিল গগৈ । পুত্ৰৰ সাফল্যক লৈ তেওঁ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে সামাজিক মাধ্যমত । বহু প্ৰত্যাহ্বানৰ অন্তত নচিকেতাই আজি মেট্ৰিক পাছ কৰিলে । জনালে সকলোকে কৃতজ্ঞতা ।

HSLC Exam results 2022 : প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দশম স্থান প্ৰাপ্ত এনিকংকনা গগৈৰ

ডিব্ৰুগড়ৰ টেঙাখাতত এক উৎসৱমুখৰ পৰিৱেশ । টেঙাখাতৰ এনিকংকনা গগৈয়ে অসমৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হয় (Anikankana Gogoi secure 10th rank in HSLC Exam)। টেঙাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰী এনিকংকনাই ৫৮৮ নম্বৰ লাভ কৰি এই সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় ।

প্ৰথম দহটা স্থানত জিলিকিল শিৱসাগৰৰ ছগৰাকী শিক্ষাৰ্থী

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ জিলাৰ পৰা দশম স্থান লাভ কৰে জিলাখনৰ দুগৰাকী শিক্ষার্থীয়ে (HSLC result 2022)। শিৱসাগৰ নগৰৰ শ্ৰী সুন্দৰমল মৰ্ডান স্কুলৰ ছাত্ৰ হিমাংশু দাস আৰু ৰক্তোপল বৰুৱাই ৫৮৮ নম্বৰৰ সৈতে দশম স্থান দখল কৰিছে (Sivsagar district HSLC result)। জিলাখনৰ ৬ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত ৬ টা দখল কৰিবলৈ সক্ষম হৈছে ।

HSLC Exam 2022: শীর্ষ স্থানত উজলিল লখিমপুৰৰ ৰক্তোৎপল শইকীয়া

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষ স্থান দখলৰ ধাৰাবাহিকতা অব্যাহত আছে লখিমপুৰ জিলাত ৷ পূৰ্বৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হ’ল লখিমপুৰৰ ছাত্ৰই ৷ ৰাজ্যৰ ভিতৰতে শীর্ষ স্থান লাভ কৰে লখিমপুৰৰ ৬ নং ৱাৰ্ড নিবাসী দীপ শইকীয়া আৰু অৰুন্ধতী শইকীয়াৰ পুত্ৰ তথা চেইন্ট মেৰিজ স্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়া (Raktotpal Saikia secure 1st rank in HSLC Exam)।

Road accident in Rajasthan : ৰাজস্থানৰ শোকাৱহ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৮ জন সদস্যৰ মৃত্যু

সোমবাৰে গুদামালানি মেগা ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in Rajasthan)। এছইউভি আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত ৮ গৰাকী লোকৰ মৃত্যু । সংকটজনক অৱস্থাত দুগৰাকী লোকক চিকিৎসালয়ত ভৰ্তি ।

অভিযন্তা হোৱাৰ সপোন দশম স্থান পোৱা গুৱাহাটীৰ মায়ংক আগৰৱালাৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC exam results 2022) অনুযায়ী কামৰূপ মহানগৰ জিলাৰ ছাত্ৰীবাৰীত থকা নিকলচ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ মায়ংক আগৰৱালাই দশম স্থান অধিকাৰ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে (Mayank Agarwal secure 10th rank in HSLC Exam)। পানবজাৰ নিবাসী মহেশ আগৰৱালা আৰু লক্ষ্মী আগৰৱালাৰ পুত্ৰ মায়ংক আগৰৱালাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৮৮ নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰিছে ।

HSLC Exam result 2022: মাজুলীলৈ গৌৰৱ কঢ়িয়ালে অনুৰাগে

মাজুলীত আনন্দৰ বন্যা ৷ ঢোল-পেঁপাৰ মাত ৰজনজনাইছে মাজুলীৰ আকাশ-বতাহ ৷ আজি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৮৮ নম্বৰেৰে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ অনুৰাগ বৰাই (Anurag Bora secure 10st rank in HSLC Exam) ৷ অমৃত বৰা আৰু ৰশ্মিৰেখা বৰাৰ প্ৰথম সন্তান অনুৰাগৰ এই সফলতাত আজি উৎফুল্লিত হৈ পৰিছে ঘৰখনৰ লগতে অঞ্চলবাসী ।

পাছিঘাটত ভয়ংকৰ ভূমিস্খলন : মাটিত পোত গ’ল শতাধিক বাহন

ডিমা হাছাওক তচনচ কৰাৰ পিছতে এইবাৰ প্ৰকৃতিয়ে নিষ্ঠুৰ ৰূপ ল’লে অৰুণাচলৰ পাছিঘাটত ৷ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে পাছিঘাটত (Massive landslide in Pasighat) ৷ সোমবাৰে পাছিঘাট আৰু পংগিং সংযোগী ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন হৈ শতাধিক বাহন পোত যায় ৷ ৰাজপথতেই যান-বাহন এৰি যেনেতেনে প্ৰাণ ৰক্ষা কৰে আৱদ্ধ যাত্ৰীসকলে । ভূমিস্খলনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটোত যাতায়তত ব্যাঘাত জন্মিছে ৷ এই ঘটনাত এজন আহত হৈছে বুলি জানিব পৰা গৈছে (One person injured)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.