ETV Bharat / state

নচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰসহ লাভ কৰিলে প্ৰথম বিভাগ

author img

By

Published : Jun 7, 2022, 4:25 PM IST

Updated : Jun 7, 2022, 8:30 PM IST

পুত্ৰৰ সাফল্যত গৰ্বিত পিতৃ অখিল গগৈ । পুত্ৰৰ সাফল্যক লৈ তেওঁ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে সামাজিক মাধ্যমত । বহু প্ৰত্যাহ্বানৰ অন্তত নচিকেতাই আজি মেট্ৰিক পাছ কৰিলে । জনালে সকলোকে কৃতজ্ঞতা (Akhil Gogoi expresses gratitude to everyone for his sons success)।

নচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰসহ লাভ কৰিলে প্ৰথম বিভাগ
নচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰসহ লাভ কৰিলে প্ৰথম বিভাগ

গুৱাহাটী, ৭ জুনঃ বহু দুৰ্যোগ সন্মূখৰ পৰা প্ৰত্যক্ষ কৰি ডাঙৰ-দীঘল হোৱা নচিকেতা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । নচিকেতা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ পুত্ৰ ৷ গুৱাহাটীৰ নুনমাটিস্থ অসম জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা নচিকেতাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে । ৬৩ শতাংশ নম্বৰ লাভ কৰা নচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰো লাভ কৰিছে ।

উল্লেখ্য যে কৃষক নেতা অখিল গগৈৰ পুত্ৰ নচিকেতা অত্যন্ত মেধাৱী ছাত্ৰ যদিও পিতৃৰ ওপৰত চলা উপৰ্যুপৰি চৰকাৰী নিৰ্যাতনৰ বাবে বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰৰ বাধাৰ সৃষ্টি হোৱাই নহয় অধ্যয়নৰ ক্ষেত্ৰতো এসময়ত বিৰাগ ভাৱ সৃষ্টি হৈছিল । ইয়াকে লৈ পৰিয়াল তথা শুভাকাংক্ষী চিন্তিত হৈছিল । অৱশেষত নচিকেতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল দেখুৱাবলৈ সক্ষম হয় । পুত্ৰৰ এই সাফল্যত গৰ্বিত পিতৃ অখিল গগৈ (Akhil Gogoi proud of son success) ।

পুত্ৰৰ সাফল্যক লৈ তেওঁ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে সামাজিক মাধ্যমত । ফেচবুকত তেওঁ লিখিছে -'বেটালৈ অভিনন্দন ৷ মোৰ বেটাৰ নাম কুটুলু, নচিকেতা । বহু প্ৰত্যাহ্বানৰ অন্তত সি আজি মেট্ৰিক পাছ কৰিলে । বেটালৈ অভিনন্দন জনালো । ২০১৯ চনৰ ১২ ডিচেম্বৰৰ পৰা মই ২০২১ চনৰ ১ জুলাই পৰ্যন্ত “কা”ৰ বিৰোধিতা কৰি প্ৰায় ১ বছৰ ৭ মাহ কাৰাৰুদ্ধ আছিলোঁ । সেই সময়খিনিত মোৰ বেটাই স্কুল যাব পৰা নাছিল ।

লগতে পঢ়ক: অভিযন্তা হোৱাৰ সপোন দশম স্থান পোৱা গুৱাহাটীৰ মায়ংক আগৰৱালাৰ

মানসিকভাৱে ভাগি পৰিছিল সি । মই জেইলৰ পৰা ওলোৱাৰ পাছতো সি চৰম হতাশাত কাল কটাবলগীয়া হৈছিল । পৰীক্ষা দিব নে নিদিয়ে সেয়াই হৈ পৰিছিল মূল কথা । অৱশেষত সি পৰীক্ষাটো দিলে । নৱম আৰু দশম শ্ৰেণীত এদিনো ক্লাছ নকৰাকৈ সি পৰীক্ষাটো দিলে । মাকে পঢ়ি দিয়া অংক, বিজ্ঞান আৰু অন্যান্য বিষয়ৰ পাঠ্যক্ৰমত সি অৱশেষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত এটা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হ'ল ।

এইয়া মোৰ বাবে এটা সপোনৰ নিচিনা । যোৱাৰাতি মই চকুৰে এটাও টিপ মৰা নাছিলোঁ । উজাগৰে আছিলোঁ সমগ্ৰ ৰাতি । আছিল কেৱল টেনশ্যন , টেনশ্যন আৰু টেনশ্যন । কিন্তু সি পৰীক্ষাটো পাছ কৰিলে । এইয়া আমাৰ বাবে, আমাৰ পৰিয়ালৰ বাবে চৰম প্ৰাপ্তি । বেটাৰ সমানে সমানে মই মাকলৈও অভিনন্দন জনালোঁ । গীতাশ্ৰীৰ ত্যাগ অবিহনে এইয়া সম্ভৱ নহ'লহেতেঁন ।

বেটা যিখন বিদ্যালয়ত পঢ়িছিল, অসম জাতীয় বিদ্যালয়, নুনমাটিৰ সকলো শিক্ষাগুৰু আৰু পৰিচালনা সমিতিলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । আমাৰ চৰম দুৰ্যোগৰ সময়ত তেখেতসকলে আমাৰ সৈতে যি সহযোগিতা আগবঢ়ালে, নহ'লে আজি বেটাৰ পৰীক্ষা দিয়া নহ'লগৈহেঁতেন । যিসকল শুভাকাংক্ষীয়ে আজি আমাৰ চৰম সুখৰ এই সময়খিনিত খা-খবৰ ল'লে, সমভাগী হ'ল তেখেতসকললৈ আন্তৰিক কৃতজ্ঞতা জনালোঁ ।

আমাৰ জীৱনৰ সেই দুৰ্যোগৰ সময়ত দুখৰ সমভাগী হোৱা প্ৰতিজন মহানুভৱলৈ এই মুহূৰ্তত মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলো । পুনৰ অভিনন্দন, বেটা । ভৱিষ্যতৰ দিনবোৰ এতিয়া তোমাৰ ওপৰত নিৰ্ভৰশীল । শুভেচ্ছা জনালোঁ ভৱিষ্যতলৈ ।'

লগতে পঢ়ক: প্ৰথম দহটা স্থানত জিলিকিল শিৱসাগৰৰ ছগৰাকী শিক্ষাৰ্থী

Last Updated :Jun 7, 2022, 8:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.