ETV Bharat / state

মেট্ৰিক পৰীক্ষাৰ ফলাফলঃ তিনি বছৰ পাছত হ্ৰাস পালে উত্তীৰ্ণৰ হাৰ

author img

By

Published : Jun 7, 2022, 3:31 PM IST

উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ । ক'ভিডৰ পাছত এইবাৰ পাঠ্যক্ৰম কিছু হ্ৰাস কৰি পৰীক্ষা অনুষ্ঠিত কৰা হয় যদিও উত্তীৰ্ণৰ হাৰ হ্ৰাস পায় । বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৯৩.১০ শত‍াংশ । ২০২০ চনত ৬৪.৮০ শত‍াংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২০১৯ চনত উত্তীৰ্ণ হৈছিল ৬০.২৩ শতাংশ । এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫.৪৬ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত আছে ধেমাজি জিলা ।

মেট্ৰিক পৰীক্ষাৰ ফলাফলঃ তিনি বছৰ পাছত হ্ৰাস পালে উত্তীৰ্ণৰ হাৰ
মেট্ৰিক পৰীক্ষাৰ ফলাফলঃ তিনি বছৰ পাছত হ্ৰাস পালে উত্তীৰ্ণৰ হাৰ

গুৱাহাটী,7 জুনঃ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই আজি ২০২২ বৰ্ষৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে । ঘোষিত ফলাফল অনুসৰি উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ । বিগত তিনি বছৰৰ পাছত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে (HSLC Result Pass rate falling down after three years) । বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৯৩.১০ শত‍াংশ । অৱশ্যে ২০২১ বৰ্ষত ক'ভিডৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণা কৰাৰ বাবে উত্তীৰ্ণৰ হাৰে অভিলেখ সৃষ্টি কৰিছিল ।

ক'ভিডৰ পাছত এইবাৰ পাঠ্যক্ৰম কিছু হ্ৰাস কৰি পৰীক্ষা অনুষ্ঠিত কৰা হয় যদিও উত্তীৰ্ণৰ হাৰ হ্ৰাস পায় । অৱশ্যে ক'ভিড পৰিস্থিতিৰ বাবে পাঠদান ব্যাহত হোৱাকে ধৰি বিভিন্ন কাৰণত এইবাৰ ফলাফল তুলনামূলকভাৱে বেয়া হোৱা বুলি ধাৰণা কৰা হৈছে । বিগত ১০ বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফললৈ লক্ষ্য কৰিলে দেখা যায় যে বিগত তিনি বছৰৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে ।

২০২০ চনত ৬৪.৮০ শত‍াংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২০১৯ চনত ৬০.২৩ শতাংশ, ২০১৮ চনত ৫৬.০৪ শতাংশ, ২০১৭ চনত ৪৭.৯৪ শতাংশ, ২০১৬ চনত ৬২.৭৯ শতাংশ, ২০১৫ চনত ৬২.২০ শতাংশ, ২০১৪ চনত ৬১.৪২ শতাংশ আৰু ২০১৩ চনত ৭০.৭১ শত‍াংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছিল । উল্লেখ্য যে এইবাৰ ৰাজ্যত মুঠ ৪,০৫,৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ভিতৰত ২,১৭,০১২ গৰাকী ছাত্ৰী আৰু ১,৮৮,৫৭০ জন ছাত্ৰ ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,০৫,৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মুঠ ২,২৯,১৩১ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় । উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত ৬৫,১৭৬ গৰাকীয়ে প্ৰথম বিভাগত, ৯৯,৮৫৪ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৬৪,১০১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । চলিত বৰ্ষৰ পৰীক্ষাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৮.৮০ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৪.৪৯ শতাংশ ।

লগতে পঢ়ক: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা : উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ

ইফালে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫.৪৬ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত আছে ধেমাজি জিলা । ধেমাজিৰ মুঠ ১৩,৪৫২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১১,৪৯৬ গৰাকী উত্তীৰ্ণ হয় । ইয়াৰ ভিতৰত প্ৰথম বিভাগত ২৭১৩ গৰাকী, দ্বিতীয় বিভাগত ৫৬৭৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৩১০৯ গৰাকী পৰীক্ষাৰ্থী । আনহাতে ৩৪.২৭ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তালিকাৰ শেষত আছে চিৰাং জিলা । জিলাখনত এইবাৰ মুঠ ৮,৩৬০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰ ভিতৰত ২৮৬৫ গৰাকীয়ে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় । প্ৰথম বিভাগত ৭৪৯ গৰাকী, দ্বিতীয় বিভাগত ১৪৬২ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৬৫৪ গৰাকী পৰীক্ষাৰ্থী ।

আনহ‍াতে বৰপেটা জিলাত ৭০.০৭ শতাংশ, বঙাইগাঁৱত ৪৩.০৫ শতাংশ, বাক্সাত ৬৬.৫৯ শতাংশ, কাছাৰত ৪৩.০৩ শতাংশ, ধুবুৰীত ৪৮.১৪ শতাংশ, দৰঙত ৬৯.০৭ শতাংশ, ডিব্ৰুগড়ত ৫৩.৭৯ শতাংশ, গোৱালপাৰাত ৪১.২০ শতাংশ, গোলাঘাটত ৬০.২৬ শতাংশ, হাইলাকন্দিত ৪৮.৮৯ শতাংশ, যোৰহাটত ৬২. ৯০ শতাংশ, কামৰূপ গ্ৰাম্যত ৬৪.৯০ শত‍াংশ, কাৰ্বি আংলঙত ৪৯.৯২ শত‍াংশ, কৰিমগঞ্জত ৪৭.২০ শতাংশ, কোকৰাঝাৰত ৪৭.৪০ শতাংশ, লখিমপুৰত ৭৫.৬২ শতাংশ, মৰিগাঁৱত ৫৯.৬৯ শতাংশ, নগাঁৱত ৪৮.৪৫ শতাংশ, নলবাৰীত ৭৯.১৭ শত‍ংশ, ডিমা হাচাওত ৮১.৩১ শতাংশ, শিৱসাগৰত ৮১.১৭ শতাংশ, শোণিতপুৰত ৪৮.৬৬ শতাংশ, তিনিচুকীয়াত ৪৬.০৯ শতাংশ, ওদালগুৰিত ৪৬.৫০ শতাংশ, কামৰূপ মেট্ৰ'ত ৬৩.১২ শতাংশ, বিশ্বনাথত ৫১.৫৮, চৰাইদেউত ৪৮.১৪, হোজাইত ৩৭.২৯ শতাংশ, মাজুলীত ৭০.৩৩ শতাংশ, দক্ষিণ শালমাৰাত ৫৮.২৫ শতাংশ আৰু পশ্চিম কাৰ্বিআংলঙ জিলাত ৪২.৭১ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ।

লগতে পঢ়ক: HSLC result 2022 : শীৰ্ষ দহটা স্থান দখল 55 গৰাকী শিক্ষাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.