অভিযন্তা হোৱাৰ সপোন দশম স্থান পোৱা গুৱাহাটীৰ মায়ংক আগৰৱালাৰ

By

Published : Jun 7, 2022, 3:46 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

মঙলবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC exam results 2022) অনুযায়ী কামৰূপ মহানগৰ জিলাৰ ছাত্ৰীবাৰীত থকা নিকলচ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ মায়ংক আগৰৱালাই দশম স্থান অধিকাৰ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে (Mayank Agarwal secure 10th rank in HSLC Exam)। পানবজাৰ নিবাসী মহেশ আগৰৱালা আৰু লক্ষ্মী আগৰৱালাৰ পুত্ৰ মায়ংক আগৰৱালাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৮৮ নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰিছে । মায়ংক আগৰৱালাৰ সাফল্যত বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । মায়ংক আগৰৱালাৰ সাফল্যত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উৎফুল্লিত হৈ পৰা দেখা গৈছে । ই টিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত দশম স্থান পোৱা মায়ংক আগৰৱালাই কয় যে তেওঁ প্ৰথমতে স্থান পোৱাৰ কোনো পৰিকল্পনা কৰা নাছিলো । কিন্তু পৰৱৰ্তী সময়ত স্থান লাভৰ সপোন দেখিছিল । মায়ংক আগৰৱালাই বিদ্যালয়খনতে বিজ্ঞান শাখাত নামভৰ্তি কৰি ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব বুলি জানিবলৈ দিয়ে । আনহাতে বিদ্যালয়খনৰ শিক্ষক প্ৰসন্ন বৰাই কোৱা মতে মায়ংক আগৰৱালাই স্থান পাব বুলি তেওঁলোকৰ বিশ্বাস আছিল । মায়ংক আগৰৱালাৰ ফলাফলত যথেষ্ট আনন্দিত তেওঁৰ পৰিয়াল । বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে এইবাৰ বিদ্যালয়খনৰ পৰা ১৩৩ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈছিল‌ ইয়াৰে ১৩২ গৰাকী উত্তীৰ্ণ হৈছে । ইয়াৰে ৯৫ গৰাকী প্ৰথম বিভাগত, ১৭ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে । আনহাতে ৮ গৰাকীয়ে উচ্চ গণিতত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.